![]() | |
উৎপত্তিৰ স্থান | দক্ষিণ এছিয়া[1][2][3] |
---|---|
অঞ্চল | ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল |
পকোৰা বা পকোড়া বা পকৰি (উচ্চাৰণ: [pəˈkɔːɽa] ) ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এবিধ ফ্ৰিটাৰ বা তেলত ডুবাই ভজা মিশ্ৰণ ৷ ইয়াক সাধাৰণতে ৰাজপথৰ বিক্ৰেতাই বিক্ৰী কৰে আৰু দক্ষিণ এছিয়াৰ ৰেষ্টুৰেণ্টতো ইয়াকপৰিবেশন কৰা হয়৷[4] ইয়াত উপকৰণ হিচাপে প্ৰায়ে আলু আৰু পিঁয়াজৰ দৰে শাক-পাচলি, বেচনৰ ঘোলত আৱৰণ দি তেলত ডুবাই ভজা হয়।
পকোৰাক পিকোৰা, পাকোডা, পাকড়ি আৰু আঞ্চলিক নাম যেনে ভাজী, ভজিয়া, বৰা, পনাকো, আৰু চপকে ধৰি অন্যান্য বানানেৰেও পৰিচিৰ ৷
পাকোৰা শব্দটো সংস্কৃত পকুট পাকৱতৰ [5] পৰা আহিছে। শব্দটোপাকৱ ('ৰন্ধা') আৰু বাটা ('এটা সৰু গোট')ৰ যৌগ বা ইয়াৰ ব্যুৎপত্তি বাটকা, ' তেল বা ঘিউত ভাজি দালিৰে তৈয়াৰী ঘূৰণীয়া পিঠা 'ৰ পৰা উদ্ভৱ হৈছে।।[6] ভজ্জী শব্দটো সংস্কৃত ভাৰ্জিতা শব্দৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ হৈছে ভাজি ৷[7]
কিন্তু সংস্কৃত অনুবাদৰ আন্তৰ্জাতিক বৰ্ণমালাত হিন্দী আখৰটো <ṛ> বুলি অনুবাদ কৰা হৈছে, হিন্দীৰ জনপ্ৰিয় বা অমান্য অনুবাদত এই ধ্বনিৰ বাবে <d> ব্যৱহাৰ কৰা হয়, কাৰণ ব্যুৎপত্তিগতভাৱে ইয়াৰ উৎপত্তি ডা /ɖ/ৰ পৰা। পাকোৰা শব্দত এই ব্যঞ্জনবৰ্ণৰ আৱিৰ্ভাৱৰ ফলত ইংৰাজীত দুটা সাধাৰণ বিকল্প বানানৰ জন্ম হৈছে: পাকোডা, যিয়ে ইয়াৰ ব্যুৎপত্তি প্ৰতিফলিত কৰে আৰু পকোৰা, যিয়ে ইয়াৰ ধ্বনিবিজ্ঞান প্ৰতিফলিত কৰে।
সংস্কৃত সাহিত্য আৰু তামিল সংগম সাহিত্যত পকোৰাৰ উল্লেখ পোৱা যায়। ইয়াত ৰন্ধন প্ৰণালী কেইটামানো আছে যদিও স্পষ্টকৈ দিয়া হোৱা নাই কাৰণ তেওঁলোকে ইয়াক কেৱল ‘তেলত ভজা দালিৰে তৈয়াৰী ঘূৰণীয়া 'পিঠা’ আৰু ‘খৰখৰীয়া ভজা শাক-পাচলি’ বুলিহে ইয়ত উল্লেখ কৰিছে।[8][9] প্ৰাথমিকভাৱে জনাজাত ৰন্ধন প্ৰণালীসমূহ মানসোল্লাছা (১১৩০ খ্ৰীষ্টাব্দ) ৰন্ধন পুস্তিকাৰ পৰা আহিছে য'ত "পৰিকা" (পাকোডা) আৰু শাক-পাচলি আৰু বেচনেৰে সামগ্ৰীবিধ প্ৰস্তুত কৰাৰ পদ্ধতিৰ কথা উল্লেখ কৰা হৈছে।[10] লোকোপাকাৰা (১০২৫ খ্ৰীষ্টাব্দ) ৰন্ধন পুথিখনতো অনন্য পকোৰা প্ৰস্তুত প্ৰণালীৰ কথা উল্লেখ কৰা হৈছে য’ত বেচন মাছৰ আকৃতিৰ সাঁচত চেপি সৰিয়হৰ তেলত ভাজি লোৱা হয়।[11]
সাধাৰণতে শাক-পাচলি আদি মছলাযুক্ত বেচন, পিঠাগুড়ি আদিৰ ঘোলত ডুবাই তাৰ আৱৰণ দি তাৰ পিছত তেলত ডুবাই ভাজি কৰি পকোৰা তৈয়াৰ কৰা হয়।
পকোৰাৰ সাধাৰণ প্ৰকাৰত পিঁয়াজ, মচুৰ দালি,[12] চুজি, [13] কুকুৰা, কচুৰ আলু আৰু পাত, বেঙেনা, আলু, জলকীয়া জলকীয়া, পনীৰ, ফুলকবি, পদিনা, কেৰেলা বা বেবী কৰ্ণ ব্যৱহাৰ কৰা হয়।[14]
ঘোলটো সাধাৰণতে বেচন আৰু চাউলৰ গুড়িৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় যদিও অন্য আটা ব্যৱহাৰ কৰিব পাৰি। ঘোলত ব্যৱহাৰ কৰা মছলা কি হ'ব সেয়া ৰান্ধনীৰ ওপৰত নিৰ্ভৰ কৰে আৰু স্থানীয় পৰম্পৰা বা উপলব্ধতাৰ অনুযায়ী ইয়াক বাছি ল’ব পাৰে; প্ৰায়ে ইয়াৰ ভিতৰত সতেজ আৰু শুকান মছলা যেনে জলকীয়া, মেথি আৰু ধনীয়া আদি অন্তৰ্ভুক্ত হৈ থাকে।
পকোৰা জলপান বা ভোকবৰ্দ্ধক হিচাপে খোৱা হয়। ইয়াক প্ৰায়ে চাটনি বা ৰাইটাৰ সৈতে খোৱা হয়। ভাৰতীয় বিবাহ অনুষ্ঠান বা এনে কোনো উপলক্ষত নিমন্ত্ৰিত অতিথিসকলক মছলা চাহৰ সৈতে পকোড়া আগবঢ়োৱা হয়।
অসমত পকোৰা পকৰি নামেৰেহে বেছি জনপ্ৰিয়। বেচন বা আটা বা ময়দাৰ ঘোলত পিয়াজ, জলকীয়া, বিলাহী কুটা আদি মিহলাই পকৰি ভজা হয় আৰু চচ বা বাটনি দি চাহ আদিৰ সৈতে পৰিবেশন কৰা হয়। পকৰিত কেতিয়াবা সৰহকৈ পিয়াজ দি প্ৰস্তত কৰা হয়। ইয়াক কোৱা হয় পিয়াজি।
তামিলনাডু আৰু শ্ৰীলংকাত পকোৰাক পাকোডা বা বাজ্জী, গুজৰাটত ভাজিয়া বুলি কয়। আনহাতে ইয়াকমহাৰাষ্ট্ৰত ভাজী, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকত বাজ্জী বা "পাকোডী", অসমত ''পকৰি'' বুলি কোৱা হয়। এই পকোৰা সমূহৰ ওৰত্যেককেমিহিকৈ কটা পিঁয়াজ, কেঁচা জলকীয়া, আৰু বেচনত মিহলি কৰা মছলাৰ তেলত ডুবাই ভজা বল বুলি ব্যাখ্যা কৰিব পাৰি।