পূৰ্ণিমা হেমব্ৰাম | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৭ চনৰ এছিয়ান চেম্পয়নশ্বিপত পূৰ্ণিমা | |||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
জন্ম | ১০ জুলাই, ১৯৯৩ (৩১ বছৰ) Mayurbhanj district, Odisha | ||||||||||||||||||
শিক্ষানুষ্ঠান | Kalinga Institute of Social Sciences[2] | ||||||||||||||||||
উচ্চতা | 1.67 m[1] | ||||||||||||||||||
ওজন | 64 kg | ||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||
ক্ৰীড়া | Athletics | ||||||||||||||||||
শিতান | Heptathlon | ||||||||||||||||||
প্ৰশিক্ষক | Sushanta Roy Santosh Kumar Mahanta Sanjay Garanayak[1] | ||||||||||||||||||
পদক অভিলেখ
|
পূৰ্ণিমা হেমব্ৰাম (ইংৰাজী: Purnima Hembram ) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ২০১৫ আৰু ২০১৭ এছিয়ান চেম্পিয়নশ্বিপত হেপ্টাথলনত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ২০১৮ এছিয়ান গেমছত চতুৰ্থ স্থান লাভ কৰে।[2]
হেমব্ৰাম ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ চাওতাল জনগোষ্ঠীৰ লোক।[3] ১৯৯৩ চনত তেওঁৰ জন্ম হয়৷ দেউতাক আৰু মাকৰ নাম ক্ৰমে, দুখীয়া হেমব্ৰাম আৰু ধনীয়া হেমব্ৰাম৷ তেওঁৰ দুগৰাকী ভাতৃ, দুৰ্গা আৰু ডোমন আৰু এগৰাকী ভনী আছে, নাম চিংগো।[উদ্ধৃতিৰ প্ৰয়োজন]
খেলৰ লগতে শিক্ষা গ্ৰহণৰ বাবে কলিংগ ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্স (KISS)ত তেওঁ স্নাতক ডিগ্ৰীৰ বাবে নাম ভৰ্তি কৰে৷[4]
২০১৮ চনৰ এছিয়ান গেমছৰ আগছোৱা সময়ত তেওঁ আঁঠুৰ আঘাতত ভূগি আছিল আৰু তাৰ সুচিকিৎসাৰ বাবে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ক অনুৰোধ কৰিছিল৷ কিন্তু, এই ক্ষেত্ৰত আশানুৰূপ সঁহাৰি নোপোৱাৰ কথা তেওঁ কয়৷[5] ২০১৭ চনৰ ১৭ ছেপ্টেম্বৰত তুৰ্কমেনিস্তানৰ আছগাবাটত অনুষ্ঠিত ৫ম এছিয়ান ইনড'ৰ আৰু মাৰ্শ্বিয়েল আৰ্টছ গেমছত হেমব্ৰামে সোণৰ পদক লাভ কৰে।[6] মহিলা পেন্টাথলন ইভেণ্টত পূৰ্ণিমা হেমব্ৰামে পাঁচটা ইভেণ্টৰ পৰা সৰ্বমুঠ ৪০৬২ পইণ্ট সংগ্ৰহ কৰি অকলশৰীয়াকৈ এই সোণৰ পদক লাভ কৰিছিল।[7] আন্তৰ্জাতিক মহিলা হেপ্টাথলনত পূৰ্ণিমাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷ এইটো তেওঁ লাভ কৰা প্ৰথমটো ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পদক।[8]
২০১৫ চনত হেমব্ৰামক ওড়িশাৰ মুখ্যমন্ত্ৰী বিজু পাটনায়কএ “বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ’’ হিচাপে ঘোষণা কৰে আৰু তেওঁক ২ লাখ টকাৰ পুৰস্কাৰ দিয়া হয়।[9] ২০১৭ চনত ২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ঠিক আগে আগে ১ জুলাইত মুখ্যমন্ত্ৰী নবীন পাটনায়কে তেওঁক ৩ লাখ টকাৰ অনুদান দিছিল৷[9]ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ট্ৰেকত কৰা ৰেকৰ্ডৰ বাবে পূৰ্ণিমা হেমব্ৰামক ২০১৪ বৰ্ষৰ বাবে ২২ সংখ্যক একলব্য বঁটা দিয়া হয়। এই বঁটাত প্ৰশস্তি পত্ৰৰ লগতে ২ লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হয়৷[10]