দেৱসেনা | |
---|---|
দেৱীয়ে দেৱতাৰ সেনাবাহিনী আৰু কাৰ্যশক্তিক প্ৰতিনিধিত্ব কৰে | |
![]() কাৰ্তিক আৰু দেৱসেনা | |
অন্য নাম | Devayanai |
দেৱনাগৰী | देवसेना |
তামিল | தெய்வானை தேவசேனா |
সম্পৰ্ক | দেৱী |
নিবাস | স্কন্দলোক |
সঙ্গী | কাৰ্তিক |
সন্তান | উপসলোক |
বাহন | ময়ূৰ |
দেৱসেনা (সংস্কৃত: देवसेना) এগৰাকী হিন্দু দেৱী৷ তেওঁ কাৰ্তিকৰ সহধৰ্মিনী আছিল। দক্ষিণ-ভাৰতীয় গ্ৰন্থবোৰত তেওঁক দেবানী, দিবানী বা দিব্যানী বুলি জনা যায়। তেওঁৰ নামটোক তেবানী বা তেব্যানী (Teyvāṉai) বুলিও বৰ্ণনা কৰা হৈছে।
সংস্কৃতত দেৱসেনা দেৱীৰ নামৰ অৰ্থ হৈছে- “দেৱতাৰ সেনা” আৰু সেয়েহে তেওঁৰ স্বামীক দেৱসেনাপতি (অৰ্থ “দেৱসেনাৰ পতি বা অধিপতি”) বুলি জনা যায়।[1] দেৱসেনাপতি শব্দটোৱে দেৱতাসকলৰ সেনাধ্যক্ষ বা সেনাপতিৰ অৰ্থও প্ৰকাশ কৰে।
তেওঁক দিবানী বা দিব্যানী (Deivanai or Deivayanai; তামিল ভাষাত ইয়াৰ আক্ষৰিক অৰ্থ হৈছে- “ঐশ্বৰিক হাতী”)[2] বুলি কোৱা হয়; যিহেতু তেওঁক ইন্দ্ৰৰ ঐশ্বৰিক হাতী ঐৰাৱতে ডাঙৰ-দীঘল কৰিছিল।[3]
উত্তৰ ভাৰতত, কাৰ্তিকক সাধাৰণতে এগৰাকী ব্ৰহ্মচাৰী বা অবিবাহিত বুলি গণ্য কৰা হয়।[3] সংস্কৃত শাস্ত্ৰসমূহে দেৱসেনাক কাৰ্তিকৰ একমাত্ৰ সহধৰ্মিনী আছিল বুলি গণ্য কৰে৷ যদিও দক্ষিণ ভাৰতত, তেওঁৰ দুগৰাকী সহধৰ্মিনী আছিল বুলি উল্লেখ কৰা হয়৷ সেই দুগৰাকী ক্ৰমে- দিব্যানী (দেৱসেনা) আৰু বল্লী।[3] দেৱসেনাক দেৱৰাজ ইন্দ্ৰ আৰু তেওঁৰ পত্নী শচীৰ কন্যা[3] বা অন্ততঃ তেওঁৰ পালিতা কন্যা বুলি বৰ্ণনা কৰা হয়।
মহাভাৰতৰ তৃতীয় পৰ্বত কাৰ্তিকৰ জন্মৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ য’ত দেৱসেনাৰ কথাও উল্লেখ কৰা হৈছে। দেৱসেনা আৰু দৈত্যসেনা (আক্ষৰিক অৰ্থত “ৰাক্ষসৰ সেনা”) প্ৰজাপতি দক্ষৰ কন্যা আছিল। এবাৰ, ভগ্নীসকলে মানস সৰবৰ পাৰত বিহাৰ কৰি থকাৰ সময়ত, অসুৰ (ৰাক্ষস) কেশীয়ে যাতে তেওঁলোকক বিয়া কৰাব পাৰে তাৰবাবে অপহৰণ কৰে৷ অসুৰৰ কথাত দৈত্যসেনা সন্মত হয়, যদিও দেৱসেনাই অস্বীকাৰ কৰে; যাৰ বাবে তেওঁক বন্দী কৰি ৰাখে। সেইসময়ত দেৱতাসকলে ৰাক্ষসসকলৰ সৈতে যুদ্ধ কৰি পৰাজিত হয়। ইন্দ্ৰই এগৰাকী আদৰ্শৱান দেৱসেনাপতি (দেৱতাৰ সৈন্যবাহিনীৰ সেনাপতি) বিচাৰি দেৱসেনাক বন্দী কৰি ৰখা ঠাইত উপস্থিত হয়গৈ। দেৱসেনাৰ অনুৰোধত ইন্দ্ৰই অসুৰটোক পৰাজিত কৰে আৰু তেওঁক তাৰ পৰা উদ্ধাৰ কৰে। ইন্দ্ৰক দেৱসেনাই যিয়ে তেওঁক সুৰক্ষা দিয়াৰ লগতে দেৱতা, ৰাক্ষস আৰু যক্ষসকলক পৰাজিত কৰিব পাৰিব তেনেকুৱা এগৰাকী স্বামী (পতি) বিচাৰিবলৈ কয়। ইন্দ্ৰই এই বিষয়টোক লৈ পৰমপিতা ব্ৰহ্মা দেৱৰ ওপৰলৈ গৈ আলোচনা কৰে আৰু তেওঁলোকে সন্মত হয় যে অগ্নিৰ পৰা জন্ম হোৱা পুত্ৰ দেৱসেনাপতি, দেৱসেনাৰ স্বামী আৰু দেৱতাৰ সেনাপতি হোৱাৰ বাবে উপযুক্ত হ’ব। সেই অনুসৰি, অগ্নিৰ পৰা কাৰ্তিকৰ জন্ম হয়। দেৱতাসকলৰ ওপৰত তেওঁৰ আধিপত্য যোগ্যতাৰ প্ৰমাণ স্বৰূপে বহুতো কাৰ্য্যকলাপ কৰাৰ পিছত, কাৰ্তিকক দেৱতাৰ সৈন্যবাহিনীৰ সেনাপতি পতা হয় আৰু ইন্দ্ৰৰ সহযোগত দেৱসেনাৰ কাৰ্তিকৰ সৈতে বিবাহ সম্পন্ন হয়। পাঠ্যত অগ্নিক শিৱৰ সৈতে চিনাক্ত কৰা হয়, যাক কাৰ্তিকৰ পিতৃ বুলি গণ্য কৰা হয়। অৱশেষত, দেৱতাসকলে দেৱসেনা আৰু কাৰ্তিকৰ সহায়ত ৰাক্ষসসকলক পৰাজিত কৰে৷[4][5][6] এই বৰ্ণনাত দেৱসেনাক ষষ্ঠী (Shashthi), শ্ৰী-লক্ষ্মী, কুহু-চিনিবালী (Kuhu-Sinivali) আদিৰ দৰে আন বহুতো দেৱীৰ সৈতে চিনাক্ত কৰা হয়৷[7]