নামনি দিবাং উপত্যকা জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১৬ ডিচেম্বৰ ২০০১ |
সদৰ | ৰয়িং |
মহকুমা | ৰয়িং, হুনিল, দাম্বুক |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পূব |
• বিধানসভা সমষ্টি | ২টা (দাম্বুক, ৰয়িং) |
কালি | |
• মুঠ | 3,900 km2 (1,500 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ | 54,080 |
• ঘনত্ব | 14/km2 (36/sq mi) |
• নগৰ | 11,389 |
নামনি দিবাং উপত্যকা জিলা (Lower Dibang Valley district, Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাখন দশম সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা হিচাপে স্বীকৃত৷[3]
নামনি দিবাং উপত্যকা জিলাৰ বৰ্তমানৰ ভূখণ্ড বাৰশৰ পৰা ষোল্লশ শতিকা চুতীয়া ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল৷ জিলাখনৰ ৰ'ইঙত অৱস্থিত ভীষ্মকনগৰৰ সৈতে চুতীয়া ৰাজ্যৰ ঐতিহ্য বিজড়িত হৈ আছে। ১৯৮০ চনৰ জুন মাহত লোহিত জিলাৰ একাংশ লৈ দিবাং উপত্যকা জিলা গঠন কৰা হয়৷[4] ২০০১ চনৰ ১৬ ডিচেম্বৰৰ দিনা দিবাং উপত্যকা জিলাক বিভক্ত কৰি উজনি আৰু নামনি দিবাং উপত্যকা জিলা দুখন সৃষ্টি কৰা হয়৷[4]
নামনি দিবাং উপত্যকা জিলাৰ সদৰঠাই ৰয়িং (Roing)।[5]
এই জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ দুটা সমষ্টি আছে- দাম্বুক (Dambuk) আৰু ৰয়িং৷ দুয়োটা অঞ্চল পূব অৰুণাচল প্ৰদেশ লোকসভাৰ সমষ্টিৰ অন্তৰ্ভুক্ত৷[6]
২০১১ চনৰ লোকপিয়ল অনুসৰি নামনি দিবাং উপত্যকা জিলাৰ জনসংখ্যা ৫৪,০৮০ জন৷[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬৩০৷[1] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৪ জন৷[1] ২০০১-২০১১ দশকত জিলাখনত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৭.০১%৷[1] নামনি দিবাং উপত্যকা জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৯.১%।[1]
এই জিলাৰ ব্যৱহৃত মূল ভাষা সমূহ হৈছে আদি আৰু ইডু মিছমি (Idu Mishmi)৷
১৯৮০ চনত নামনি দিবাং উপত্যকা জিলাৰ ২৮২ বৰ্গ কিলোমিটাৰ সামৰি মেহাও বন্যপ্ৰাণী অভয়াৰণ্য (Mehao Wildlife Sanctuary) গঠন কৰা হয়৷[7]
উজনি ছিয়াং জিলা | উজনি দিবাং উপত্যকা জিলা | চীন | ||
পূব ছিয়াং জিলা | লোহিত জিলা | |||
নামনি দিবাং উপত্যকা জিলা | ||||
তিনিচুকীয়া জিলা, অসম |
|