বহঁত | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Artocarpus |
প্ৰজাতি: | A. lacucha |
দ্বৈৰাশিক নামকৰণ | |
Artocarpus lacucha Buch.-Ham. | |
সমাৰ্থক | |
|
বহঁত (বৈজ্ঞানিক নাম: Artocarpus lacucha) বা ডেৱা Moraceae পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ উদ্ভিদ। ইয়াক ইংৰাজীত monkey fruit বা monkey jack[1] বোলা হয়। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এচিয়াজুৰি এই উদ্ভিদবিধ বিস্তৃত[2] গছজোপাৰ কাঠ মূল্যৱান আৰু ইয়াৰ ফলসমূহ খোৱাৰ উপযোগী। ফলসমূহৰ ঔষধি গুণ আছে বুলি বিশ্বাস কৰা হয়।[3] উত্তৰ-পূব থাইলেণ্ডত ইয়াৰ কাঠ পং লেং নামৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়।[4]
বহঁতৰ কাঠৰ মধ্যাংশৰ পৰা oxyresveratrol নামৰ যৌগ আহৰণ কৰিব পাৰি।[5][6][7]
কৌটিল্যৰ অৰ্থশাস্ত্ৰত বহঁতৰ উল্লেখ পোৱা যায়।[8]