নুৱাখাই(ইংৰাজী: Nuakhai) হৈছে ভাৰতৰ পশ্চিম ওড়িশাৰ মানুহে মূলতঃ পালন কৰা কৃষি উৎসৱ।[1][2] বছৰৰ নতুন ধানক আদৰণি জনাবলৈ নুৱাখাই পালন কৰা হয়। পঞ্জিকা অনুসৰি ইয়াক ভদ্ৰপদ বা ভদ্ৰবা মাহৰ চান্দ্ৰ পষেকৰ(আগষ্ট–ছেপ্টেম্বৰ) পঞ্চমী তিথি(পঞ্চম দিন)ত, গণেশ চতুৰ্থী উৎসৱৰ পিছদিনা পালন কৰা হয়। পশ্চিম ওড়িশা আৰু ঝাৰখণ্ডৰ চিমডেগাৰ কাষৰীয়া অঞ্চলৰ এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ সামাজিক উৎসৱ, য’ত পশ্চিম ওড়িশাৰ সংস্কৃতিৰ প্ৰাধান্য বহুত বেছি৷
নুৱাখাইক নুৱাখাই পৰব বা নুৱাখাই ভেটঘাট বুলিও কোৱা হয়। ইয়াক ছত্তীশগড়ত নৱখাই পৰ্ব নামেৰেও জনা যায়। নুৱা শব্দৰ অৰ্থ নতুন আৰু খাই মানে খাদ্য; গতিকে নামটোৰ অৰ্থ হ’ল নতুনকৈ চপোৱা ধান কৃষকৰ দখলত। গণেশ চতুৰ্থী উৎসৱৰ পিছদিনা অনুষ্ঠিত হোৱা এই উৎসৱক আশাৰ নতুন ৰশ্মি হিচাপে দেখা যায়। কৃষক আৰু কৃষক সমাজৰ বাবে ইয়াৰ এক ডাঙৰ তাৎপৰ্য আছে। দিনৰ এটা বিশেষ সময়ত উদযাপন কৰা এই উৎসৱক লাগান বোলা হয়। এই উৎসৱ উদযাপনৰ বাবে আৰচা পিঠা তৈয়াৰ কৰা হয়৷ লগান আহিলে মানুহে প্ৰথমে নিজৰ গাঁৱৰ দেৱতা বা দেৱীক স্মৰণ কৰে আৰু তাৰ পিছত নিজৰ ভোজ খায়।[3][4]
নুৱাখাই হৈছে পশ্চিম ওড়িশাৰ মানুহৰ কৃষিভিত্তিক উৎসৱ। সমগ্ৰ ওড়িশাত এই উৎসৱ পালন কৰা হয় যদিও পশ্চিম ওড়িশাৰ জীৱন আৰু সংস্কৃতিত ইয়াৰ বিশেষ গুৰুত্ব আছে। এই উৎসৱ খাদ্য শস্যৰ পূজাৰ উৎসৱ। ওড়িশাৰ কালাহাণ্ডী, সম্বলপুৰ, বালাংগীৰ, বৰগড়, সুন্দৰগড়, ঝাৰছুগুডা, সুবৰ্ণপুৰ, বৌধ আৰু নুৱাপাদা জিলাত ইয়াৰ উদযাপন সৰ্বোত্তম।[5]
স্থানীয় গৱেষকসকলৰ মতে নুৱাখাইৰ উৎপত্তি যথেষ্ট পুৰণি। কিছুমান গৱেষকে এই উৎসৱৰ মৌলিক ধাৰণাটো অন্ততঃ বৈদিক যুগৰ পৰাই আছিল বুলি অনুমান কৰিব পাৰি বুলি বিবেচনা কৰিছিল; যেতিয়া ঋষি-মুনিসকলে কৃষক সমাজৰ বছৰেকীয়া কৰ্মক পাঁচটা গুৰুত্বপূৰ্ণ ভাগ, পঞ্চায়জৰ কথা কৈছিল।[6] এই পাঁচটা কাৰ্যক সীতাজ্ঞান(ভূমি খেতি কৰা), প্ৰভাপণ যজ্ঞ(বীজ সিঁচা), প্ৰলম্বন যজ্ঞ(শস্যৰ প্ৰাৰম্ভিক কটা), খলা যজ্ঞ(শস্য চপোৱা) আৰু প্ৰয়ায়ন যজ্ঞ(শস্যৰ সংৰক্ষণ)৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নুৱাখাইক তৃতীয় কাৰ্য্যৰ পৰা বিকশিত হোৱা বুলি ধৰা হ'ব পাৰে, অৰ্থাৎ প্ৰলম্বন যজ্ঞ, য'ত প্ৰথম শস্য কাটি শস্যৰ অধিষ্ঠাত্ৰী দেৱীক শ্ৰদ্ধাৰে আগবঢ়োৱা হয়।[7]
এই উৎসৱৰ মূল ৰূপ যদিও সময়ৰ লগে লগে হেৰাই গৈছে, মৌখিক পৰম্পৰাৰ আৰম্ভণি খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ পৰা; পাটনা ৰাজ্যৰ প্ৰতিষ্ঠাপক প্ৰথম চৌহান ৰজা ৰমাই দেৱৰ সময়,[উদ্ধৃতিৰ প্ৰয়োজন] যি বৰ্তমান পশ্চিম ওড়িশাৰ বালাংগীৰ জিলাৰ অংশ। স্বাধীন ৰাজ্য গঢ়াৰ প্ৰচেষ্টাত ৰাজা ৰমাই দেৱে প্ৰতিষ্ঠিত কৃষিৰ তাৎপৰ্য উপলব্ধি কৰিছিল, কাৰণ অঞ্চলটোৰ মানুহৰ জীৱিকাৰ অৰ্থনীতি মূলতঃ চিকাৰ আৰু খাদ্য সংগ্ৰহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। তেওঁ উপলব্ধি কৰিছিল যে, এই অৰ্থনীতিৰ ৰূপটোৱে এখন ৰাষ্ট্ৰ এখন টিকাই ৰাখিবলৈ প্ৰয়োজনীয় সম্পদ সৃষ্টি কৰিব নোৱাৰে। সম্বলপুৰী অঞ্চলত ৰাজ্য গঠনৰ সময়ত উৎসৱ হিচাপে নুৱাখাইৰ আচাৰ-ব্যৱহাৰে কৃষিক জীৱন-ধাৰণৰ পদ্ধতি হিচাপে প্ৰচাৰ কৰাত মুখ্য ভূমিকা পালন কৰিছিল। এইদৰে নুৱাখাইক সম্বলপুৰী সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ বাবে ৰাজা ৰমাই দেৱক কৃতিত্ব দিব পাৰি।[3]
নুৱাখাই সম্প্ৰদায়ভিত্তিক আৰু ঘৰুৱা দুয়োটা পৰ্যায়তে উদযাপন কৰা হয়। এই অনুষ্ঠানসমূহ প্ৰথমে অঞ্চলটোৰ প্ৰাধান্য লাভ কৰা দেৱতাৰ মন্দিৰত বা গাঁৱৰ দেৱতাৰ আগত পালন কৰা হয়। ইয়াৰ পিছত জনসাধাৰণে নিজ নিজ ঘৰত পূজা কৰি আৰু হিন্দু পৰম্পৰাৰ ধনৰ দেৱতা লক্ষ্মীক পূজা আগবঢ়ায়। এই উপলক্ষে মানুহে নতুন কাপোৰ পিন্ধে। এটা পৰম্পৰা আছে যে মূল দেৱতাক নোৱা আগবঢ়োৱাৰ পিছত পৰিয়ালৰ জ্যেষ্ঠ সদস্যই পৰিয়ালৰ আন সদস্যসকলক নোৱা বিতৰণ কৰে। নোৱা লোৱাৰ পিছত পৰিয়ালৰ সকলো কনিষ্ঠ সদস্যই নিজৰ নিজৰ বয়োজ্যেষ্ঠ্যসকলক শুভেচ্ছা জনায়।[8] ইয়াৰ পিছত নুৱাখাই জুহাৰ, যিটো হৈছে বন্ধু-বান্ধৱ, শুভাকাংক্ষী, আত্মীয়-স্বজনৰ সৈতে শুভেচ্ছাৰ আদান-প্ৰদান। ই একতাৰ প্ৰতীক। এইটো মানুহে নিজৰ মতানৈক্য আঁতৰাবলৈ আৰু নতুনকৈ সম্পৰ্ক জোৰাৰ এক অনুষ্ঠান। সন্ধিয়াৰ ফালে মানুহে ইজনে সিজনক লগ ধৰে, শুভেচ্ছা বিনিময় কৰে। সকলো মতানৈক্য বাতিল কৰি বয়োজ্যেষ্ঠসকলক নুৱাখাই জুহাৰ কামনা কৰা হয়। বয়োজ্যেষ্ঠসকলে তেওঁলোকৰ কনিষ্ঠসকলক আশীৰ্বাদ কৰে আৰু তেওঁলোকৰ দীৰ্ঘায়ু, সুখ, সমৃদ্ধিৰ কামনা কৰে। আনকি ঘৰৰ পৰা বেলেগ হোৱা ভাতৃসকল এখন চালিৰ তলতে এই উৎসৱ পালন কৰে। সন্ধিয়া "নুৱাখাই ভেতঘাট" নামেৰে লোকনৃত্য আৰু গীতৰ আয়োজন কৰা হয়। ৰাসৰকেলি, ডালখাই, মায়েলাজাদা, চুটকুচুটা, সাজনী, নাচনিয়া, আৰু বাজনীয়া আদি পৰম্পৰাগত সম্বলপুৰী নৃত্যৰ ধৰণত মানুহে নৃত্য কৰে।[9]
সিঙৰ মতে, নামকৰণৰ ক্ষেত্ৰত সামান্য পাৰ্থক্যৰ সৈতে মধ্য আৰু পূব ভাৰতৰ প্ৰায় সকলো প্ৰধান জনগোষ্ঠীয়ে নৱাখাই উৎসৱ পালন কৰাৰ প্ৰমাণ পোৱা যায়।[10] দুধ খৰীয়া আৰু পাহাৰী খৰীয়াৰ মাজত জেঠ নুৱাখাই, ওৰাওন আৰু বীৰজিয়াৰ মাজত নুৱাখানী, মুণ্ডা আৰু বীৰজিয়াৰ মাজত জোম নুৱা, সন্তলে জান্থেৰ বা বাইহাৰ-হোৰো নৱাই, ৰাঁচী জিলাৰ জনজাতীয় লোকে গোণ্ডলী নৱাখানী, ৰাঁচী জিলাৰ জনজাতীয় লোকে গোণ্ডলী নৱাখানী, নৱাই... বীৰজিয়া, বীৰহৰৰ দ্বাৰা নৱা-জোম, কোৰৱাৰ দ্বাৰা ধন নৱাখানী, অসমীয়া লোকৰ ন-খোৱা ইত্যাদি। ৰাছেল আৰু হিৰালালে[11] বাষ্টাৰ অঞ্চল আৰু ওড়িশাত পোৱা সৰু জনগোষ্ঠী পাৰাজাৰ নৱাখানী উৎসৱৰ কথা উল্লেখ কৰিছে। গৌতমে (১৯৭৭)[12] সন্তল পৰগনাত সন্তলসকলৰ এক নতুন কুঁহিয়াৰ প্ৰসাদ আৰু ধান খোৱা উৎসৱ পালন কৰিছিল যাক তেওঁলোকে জোম নৱা বুলি কয়। দাস গুপ্তাই (১৯৭৮)[13] ছোটানাগপুৰৰ অসুৰ জনগোষ্ঠীৰ এটা অংশ বীৰজিয়াসকলৰ নৱা অনুষ্ঠানটো লক্ষ্য কৰিছে। ভাদুৰীয়ে (১৯৪৪:১৪৯-৫০)[14] ত্ৰিপুৰাৰ মিকাতাল নামেৰে জনাজাত এটা উৎসৱ উদযাপনৰ ওপৰত এটা চমু টোকা দাঙি ধৰিছে য’ত মিৰ অৰ্থ হৈছে চাউল আৰু কটালৰ অৰ্থ নতুন। ইয়াক আহিন মাহত (ছেপ্টেম্বৰ–অক্টোবৰ) পালন কৰা হয়। ওডিশাৰ উপকূলীয় জিলাসমূহত এই উৎসৱক নাবান্না বুলি কোৱা হয়। নাম যিয়েই নহওক কিয়, এই উৎসৱৰ মূল উদ্দেশ্য হৈছে নতুন শস্যক সামাজিকভাবে আদৰণি জনোৱা আৰু দেৱতাক স্মৰণ কৰি ভূমিক প্ৰচুৰ শস্যৰে ওপচাই দিবলৈ প্ৰাৰ্থনা কৰা।