দেৱী আন্দোলন (ইংৰাজী: Goddess movement) বুলিলে দেৱী বা নাৰী উপাসনাকেন্দ্ৰীক আধ্যাত্মিক বিশ্বাস বা আচাৰক (মূলতঃ নিওপেগান বা নব্যবিধৰ্মবাদ, ইংৰাজী: Neopagan) বুজা যায়। ১৯৭০ৰ দশকত প্ৰধানকৈ উত্তৰ আমেৰিকা, পশ্চিম ইউৰোপ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ইয়াৰ উদ্ভৱ হৈছিল। [1] এই আন্দোলন পুৰুষপ্ৰধান হিচাপে সংগঠিত ধৰ্মৰ ধাৰণাসমূহৰ প্ৰতিক্ৰিয়া হিচাপে বৃদ্ধি পাইছিল।[2] দেৱী আন্দোলনত দেৱী উপাসনা কৰা হয় আৰু নাৰীৰ ওপৰত, বা এক বা একাধিক নাৰীত্ব বা লিংগৰ ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
দেৱী আন্দোলন হৈছে নব্যবিধৰ্মবাদ বা নিওপেগানৰ এক ব্যাপক কিন্তু অ-কেন্দ্ৰীভূত প্ৰৱণতা। সেয়েহে ইয়াত বিশ্বাসৰ কোনো কেন্দ্ৰীভূত ধাৰণা নাই।[3] পূজা কৰা দেৱীৰ নাম আৰু সংখ্যাৰ পৰা দেৱী আন্দোলনত ব্যৱহৃত নিৰ্দিষ্ট ৰীতি-নীতি বা প্ৰথাসমূহ ব্যাপকভাৱে পৃথক হয়। উদাহৰণস্বৰূপে, ডায়েনিক ৱিক্কা বা ডায়েনিক ডাইনীবিদ্যাত কেৱল দেৱীসকলক উপাসনা কৰা হয় যদিও আন ধৰ্ম বা পৰম্পৰাত এনে কৰা নহয়। ধৰ্মবিশ্বাসৰ এই পন্থাসমূহে একেশ্বৰবাদীৰ পৰা বহুধৰ্মী পন্থালৈকে বিভিন্ন ধৰ্মীয় প্ৰকাৰক সামৰি লয়। সাধাৰণ বহুত্ববাদী বিশ্বাসৰ অৰ্থ হৈছে যে এজন স্ব-পৰিচিত দেৱী উপাসকে তাত্ত্বিকভাৱে সমগ্ৰ বিশ্বৰ সংস্কৃতিৰ পৰা যিকোনো সংখ্যক বিভিন্ন দেৱীক উপাসনা কৰিব পাৰে।[4][5] ইয়াৰ বৈশিষ্ট্যৰ ওপৰত আধাৰিত কৰি দেৱী আন্দোলনক সাংস্কৃতিক ধৰ্মীয়তাৰ এক প্ৰকাৰ বুলিও কোৱা হয় আৰু ই বৈচিত্ৰ্যপূৰ্ণ, ভৌগোলিকভাৱে বিস্তৃত আৰু অধিক গতিশীল।[6]
দেৱীসকলে এক নিৰ্দিষ্ট সংস্কৃতিৰ সৈতে স্পষ্টভাৱে সম্পৰ্কিত স্থানীয় বা নিৰ্দিষ্ট দেৱতাক বুজায় আৰু প্ৰায়ে নিৰ্দিষ্ট দিশ, গুণাগুণ আৰু শক্তিৰ সৈতে সম্পৰ্কিত (উদাহৰণ স্বৰূপে: মেছোপটেমিয়াৰ দেৱী ইনান্না/ইষ্টাৰ; এথেনা; বা হিন্দু দেৱী যেনে সৰস্বতী শিক্ষা, কবিতা, সংগীত, অনুপ্ৰেৰণা আৰু জ্ঞানৰ দেৱী; লক্ষ্মী আৰু সম্পদ আৰু সাৰ্বভৌমত্বৰ দেৱী)।
দেৱী বা মহান দেৱী (আদ্যাশক্তি) হৈছে এগৰাকী দেৱী যাক প্ৰাথমিক বা প্ৰধান বুলি গণ্য কৰা হয়। এনে ধৰণৰ ধৰ্মীয় ব্যৱস্থা ঐতিহাসিকভাৱে বহুতো সংস্কৃতিত বিদ্যমান আছিল যদিও ইয়াৰ নাম আৰু বৈশিষ্ট্য ভিন্ন। যদি কোনো পুৰুষ দেৱতা থাকে, তেন্তে তেওঁক প্ৰায়ে দেৱীগৰাকীৰ সমকক্ষ বুলি গণ্য কৰা হয়, বা তেওঁৰ শক্তিবোৰ দেৱীগৰাকীৰ পৰা আহৰণ কৰা বুলি ভবা হয়।[15] এই শব্দবোৰে সাধাৰণতে সংস্কৃতিসমূহৰ মাজত একে ধৰণৰ একক দেৱতাক বুজোৱাৰ পৰিৱৰ্তে বহুতো প্ৰাচীন সংস্কৃতিত সচৰাচৰ হোৱা ধাৰণাকহে সূচায় যাক দেৱী আন্দোলনৰ লোকসকলে পুনৰুদ্ধাৰ কৰিব বিচাৰে।[4]
↑ 1.01.1Rountree, Kathryn (2004). Embracing the Witch and the Goddess: Feminist Ritual-makers in New Zealand. প্ৰকাশক London: Psychology Press. পৃষ্ঠা. ix, 9. ISBN0415303583.
↑O'Brien, Jodi (2008). Encyclopedia of Gender and Society. প্ৰকাশক Thousand Oaks, CA: SAGE Publications. পৃষ্ঠা. 709. ISBN9781452266022.
↑Reid-Bowen, Paul (2016). Goddess as Nature: Towards a Philosophical Thealogy. প্ৰকাশক Oxon: Routledge. পৃষ্ঠা. 23. ISBN9780754656272.
↑Griffin, Wendy (1999). Daughters of the Goddess: Studies of Identity, Healing, and Empowerment. প্ৰকাশক Walnut Creek, CA: AltaMira Press. পৃষ্ঠা. 61. ISBN074250347X.
↑Stein, Diane (2001). Diane Stein's Guide to Goddess Craft. প্ৰকাশক Freedom, CA: The Crossing Press. পৃষ্ঠা. 23. ISBN1580910912.
↑Diner, Helen (1965). Mothers and Amazons. Julian Press.
↑Harding, M. Esther, MD (1935). Woman's Mysteries: Ancient and Modern. Longmans, Green and Co.
↑Tøllefsen, Inga Bårdsen; Giudice, Christian (2017). Female Leaders in New Religious Movements. প্ৰকাশক Cham, Switzerland: Palgrave Macmillan. পৃষ্ঠা. 244. ISBN978-3-319-61526-4.
↑Betz, Hans Dieter, ed (1989). The Greek Magical Papyri in Translation: Including the Demotic Spells. 1: Texts (second সম্পাদনা). University of Chicago Press. ISBN978-0-2260-4447-7.