পটল (ইংৰাজী: pointed gourd, ইয়াৰ বৈজ্ঞানিক নাম হৈছে ট্ৰাইকোছান্ঠেছ ডায়োইকা (Trichosanthes Diocia), আৰু ই ‘কিউকাৰবিটেছি’(Cucurbitaceae) গোত্ৰৰ। ইয়াক ঠাইবিশেষে পৰৱল, পোটল, কুন্দুলি বুলিও কোৱা হয়। ভাৰত, বাংলাদেশ, নেপাল, থাইলেণ্ডকে ধৰি দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে খেতি কৰা গ্ৰীষ্মমণ্ডলীয় লতাজাতীয় গছ।[1]
পটল উদ্ভিদৰ ফুল একলিংগ। ইয়াৰ মতা ফুল যোৰ হিচাপে থাকে, আনহাতে মাইকী ফুলবোৰ একক হয়। মাইকী ফুলত পুষ্পদণ্ডবোৰ যথেষ্ট চুটি হয়। ইয়াৰ পুস্পনলৰ দৈৰ্ঘ্য প্ৰায় ৩ চে.মি। ইয়াৰ একাধিক প্ৰজাতি আছে। ইয়াৰ পাত, ঠাল-ঠেঙুলি, ফল, শিপা আদি আটাইবোৰেই ঔষধি গুণসমৃদ্ধ।[2]
প্ৰাচীন আয়ুৰ্বেদৰ গ্ৰন্থত এই কথাৰ উল্লেখ এনেদৰে আছে-
পোটল পত্ৰং পিত্তোঘ্নং, নাড়ীতস্যাঃকফাপহা। ফলং তস্যাঃ ত্ৰিদোষঘ্নং মূল্য তস্যাঃ বিৰেচনম।।
অৰ্থাৎ, এই পটলৰ পাত পিত্তনাশক, ডাল(ঠাল-ঠেঙুলি) কফনাশক, ফল(পটল) ত্ৰিদোষ(বায়ু, পিত্ত আৰু কফ) নাশক আৰু ইয়াৰ মূল(শিপা) বিৰেচক।
পটল এনে এবিধ পাচলি, য’ত একত্ৰে বিভিন্ন খনিজ লৱণ আৰু খাদ্যপ্ৰাণ পোৱা যায়। ইয়াত ভিটামিন বি১, বি২, ভিটামিন আৰু কেলচিয়াম থাকে। পটলত ছেপ’নিন(Saponin), হাইড্ৰ’কাৰ্বন(পেন্ট্ৰিয়াকণ্টেন) ষ্টেৰল, গ্লাইক’ছাইড, উদ্বায়ী তেল, কম পৰিমাণত টেনিন আদি থাকে। যিবোৰ উপাদান দেহৰ বাবে উপকাৰী।[3]
পটলে তেজ বিশুদ্ধ কৰে। কলেষ্টেৰল আৰু ৰক্ত শৰ্কৰা হ্ৰাস কৰে। আয়ুৰ্বেদ চিকিৎসাত, ঠাণ্ডা, জ্বৰ আৰু ডিঙিৰ বিষৰ ক্ষেত্ৰত পটল খাবলৈ কোৱা হয়। পটলত থকা আঁহে খাদ্য হজম কৰাত সহায় কৰে। লগতে, গেষ্ট্ৰোইনটেস্টাইনেল আৰু যকৃতৰ সমস্যা সমাধান কৰাত ই বিশেষজ্ঞ। তাৰোপৰি পটলৰ বীজে কোষ্ঠকাঠিন্য হ্ৰাস কৰে।[4]