দুগ্ধ আত্মীয়তা (ইংৰাজী: milk kinship) হৈছে অজৈৱিক মাতৃয়ে শিশুক লালনৰ সময়ত দুগ্ধ পানৰ জড়িয়তে গঠন হোৱা আত্মীয়তা। ই সহযোগী সমাজৰ সদস্যসকলৰ সৈতে আনুগত্য গঢ়ি তোলাৰ এক প্ৰকাৰ। দুগ্ধ আত্মীয়তাত অংশগ্ৰহণৰ ক্ষেত্ৰত শ্ৰেণী আৰু অন্যান্য স্তৰভিত্তিক ব্যৱস্থাই কোনো গুৰুত্ব নাপালে।
পৰম্পৰাগতভাৱে ক’বলৈ গ’লে এই প্ৰথা আধুনিক যুগৰ আৰম্ভণিৰ পূৰ্বৰ যদিও সেই সময়ছোৱাত ই বহুতো স্তৰভিত্তিক সমাজত মিত্ৰতা গঢ়ি তোলাৰ বাবে বহুলভাৱে ব্যৱহৃত ব্যৱস্থা হৈ পৰিছিল। দুগ্ধ কেন্দ্ৰীক আত্মীয়তাত একেটা সম্প্ৰদায় বা ওচৰ সম্বন্ধিত সম্প্ৰদায়ৰ শিশুক পালিত মাতৃৰ দ্বাৰা স্তনপান কৰোৱাৰ প্ৰথা ব্যৱহাৰ কৰা হৈছিল। এই দুগ্ধপান কৰোৱা মাতৃ গৰাকীয়ে তেওঁৰ পৰিয়াল আৰু তেওঁ স্তনপান কৰাই থকা শিশুটিৰ পৰিয়ালৰ লগতে তেওঁলোকৰ সমাজৰ মাজত সম্পৰ্ক গঢ়ি তোলাত কৌশলগত ভূমিকা পালন কৰিছিল।
আধুনিক যুগৰ আৰম্ভণিতে বহু কেইখন আৰব দেশত ধৰ্মীয় আৰু কৌশলগত দুয়োটা উদ্দেশ্যতে দুগ্ধ আত্মীয়তা ব্যাপকভাৱে প্ৰচলিত হৈছিল। খ্ৰীষ্টানসকলৰ গডপেৰেণ্টিঙৰ প্ৰথাৰ দৰেই গাখীৰৰ আত্মীয়তাই দ্বিতীয়টো পৰিয়াল স্থাপন কৰিছিল যিয়ে এনে এটা শিশুৰ দায়িত্ব ল’ব পাৰিছিল যাৰ জৈৱিক পিতৃ-মাতৃয়ে শিশুটিৰ ক্ষতি কৰিব বিচাৰিছিল। "ইছলামত গাখীৰৰ আত্মীয়তা এইদৰে সাংস্কৃতিকভাৱে স্বতন্ত্ৰ, কিন্তু কোনো কাৰণতে অনন্য, দত্তক আত্মীয়তাৰ প্ৰতিষ্ঠানিক ৰূপ যেন নালাগে।" kinship."[1]:308
ইছলামিক নবী মহম্মদৰ শৈশবে আৰবৰ পৰম্পৰাগত দুগ্ধ আত্মীয়তাৰ প্ৰথাৰ উদাহৰণ দাঙি ধৰে। শৈশৱ আৰম্ভণিতে তেওঁক বেডুইনসকলৰ মাজত পোষক পিতৃ-মাতৃৰ ওচৰলৈ পঠিওৱা হৈছিল। তেওঁক স্তনপান কৰাই হালিমা বিন্ত আব্দুল্লা তেওঁৰ "দুগ্ধ-মাতৃ" হৈ পৰে। তেওঁৰ পৰিয়ালৰ বাকীসকলো এই সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হৈছিল: তেওঁৰ স্বামী আল-হাৰিথ মহম্মদৰ "দুগ্ধ-পিতৃ" হৈ পৰিছিল, আৰু মহম্মদ তেওঁলোকৰ জৈৱিক সন্তানৰ সৈতে "দুগ্ধ-ভাতৃ" হিচাপে ডাঙৰ-দীঘল হৈছিল।[1]:309 এই গাখীৰৰ আত্মীয়তাই পাৰিবাৰিক সম্পৰ্ক সৃষ্টি কৰে, যেনেকৈ এজন পুৰুষে নিজৰ দুগ্ধ-মাতৃ বা দুগ্ধ-ভগ্নী (নিজৰ দুগ্ধ-মাতৃৰ কন্যা বা দুগ্ধ-কন্যা)ক বিয়া কৰাব নোৱাৰে।
ক্ৰেজি হৰ্চ যেতিয়া কেঁচুৱা আছিল, তেতিয়া তেওঁক জনগোষ্ঠীৰ প্ৰতিগৰাকী মহিলাই নিজৰ স্তনপান কৰাইছিল। ছিউক পৰিয়ালে নিজৰ সন্তানক তেনেকৈয়ে ডাঙৰ-দীঘল কৰিছিল। প্ৰতিজন যোদ্ধাই জনগোষ্ঠীৰ প্ৰতিগৰাকী বৃদ্ধাক "মা" বুলি মাতিছিল। প্ৰতিজন পুৰণি যোদ্ধাক, তেওঁলোকে তেওঁৰ "দাদা" বুলি মাতিছিল।[2]:309
"কলেক্টেচনে অসমান মৰ্যাদাৰ দুটা পৰিয়ালক সংযোগ কৰি এক অন্তৰংগ বন্ধনৰ সৃষ্টি কৰে; ই শিশুটিৰ পৰা তেওঁলোকৰ বাহিৰৰ সম্পৰ্ক আঁতৰাই পেলায় যদিও বিবাহৰ অংশীদাৰ হিচাপে তেওঁলোকক বাদ দিয়ে...ই তেজৰ ওপৰত ভিত্তি কৰি আত্মীয়তা বন্ধনৰ বিকল্প হিচাপে সামাজিক সম্পৰ্ক আনে।" [3] দুগ্ধ মাতৃ আৰু তেওঁলোকৰ দুগ্ধ 'সন্তান'ৰ বন্ধনৰ জৰিয়তে বিভিন্ন জাতি আৰু ধৰ্মৰ লোকক কৌশলগতভাৱে একত্ৰিত কৰিব পৰা গ'ল।
গাখীৰৰ আত্মীয়তা কৃষকৰ বাবে আন শিশুক ‘লালন-পালন’ বা ‘আতিথ্য’ দিয়াৰ দৰেই প্ৰাসংগিক আছিল। ইয়াৰ কাৰণ হৈছে, তেওঁলোকে তেওঁলোকৰ মালিক আৰু পত্নীৰ পৰা সদিচ্ছা লাভ কৰিছিল। পূৰ্বে কোৱাৰ দৰে এনেকৈ পালিতা মহিলাৰ পৰিয়ালটো স্তনপান কৰোৱা শিশুটিৰ বাবে দুগ্ধ আত্মীয় হৈ পৰে আৰু এয়া কৌশলগতভাৱে ভৱিষ্যতৰ বাবে উপযোগী হ’ব পাৰে যদিহে শিশুটি উচ্চ শ্ৰেণীৰ পৰিয়ালৰ হয়, কিয়নো এইদিশেৰে গাখীৰ পান কৰোৱা মহিলাৰ সন্তান হ’ব 'দুগ্ধ-ভাতৃ' আৰু 'দুগ্ধ-ভগ্নী। এইদৰে কৃষক মহিলাসকলে বেছিভাগ সময়তে নিজৰ অজৈৱিক সন্তানৰ বাবে ‘দুগ্ধ’ মাতৃৰ ভূমিকা পালন কৰিছিল, আৰু নিজৰ লগতে যিজন মালিকৰ কেঁচুৱাক স্তনপান কৰাই আছে তেওঁৰ মাজৰ সংযোগ বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰোপৰি এই সম্পৰ্ক অতি অসুস্থ মাতৃৰ বা প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যু হোৱা পৰিয়ালকো সহায় কৰাৰ ব্যৱহাৰিক উপায় আছিল।
সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানক প্ৰায়ে গাখীৰৰ আত্মীয় পোষকসকলৰ ওচৰলৈ পঠিওৱা হৈছিল যিয়ে তেওঁলোকক পৰিপক্বতালৈকে লালন-পালন কৰিছিল যাতে শিশুসকলক তেওঁলোকৰ একেৰাহে মৰ্যাদাৰ অধীনস্থসকলে ডাঙৰ-দীঘল কৰে। ইয়াৰ উদ্দেশ্য আছিল ৰাজনৈতিক গুৰুত্বৰ বাবে গাখীৰৰ আত্মীয়ক দেহৰক্ষী হিচাপে গঢ়ি তোলা। হিন্দু কুশ সমাজত এইটো এটা প্ৰধান প্ৰথা আছিল।[1]:315