দুৰ্গা খোটে | |
---|---|
জন্ম | ভিতা লাড় ১৪ জানুৱাৰী, ১৯০৫ বোম্বে, বোম্বে প্ৰেচি়ডেঞ্চি, বৃটিছ ভাৰত (বৰ্তমানৰ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত) |
মৃত্যু | ২২ ছেপ্টেম্বৰ, ১৯৯১ (৮৬ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক |
সক্ৰিয় হৈ থকা সময় | ১৯৩১-১৯৮৩ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | * শ্ৰেষ্ঠ অভিনেত্ৰীৰ বি.এফ.জে.এ. বঁটা
|
দুৰ্গা খোটে (ইংৰাজী: Durga Khote; ১৪ জানুৱাৰী ১৯০৫ − ২২ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি তেওঁৰ সময়ৰ এগৰাকী আগশাৰীৰ মহিলা অভিনয়শিল্পী আছিল। তেওঁ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ লগতে থিয়েটাৰতো সক্ৰিয় হৈ আছিল। ৫০ বছৰীয়া কৰ্মজীৱনত তেওঁ প্ৰায় ২০০খন চলচ্চিত্ৰ আৰু আৰু অসংখ্য নাটকত অভিনয় কৰি গৈছে।
২০০০ চনত ইণ্ডিয়া টুডেৰ এক সহস্ৰাব্দ সংখ্যাত তেওঁক "ভাৰতক আকৃতি দিয়া ১০০ জন লোকৰ" মাজত স্থান দিছিল। আলোচনীখনে উল্লেখ কৰিছিল: "দুৰ্গা খোটে ভাৰতীয় চলচ্চিত্ৰৰ মহিলাসলৰ আৰম্ভণীকালৰ পৰ্যায় চিহ্নিত কৰে।"[1] কিয়নো তেওঁ সন্মানীয় পৰিয়ালৰ প্ৰথম মহিলাসকলৰ ভিতৰত এগৰাকী আছিল, যি চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰিছিল আৰু এনেদৰে এক সামাজিক নিষিদ্ধ পৰম্পৰা ভংগ কৰিছিল।[2]
তেওঁ হিন্দী চলচ্চিত্ৰত মাতৃৰ চৰিত্ৰত অভিনয় কৰা শীৰ্ষৰ দহগৰাকী অভিনেত্ৰীৰ ভিতৰত স্থান লাভ কৰিছে।[3] ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল কে আচিফৰ মোগল-ই-আজমত (১৯৬০) যোধাবাই হিচাপে আৰু বিজয় ভাটৰ কালজয়ী ভাৰত মিলাপত (১৯৪২) কৈকেয়ী হিচাপে। মাতৃ হিচাপে তেওঁৰ অন্যান্য স্মৰণীয় চৰিত্ৰসমূহ হ’ল- চৰণো কি দাসী (১৯৪১); মিৰ্জা গালিব; ববি (১৯৭৩) আৰু বিদায় (১৯৭৪)। ভাৰতীয় চলচ্চিত্ৰত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা – দাদাচাহেব ফালকে বঁটাৰে (১৯৮৩) সন্মানিত কৰা হয়।
গোৱাৰ এটা কোংকণীভাষী পৰিয়ালত খোটেৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ নাম ভিতা লাড়।[4] তেওঁৰ দেউতাকৰ নাম আছিল পাণ্ডুৰং শামৰাও আৰু মাকৰ নাম মঞ্জুবাই।[4] তেওঁ কান্দেৱাড়ীৰ এটা ডাঙৰ যৌথ পৰিয়ালত তেওঁ ডাঙৰ-দীঘল হয়। তেওঁ কেথেড্ৰেল হাইস্কুল আৰু চেইণ্ট জেভিয়াৰ্চ কলেজত স্নাতক মহলালৈ পঢ়াশুনা কৰে। কলেজত পঢ়ি থকা অৱস্থাতে তেওঁৰ খোটে পৰিয়ালৰ সৈতে বিবাহ-বন্ধনত আবদ্ধ হয়।[5]
২৬ বছৰ বয়সত খোটে বিধবা হয়। সেই সময়ত তেওঁ বকুল আৰু হৰিণ নামৰ দুটা সন্তানৰ মাতৃ আছিল। সন্তান দুটাৰ বাবেই তেওঁ চলচ্চিত্ৰত অভিনয় কৰিবলৈ বাধ্য হৈছিল।
খোটেই প্ৰথমবাৰৰ বাবে ১৯৩১ চনত প্ৰভাত কোম্পানীৰ নিৰ্বাক ছবি ফৰেবি জালত এটা সৰু চৰিত্ৰত ভুমুকি মাৰিছিল। ইয়াৰ পিছত অভিনয় কৰে মায়া দৰ্পনত (১৯৩২)। অতি কম সময়ৰ ভিতৰতে তেওঁ হিন্দী আৰু মাৰাঠী দুটা ভাষাত নিৰ্মিত প্ৰভাত কোম্পানীৰ অন্য এখন ছবি অযোধ্যাচা ৰাজাত নায়িকাৰ চৰিত্ৰ লাভ কৰে। এইখন মাৰাঠী ভাষাৰ প্ৰথম চলচ্চিত্ৰ।অতি জনপ্ৰিয় হোৱা ছবিখনত তেওঁ ৰাণী তাৰামতীৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।[6]
![]() |
ৱিকিমিডিয়া কমন্সত Durga Khote সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|