নেৱাৰসকলৰ জাতীয় সাজ বুলিলে নেপালৰ কাঠমাণ্ডু উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ খিলঞ্জীয়া নেৱাৰ লোকসকলে পৰিধান কৰা দৈনন্দিন কাপোৰক বুজায়। পুৰণি অভিজাত শ্ৰেণী, ব্যৱসায়ী, কৃষক, শিল্পী আৰু পেছাদাৰী লোকৰ সৈতে এই কাপোৰৰ সম্পৰ্ক আছে। বেছিভাগ কাপোৰেই ঘৰতে তৈয়াৰ কৰা হৈছিল। কাঠমাণ্ডু উপত্যকাৰ বয়ন শিল্প আছিল এক প্ৰধান কুটীৰ উদ্যোগ। প্ৰায়বোৰৰে ঘৰত হাতৰ তাঁতশাল আছিল আৰু আগৰ দিনত যঁতৰ আৰু নেওঠনি কইনাৰ লগত দিয়া প্ৰয়োজনীয় উপহাৰৰ ভিতৰত অন্যতম আছিল।[1] মানুহে ব্যক্তিগত ব্যৱহাৰৰ বাবে বা বিক্ৰীৰ বাবে কাপোৰ বৈছিল। বৈ সমাপ্ত কৰা কাপোৰখন ৰং কৰিবলৈ ছীপা(বৰ্তমান ৰঞ্জিত বা ৰঞ্জিতকাৰ) নামৰ এক জন-সম্প্ৰদায়ৰ ওচৰলৈ পঠিওৱা হৈছিল৷ সেই সময়ত ৰং কৰা লোকসকলক ছীপা নামে জন গৈছিল। ১৯৬০ চনলৈকে ঘৰুৱা বোৱা-কটাৰ প্ৰথা চলি আছিল। ৰাজপথত মহিলাসকলে তাঁতবাতি কৰাটো সেই সময়ৰ এটা সাধাৰণ দৃশ্য আছিল।[2][3] ১৮ শতিকাৰ আৰম্ভণিতে সাধাৰণ নেৱাৰসকলে পিন্ধা কাপোৰৰ বৰ্ণনা ইটালীৰ খৃষ্টান ধৰ্মযাজক ইপ্পোলিটো ডেচিডেৰিয়ে এৰি থৈ যোৱা ভ্ৰমণ কাহিনীত পোৱা যায়। ১৭২১ চনত তিব্বতৰ পৰা ভাৰতলৈ যোৱাৰ পথত ডেচিডেৰীয়ে কাঠমাণ্ডু ভ্ৰমণ কৰিছিল। স্থানীয় লোকসকলৰ কাপোৰৰ বৰ্ণনা কৰি তেওঁ লিখিছে যে, তেওঁলোকে আঁঠুলৈকে উল বা কপাহী জেকেট আৰু ভৰিৰ গোৰোহালৈকে দীঘল ট্ৰাউজাৰ পিন্ধে। মূৰত ৰঙা টুপী পিন্ধে আৰু ভৰিত চপ্পল পিন্ধে বুলি তেওঁ লিখিছে।[4] ১৯৭৩ চনত নেপাল চৰকাৰে নেপালৰ বিভিন্ন অঞ্চলত পৰিধান কৰা পৰম্পৰাগত সাজ-পোছাকৰ ছবি দেখুওৱা ডাকটিকটৰ এটা অংশ হিচাপে জাৰি কৰে।
পুৰুষৰ সাধাৰণ সাজ-পোছাকত তাপালান (নেপালী ভাষাত: तपालন) নামৰ দীঘল চাৰ্ট আৰু সুৰুৱা নামেৰে জনাজাত টাইট ফিটিং ট্ৰাউজাৰ থাকে। চাৰ্টৰ ওপৰত এটা জহৰ কোট আৰু কোট পিন্ধিব পাৰে। আজি এই কাপোৰ বিশেষ অনুষ্ঠান, চৰকাৰী অনুষ্ঠান আৰু উৎসৱৰ সময়ত পৰিধান কৰা হয় যদিও পুৰণি প্ৰজন্মৰ বহুতৰে বাবে এতিয়াও ই দৈনন্দিন পৰিধান। নেপাল সম্বাতৰ নৱবৰ্ষ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ সময়ত পুৰুষে তাপালান আৰু সুৰুৱাৰ সাজ-পোছাক পিন্ধে আৰু মহিলাসকলে হাকু পাটাছি পিন্ধে। এই পৰম্পৰাগত সাজ-পোছাক বিয়াৰ শোভাযাত্ৰাৰ সময়তো পৰিধান কৰা হয়।[5][6]
মহিলাসকলে হাকু পাটাচী বা হাকু পাৰ্চী নামৰ ক'লা কপাহৰ শাৰী পিন্ধে যাৰ ৰঙা পাৰি থাকে। বিশেষকৈ কৃষক মহিলাসকলৰ মাজত এতিয়াও ইয়াক দৈনন্দিন সাজ-পোছাক হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয় আৰু উৎসৱৰ সময়ত ই আটাইতকৈ জনপ্ৰিয় সাজ-পোছাক। শাৰীৰ লগত কাপোৰেৰে তৈয়াৰী মিছালন নামৰ জৰীৰে বন্ধা ব্লাউজ পিন্ধা হয়। শৰীৰৰ ওপৰৰ অংশত গা নামৰ চাদৰ মেৰিয়াই লোৱা হয়।[7][8]
১৯৭৩ চনত নেপালৰ ডাক সেৱা বিভাগে কাঠমাণ্ডু উপত্যকাৰ পৰম্পৰাগত সাজ-পোছাক দেখুৱাবলৈ হাকু পাটাছি আৰু তাপালান পৰিধান কৰা এগৰাকী মহিলা আৰু এজন পুৰুষৰ ছবি সম্বলিত ষ্টাম্প জাৰি কৰে। নেপালৰ বিভিন্ন অঞ্চলৰ সাজ-পোছাকৰ ধাৰাবাহিকতাৰ অংশ আছিল এই ডাকটিকট।[9]
চায়ন্ ক্যাতা পৰম্পৰাগত পুৰুষৰ ট্ৰাউজাৰ। ইয়াক ১৯৩০ চনলৈকে বেছিভাগেই বণিক আৰু দৰবাৰী শ্ৰেণীয়ে পিন্ধিছিল। ঢিলা ট্ৰাউজাৰটো আঁঠুৰ ওচৰত গোটাই ফিতাৰ টুকুৰাৰে বান্ধি থোৱা হয়। ট্ৰাউজাৰটোত কঁকালত পিঠিৰ পৰা আনি সম্মুখত গাঁঠি দিব পৰা ৰছী আছে। চাইন্ ক্য়াতা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী কেঁচা ৰেচম। এযোৰত ৬ গজ সামগ্ৰীৰ প্ৰয়োজন হয়। চাইনক দীঘল চাৰ্টৰ সৈতে পিন্ধা হয়, যিটো কাপোৰৰ ফিতাৰে ঠাইত ধৰি ৰখা হয়। এটা কপাহী কমৰবন্ধই সাজযোৰ সম্পূৰ্ণ কৰে।
নেৱাৰৰ কিছুমান শ্ৰেণীৰ মহিলাই সাধাৰণ বা ছপা শাৰী পিন্ধিছিল যাক পাৰচী বুলি জনা যায়। ইয়াৰ বহুতো প্লেট থাকে, যিবোৰ সম্মুখত গোটাই লৈ ফিতাৰ টুকুৰা এটাৰে একগোট কৰি বান্ধি থোৱা হয়। এই শাৰীবোৰ ২০ গজ পৰ্যন্ত দীঘল আছিল।
ছোৱালীয়ে ডিঙিৰ পৰা গোৰোহালৈকে বিস্তৃত হৈ থকা দৈৰ্ঘ্যৰ টাইট ফিটিং গাউন পিন্ধে যাক ভাণ্টানলান বুলি জনা যায়। ভৰি দুখন বাহিৰ কৰিবলৈ কৰিবলৈ ইয়াৰ দুয়োকাষত ধৰি টানি ডাঙি দিয়া হয়; ওপৰৰ অংশটো কাপোৰৰ বান্ধোনেৰে বান্ধি থোৱা হয়। ছোৱালীৰ কাপোৰৰ আন এক জনপ্ৰিয় বস্তু আছিল ড্ৰপ ক্ৰচ পেণ্ট। আঁঠুৰ দৈৰ্ঘ্যত পিন্ধা পোছাক।
জীৱনচক্ৰৰ অনুষ্ঠানৰ সময়ত বিশেষ সাজ-পোছাক পৰিধান কৰা হয়, যেনে শিশুৰ প্ৰথম ভাত খুৱাই দিয়া “জাংকু’’, দীক্ষাৰ অনুষ্ঠান, বিয়া, বৃদ্ধাৱস্থাৰ অনুষ্ঠান আদিত। প্ৰথমবাৰৰ বাবে ভাত খুৱাই দিয়া শিশুক ব্ৰকেডেৰে তৈয়াৰী গেঞ্জী আৰু টুপী পিন্ধাই দিয়া হয়। প্ৰাপ্তবয়স্ক হ’বলৈ ধৰা ল’ৰাবোৰে কঁকালৰ কাপোৰ পিন্ধে। ছোৱালীবোৰে নিজৰ ইহি আৰু বাৰেৰ বাবে ডাঙৰ ডাঙৰ ডিজাইনত ৰেচম আৰু ব্ৰকেডৰ আড়ম্বৰপূৰ্ণকৈ তৈয়াৰী সাজ-পোছাক পিন্ধে, যি দুটা অনুষ্ঠান তেওঁলোকে কিশোৰ বয়স হোৱাৰ আগতেই পাৰ কৰে।
বিশেষ ধৰ্মীয় অনুষ্ঠানৰ সময়ত পুৰোহিতসকলে গোৰোহালৈকে প্লিটযুক্ত গাউন পিন্ধে। টুপি, পাগুৰি আৰু মুকুট হৈছে আনুষ্ঠানিক কাপোৰৰ সৈতে পিন্ধা মূৰৰ কাপোৰ।[10][11]