দীপালী বৰঠাকুৰ | |
---|---|
প্ৰাথমিক তথ্য | |
জন্ম | ৩০ জানুৱাৰী, ১৯৪১ নীলমনি বাগান, সোণাৰি, শিৱসাগৰ জিলা |
মৃত্যু | ২১ ডিচেম্বৰ, ২০১৮ (৭৭ বছৰ) গুৱাহাটী |
পেচা | কণ্ঠশিল্পী |
কাৰ্যকাল | ১৯৫৫-১৯৬৯ |
দীপালী বৰঠাকুৰ (ইংৰাজী: Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।
১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ (বৰ্তমান চৰাইদেউ জিলা) সোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।[2]
১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়[3]।
পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।[2]
শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়।[2] ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কণ্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’।[2] প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে। নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]
প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছবি লাচিত বৰফুকনত দীপালী বৰঠাকুৰে পৰিবেশন কৰে 'আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে' গীতটি।[2]
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গান:[4][5]
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ। '[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ 'মটৰ নিউৰণ ৰোগ'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।
২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দিনৰ ১ বাজি ২৫ মিনিটত দীৰ্ঘদিন অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰ ২২ ডিচেম্বৰ ২০১৮ তাৰিখে নৱগ্ৰহত ৰাজ্যিক মৰ্য্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।[2]
১৯৫৬ চনত 'অসম সংগীত নাটক একাডেমী'ৰ উদ্যোগত অনুষ্ঠিত 'সংগীত সমাৰোহ'ত লাভ কৰে শ্ৰেষ্ঠ গায়িকাৰ সন্মান।[9] ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫, ০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]
|