নাৰী শক্তি পুৰস্কাৰ | ||
![]() | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
প্ৰতিষ্ঠা | ১৯৯১ | |
প্ৰদানকৰ্তা | মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, ভাৰত চৰকাৰ | |
নগদ টকা | ₹ ৩০০০০ |
নাৰী শক্তি পুৰস্কাৰ (পূৰ্বতে স্ত্ৰী শক্তি পুৰস্কাৰ) মহিলায়ে আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা বঁটা। সৰ্বমুঠ ছয়টা শিতানত এই বঁটা প্ৰদান কৰা হয়। কঠিন পৰিস্থিতিৰ মাজতো মহিলায়ে অদম্য সাহসৰ বলত ব্যক্তিগত, সামাজিক আৰু পেছাদাৰী জীৱনত উৎকৃষ্ট ফলাফল দেখুৱা নাৰীক এই বঁটা প্ৰদান কৰা হয়। লগতে মহিলা সবলীকৰণ আৰু মহিলাৰ সামাজিক স্থিতিৰ উন্নতি সাধন কৰাৰ স্বীকৃতি স্বৰূপ এই বঁটা প্ৰদান কৰা হয়।[1]
১৯৯১ চনত পোন প্ৰথম বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। সেই বছৰৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৮ মাৰ্চ তাৰিখে নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটাৰ শুভাৰম্ভভণি কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে এই বঁটা প্ৰদান কৰা হয়। পূৰ্বতে এই বঁটাৰ নাম স্ত্ৰী শক্তি পুৰস্কাৰ আছিল। পিছলৈ ইয়াৰ নাম নাৰী শক্তি পুৰস্কাৰ কৰা হল। এই বঁটাৰ লগতে পূৰ্বতে ১ লাখ টকা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছিল। বৰ্তমান ইয়াৰ অৰ্থমুল্য ৩ লাখ টকা কৰা হল।[2]
এই বঁটা ভাৰতীয় ইতিহাসৰ বীৰাংগনাৰ নামেৰে নামকৰণ কৰা হৈছে। তলত উল্লেখ কৰা শ্ৰেণী সমূহত এই বঁটা প্ৰদান কৰা হয়:[1][3]