ফ্লামেঙ্কো | |
---|---|
বেলেন মায়া পৰম্পৰাগত পোছাকত গীতানো জাতিৰ এগৰাকী ফ্লামেঙ্কো নৃত্যশিল্পী | |
সাংস্কৃতিক উৎপত্তি | আন্দালুচিয়া , কেলে ৰোমা, অষ্টদশ শতিকাৰ শেষৰ ফালে, স্পেইন |
ফ্লামেঙ্কো | |
---|---|
দেশ | স্পেইন |
ক্ষেত্ৰ | কলা প্ৰদৰ্শন |
প্ৰসংগ | ৩৬৩ |
অঞ্চল | ইউৰোপ আৰু উত্তৰ আমেৰিকা |
শিলালিপিৰ ইতিহাস | |
শিলালিপি | ২০১০ (৫তম session) |
ফ্লামেঙ্কো (স্পেনিছ উচ্চাৰণ: [flaˈmeŋko]) দক্ষিণ স্পেইনৰ বিভিন্ন লোককথাৰ সংগীত পৰম্পৰাৰ ওপৰত আধাৰিত এক কলা। ফ্লামেঙ্কো হৈছে এক জটিল কলা য'ত গায়ক, নৃত্যশিল্পী, গিটাৰবাদক আৰু অতি শেহতীয়াকৈ পাৰকাচনিষ্ট অন্তৰ্ভুক্ত।[1] লগতে ইয়াত এক নিৰ্দিষ্ট প্ৰকাৰৰ সংগীত, নৃত্য, গীন আৰু হাততালি, কবিতা, আৰু টিলিকি বজোৱা আদি শৈলী অন্তৰ্ভুক্ত হয়। "ফ্লামেঙ্কো" শব্দটোৰ উৎপত্তি ক'ত হৈছিল কোনেও সঠিককৈ নাজানে, কিন্তু সকলোৱে একমত হয় যে এই কলাৰ ৰূপটো দক্ষিণ স্পেইনৰ আন্দালুচিয়া আৰু মাৰ্চিয়াত আৰম্ভ হৈছিল।[2][3][4][5] এক বহল অৰ্থত, ফ্লামেঙ্কো শব্দটো দক্ষিণ স্পেইনৰ সমসাময়িক আৰু পৰম্পৰাগত দুয়োধৰণৰ সংগীতশৈলী বুজাবলৈ ব্যৱহাৰ কৰা হয়। ফ্লেমেঙ্কো ৰোমানৰ গীতানোসকলৰ (ৰোমৰ এটা যাযাবৰ সম্প্ৰদায়) সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি জনাজাত। গীতানোসকলে ইয়াৰ উৎপত্তি আৰু পেছাদাৰীকৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। অৱশ্যে, এই শৈলীত অনন্যভাৱে আন্দালুচিয়া আৰু ফ্লামেঙ্কো শিল্পীসকল লগতে গীতানো আৰু অ-গীতানো ঐতিহ্য সকলো মিশ্ৰিত হৈ আছে।[6] ফ্লামেংকো সংগীতৰ আটাইতকৈ পুৰণি উদ্ধৃতি ১৭৭৪ চনত জোচে কাডালছ'ৰ লাছ কাৰ্টাছ মাৰ্ৰুকাছ নামৰ কিতাপখনত পোৱা গৈছে।[7]যোৱা দুটা শতিকাত, ফ্লামেঙ্কোৰ নথিভুক্ত তথ্য আৰু উদ্ধৃতি পোৱা গৈছে। ফ্লামেঙ্কোৰ উদ্ধৃতি একক নাটক আৰু টোনাডিলাৰ থিয়েটাৰ চলাচল, জনপ্ৰিয় গীতৰ কিতাপ আৰু শ্বীট, ৰীতি-নীতি, নৃত্য আৰু সংগীত অধ্যয়ন, বাতৰি কাকত, লগতে চিত্ৰ আৰু খোদাই আদিত পোৱা গৈছে। সময়ৰ লগে লগে ফ্লামেঙ্কোৰ বিৱৰ্তন ঘটিছে, আৰু ইয়াৰ বিকাশ বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈছে, যাৰ ভিতৰত আছে ছন্দ, কাব্যিক স্তৱক আৰু পৰিৱেশ।[8] ২০১০ চনৰ ১৬ নৱেম্বৰত ইউনেস্কো ফ্লেমেঙ্কোক "মানৱতাৰ মৌখিক আৰু অমূৰ্ত ঐতিহ্যৰ মাষ্টাৰপিচ" অন্যতম বুলি ঘোষণা কৰে।[9]
ফ্লামেঙ্কোৰ উৎপত্তি আন্দালুচিয়ান চহৰ কাডিজ, চেভিল, গ্ৰানাডা আৰু জেৰেজ দে লা ফ্ৰণ্টেৰাৰ আটাইতকৈ অৰ্থনৈতিক আৰু সামাজিকভাৱে নিম্ন জিপচী সম্প্ৰদায়ৰ পৰা হৈছিল। ইয়াৰ নম্ৰ উৎপত্তিয়ে এই আঞ্চলিক সংস্কৃতিৰ জীয়াই থকা আৰু বিকাশক বিশেষভাৱে আকৰ্ষণীয় কৰি তোলে।[10]
১৯২০ চনৰ পৰা ১৯৫৫ চনৰ ভিতৰত "ফ্লামেঙ্কো অপেৰা" নামেৰে থিয়েটাৰ বা ভেৰাইটি শ্ব অনুষ্ঠিত হ'বলৈ আৰম্ভ কৰে। ই প্ৰচাৰকসকলৰ এক অৰ্থনৈতিক কৌশল আছিল, কিয়নো অপেৰাই মাত্ৰ ৩% ধন দিছিল আনহাতে ভেৰাইটি শ্ব’ই ১০% ধন দিছিল। এই সময়ত, ফ্লামেঙ্কো শ্ব' সমগ্ৰ স্পেইন আৰু বিশ্বৰ মুখ্য চহৰবোৰত বিয়পি পৰিছিল। এই সময়ত ফ্লামেঙ্কোৱে প্ৰাপ্ত কৰা সামাজিক আৰু বাণিজ্যিক সফলতাই মঞ্চৰ পৰা কিছুমান পুৰণি শৈলী আঁতৰাই পেলাইছিল আৰু বহুতো ব্যক্তিগত সংস্কৰণৰো সৃষ্টি হৈছিল। শুদ্ধবাদী সমালোচকসকলে এই পৰিৱৰ্তনৰ সমালোচনাও কৰিছিল।
১৯৭0-ৰ দশকত, স্পেইনত গুৰুত্বপূৰ্ণ সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন হৈছিল। স্পেনিছ সমাজ ইতিমধ্যে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন সংগীতশৈলীৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ইয়াৰ উপৰিও, বহুতো গায়কে এণ্টোনিঅ মাইৰেনা, পেপে মাৰ্চেনা আৰু মানোলো কাৰাকলৰ শৈলী শিকিছিল। এই সংমিশ্ৰণৰ ফলস্বৰূপে, ফ্লামেঙ্কো ফিউজন নামেৰে জনাজাত এক গুৰুত্বপূৰ্ণ যুগৰ উদ্ভৱ হৈছিল। এই আলোকচিত্ৰখনত ১৯৭১ চনৰ ডিচেম্বৰত ফিনিছ ফ্লামেঙ্কো নৃত্যশিল্পী ৰেইমা নিকিনেন আৰু এগৰাকী অচিনাক্ত মহিলা নৃত্যশিল্পী আছে। ছবিখন চেভিল ফ্লামেঙ্কো নৃত্য সংগ্ৰহালয়ৰ ২০১৪ চনৰ সংগ্ৰহৰ অংশ।