দাদা মাছিটি مانا ستي حبيب جمال الدين | |
---|---|
জন্ম | মানা ছিট্টি হাবিব জামালাদ্দিন প্ৰায়১৮১০ বৰৱা, ছোমালিয়া |
মৃত্যু | ১৫ জুলাই, ১৯১৯ বৰৱা, ছোমালিয়া |
পেচা | কবি, ইছলামিক বিদূষী মহিলা |
দাদা মাছিটি, (ইংৰাজী: Dada Masiti) প্ৰকৃত নাম: মানা ছিত্তী হাবিব জামালাদ্দিন, জন্ম আনুমানিক ১৮১০ চন আৰু মৃত্যু ১৫ জুলাই, ১৯১৯,[1]), এগৰাকী চোমালি কবি, ৰহস্যবাদী আৰু ইছলামিক বিদূষী মহিলা আছিল। বৰাৱাত প্ৰচলিত কথিত ভাষা ব্ৰাভানিজ উপভাষাত তেওঁ কবিতা ৰচনা কৰিছিল।[2] তেওঁ দাদা মাছিটি নামে জনাজাত আছিল, যাৰ অৰ্থ আইতা মাছিটি৷
দাদা মাছিটিৰ জন্ম হৈছিল ১৮১০ চনত দক্ষিণ ছোমালিয়াৰ উপকূলীয় চহৰ বাৰাৱা (ব্ৰাভা)ত৷ জন্ম নাম আছিল, মানা ছিত্তী হাবিব জামালাদ্দিন। তেওঁৰ পিতৃ-মাতৃ দুয়োপক্ষৰ পৰিয়াল আছিল মহাদালী আশ্ৰফ বংশৰ। মাকৰ ফালৰ পৰা ককাদেউতাক আছিল আলী নাজিৰী আশ্ৰাফ, যিয়ে সেই অঞ্চলটোত অধিক আধিপত্যৰে প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু দুয়োটা উপ-গোত্ৰৰ ভিতৰত শ্ৰেষ্ঠ আছিল। আশ্ৰাফে প্ৰথমে ১৬০০ চনৰ আৰম্ভণিতে বাৰাৱাত বসতি স্থাপন কৰিছিল আৰু শেষত তেওঁলোকৰ বংশৰ সূত্ৰপাত হজৰত মহম্মদৰ পৰাই আৰম্ভ হোৱা বুলি দাবী কৰিছিল। এই ক্ষেত্ৰত অন্যান্য ছোমালি বংশৰ দাবীৰ দৰেই এই কথিত বংশাৱলীও ঐতিহাসিকভাৱে অসহনীয়।[3]
দাদা মাছিটিৰ জীৱনৰ আদি কালছোৱাৰ বিষয়ে যিখিনি জনা যায়, সেয়া একান্তভাৱে বিভিন্ন মৌখিক পৰম্পৰাৰ পৰাই সম্ভৱ হৈছে।[2] তেওঁৰ ওচৰৰ আত্মীয়ৰ বংশধৰসকলৰ পৰা প্ৰাপ্ত তথ্যসমূহে ইংগিত দিয়ে যে, তেওঁক অপহৰণ কৰি জাঞ্জিবাৰলৈ লৈ যোৱা হৈছিল। অপহৰণ হোৱাৰ সময়ত তেওঁ কিশোৰী আছিল৷ তেওঁৰ সন্মতি সাপেক্ষে কিশোৰী অৱস্থাতে তেওঁক অপহৰণ কৰা লোকজন আছিল তেওঁৰ প্ৰেমিক, যাক তেওঁৰ পৰিয়ালে সম্ভাৱ্য স্বামী হিচাপে ল’বলৈ অস্বীকাৰ কৰিছিল। দুয়ো পলায়ন কৰি পাটেত বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছু সময়ৰ পিছতে তেওঁলোকৰ সম্পৰ্ক ছিন্নভিন্ন হৈ পৰে আৰু তাৰ পিছত তেওঁল প্ৰায় এজনী দাসীৰ দৰে প্ৰায় দহ বছৰ ধৰি ৰাখি থোৱা বুলি কোৱা হয়। অৱশেষত তেওঁ তাৰ পৰা পলায়ন কৰাত সফল হয় আৰু সেই সময়ত জাঞ্জিবাৰত বাস কৰা তেওঁৰ মাতৃৰ ফালৰ সম্পৰ্কীয় ভায়েক ওমৰ কুলাটেনে উদ্ধাৰ কৰিবলৈ আহে। দাদা মাছিটিয়ে নিজেই তেওঁৰ কবিতাত এই কাহিনী নিশ্চিত কৰা যেন লাগে কাৰণ তেওঁ লৌকিক প্ৰলোভনৰ দ্বাৰা বিপথে পৰিচালিত নোহোৱাৰ ইংগিত দিয়ে আৰু অনুশোচনা আৰু নিজৰ কৰ্মৰ প্ৰায়শ্চিত্তৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁৰ কবিতাত ওমৰ কুল্লাটেনৰ নামো উল্লেখ কৰা হৈছে আৰু বাৰে বাৰে অনুৰোধ কৰা হৈছে যে, ভগৱানে তেওঁক আশীৰ্বাদ কৰক। দাদা মাছিটিয়ে কেতিয়াও পুনৰ বিবাহ কৰা নাছিল আৰু কোনো সন্তান জন্ম দিয়া নাছিল।[2]
দাদা মাছিটিয়ে এজন শ্বেখ মহম্মদ জান্না আল বাহলুলীৰ অধীনত ধৰ্ম অধ্যয়ন কৰি তাতেই নিজকে বিলীন কৰি দিছিল। কাদিৰিয়াৰ অনুগামী, তেওঁৰ কবিতাই কোৰআন আৰু চুন্নাহৰ বিশদ বোধগম্যতা প্ৰদৰ্শন কৰে। সমসাময়িক কবিসকলে তেওঁলৈ উৎসৰ্গা কৰা কবিতাৰ দ্বাৰা প্ৰমাণ কৰে যে তেওঁ সুসন্মানৰ পাত্ৰী আছিল। শ্বেইখ কাছিম মুহীদ্দিন আল বাৰাৱীয়ে তেওঁক "ঈৰ্ষণীয়ভাৱে সংৰক্ষণ কৰিব পৰা ধন" বুলি উল্লেখ কৰে।[2]
দাদা মাছিটিৰ আটাইতকৈ বিখ্যাত কবিতা আছিল "জীৱনৰ পিছত মৃত্যু আহে: শ্বেখৰ মৃত্যু হ'লে কোনোৱে কান্দিব নালাগে", এই কবিতাটি তেওঁৰ বন্ধু আইনবিদ শ্বেখ নুৰেনী মহম্মদ ছাবিৰৰ বাবে ৰচনা কৰা হৈছিল। তেখেতে শ্বেখ নুৰেইন আহমেদ আল-ছাবিৰ আল-হাতিমিৰ বাবে প্ৰশংসাসূচক "শ্বাইখী চিফা ইচিলুৱা"ও ৰচনা কৰিছিল।[4] তেওঁৰ সমসাময়িক বহু লোকে তেওঁৰ কবিতাক স্মৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল, বিশেষকৈ মহিলাসকলে। বৰাৱাৰ কাব্যিক সাহিত্যৰ বুৰঞ্জীত তেওঁৰ পদ্যটো এতিয়াও বিশিষ্ট স্থান অধিকাৰ কৰি আছে।[2]
মৃত্যুৰ পিছত দাদা মাছিটিক বৰাৱাত থকা তেওঁ সৰু ঘৰটোৰ খাষতে সমাধিস্থ কৰা হয়।[2] তেওঁৰ সমাধিস্থলৰ চহৰখনত প্ৰতিবছৰে জিয়াৰাহ পালন কৰা হয়।[5]