বহুবিশ্ব (ইংৰাজী: multiverse) হৈছে কেইবাখনো ব্ৰহ্মাণ্ডৰ এক প্ৰাকল্পিক নাইবা অনুমানভিত্তিক (hypothetical) গোট। আটাইবোৰ ব্ৰহ্মাণ্ডয়েই কাল, সময়, পদাৰ্থ, শক্তি, তথ্য, ভৌতিক নিয়মাৱলী, আৰু ভৌতিক ধ্ৰুৱকৰে সমৃদ্ধ। বহুবিশ্বৰ ভিতৰত থকা ব্ৰহ্মাণ্ডক "সমান্তৰাল ব্ৰহ্মাণ্ড", "অইন ব্ৰহ্মাণ্ড", "বিকল্প ব্ৰহ্মাণ্ড" নাইবা "বহুতো ব্ৰহ্মাণ্ড" বুলিও অভিহিত কৰা হয়।[1]
বহু ব্ৰহ্মাণ্ডৰ ধাৰণাটো ব্ৰহ্মাণ্ডবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, ধৰ্ম, দৰ্শন, ট্ৰেন্সপাৰ্ছ'নেল ছাইক'লজি, সংগীত আৰু সকলোধৰণৰ সাহিত্যত বিশেষকৈ কল্পবিজ্ঞান, কমিক্ছ আৰু ফেণ্টাছিত দেখিবলৈ পোৱা যায়। এনেধৰণৰ প্ৰসংগত, সমান্তৰাল ব্ৰহ্মাণ্ডক বৈকল্পিক ব্ৰহ্মাণ্ড, কোৱাণ্টাম ব্ৰহ্মাণ্ড, আন্তঃভেদী ব্ৰহ্মাণ্ড, সমান্তৰাল ব্ৰহ্মাণ্ড, সমান্তৰাল মাত্ৰা, সমান্তৰাল পৃথিৱী, সমান্তৰাল বাস্তৱতা, কোৱাণ্টাম বাস্তৱতা, বৈকল্পিক বাস্তৱতা আদি নামেৰে উল্লেখ কৰা হয়। পদাৰ্থ বিজ্ঞানীৰ সমুদায়ে বিভিন্ন সময়ত এই ধাৰণাটোক লৈ তৰ্ক কৰি আহিছে। প্ৰথিতযশা পদাৰ্থ বিজ্ঞানীসকল এই ধাৰণাটোৰ সপক্ষে আৰু বিপক্ষে থিয় দিছে।
একাংশ পদাৰ্থবিজ্ঞানীয়ে কয় যে, বহুবিশ্বৰ ধাৰণাটো বৈজ্ঞানিক অনুসন্ধানৰ এটা ন্যায়সংগত বিষয় নহয়।[2] আনহাতে বহুবিশ্বক পৰীক্ষামূলক বৈধতাপ্ৰাপ্তিৰ পৰা পৃথক কৰি ৰখাৰ প্ৰচেষ্টাই ৰাজহুৱা প্ৰেক্ষাপটত বিজ্ঞাননিৰ্ভৰতা হ্ৰাস কৰিব নেকি-এই বিষয়েও উদ্বেগ প্ৰকাশিত হয়। তেনেধৰণৰ প্ৰয়াসে প্ৰাথমিক পদাৰ্থ বিজ্ঞানৰ অধ্যয়নক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা আছে।[3] একাংশই যুক্তি দৰ্শায় যে বহুবিশ্বৰ ধাৰণাটো বৈজ্ঞানিক অনুমানৰ পৰিৱৰ্তে দৰাচলতে এটা দাৰ্শনিক ধাৰণাহে। কাৰণ ইয়াক প্ৰায়োগিকভাৱে মিথ্যা প্ৰমাণিত কৰিব নোৱাৰি। মিথ্যাপ্ৰতিপাদনযোগ্যতা (falsifiability) বৈজ্ঞানিক পদ্ধতিৰে এটা অংশ, যাৰ দ্বাৰা এটা তত্ত্বক বৈজ্ঞানিক পৰীক্ষাৰ জৰিয়তে নাকচ কৰিব পাৰি।[4] প'ল ষ্টেইনহাৰ্ডটৰ এটা জনপ্ৰিয় যুক্তি আছে যে, যদি এটা তত্ত্বৰ জৰিয়তে আটাইবোৰ সম্ভাব্য ফলাফল আহৰণ কৰিব পাৰি, তেন্তে সেইটো তত্ত্বক কোনো পৰীক্ষাই নাকচ কৰিব নোৱাৰে।[5]
২০০৭ চনত, ন'বেল-বিজয়ী ষ্টিভেন ৱেনবাৰ্গে এটা পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে-যদিহে বহুবিশ্বৰ সঁচাকৈয়ে অস্তিত্ব আছে, তেন্তে বিগ বেঙত আমি পৰ্যবেক্ষণ কৰা মানপ্ৰাপ্ত আৰ্হিটোৰ কোৱাৰ্ক ওজন আৰু আনবোৰ ধ্ৰুৱকৰ সঠিক মানৰ যৌক্তিক ব্যাখ্যা লাভ কৰাৰ আশাটো নিৰ্বাপিত হ'ব। কাৰণ সেইবোৰৰ মান আমি বাস কৰা বহুবিশ্বখনৰ এক বিশেষ অংশৰ দুৰ্ঘটনাৰ নিচিনাহে হ'ব ("the hope of finding a rational explanation for the precise values of quark masses and other constants of the standard model that we observe in our Big Bang is doomed, for their values would be an accident of the particular part of the multiverse in which we live.")।[6]
অসীম বিশ্বৰ ধাৰণাটোৰ সম্বন্ধে সৰ্বপুৰণি দৃষ্টান্তটো পোৱা যায় প্ৰাচীন গ্ৰীক দৰ্শনৰ পৰমাণুবাদত (Atomism)। এই ধাৰণাটোৰ মতে, পৰমাণুৰ সংঘৰ্ষৰ জৰিয়তে অসীম সমান্তৰাল বিশ্বৰ উৎপত্তি হৈছে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত দাৰ্শনিক ক্ৰিচিপাছে এইবুলি কয় যে, বিশ্বখনৰ চিৰকাল লয় আৰু পুনৰ-উৎপত্তি হৈ থাকে; যিয়ে সময়জুৰি থকা বহুতো বিশ্বৰ অস্তিত্বৰ ইংগিত দিয়ে।[7]
১৯৫২ চনৰ ডাবলিনত, আৰৱিন শ্ৰুডিঙগাৰে এটা বিশেষ বক্তৃতা প্ৰদান কৰিছিল। বিশেষ প্ৰসংগটোৰ উল্লেখ কৰাৰ পূৰ্বে তেওঁ দৰ্শকক উদ্দেশ্যি একধৰণৰ আমোদজনক সতৰ্কবাণী প্ৰদান কৰিছিল যে, তেওঁ ক'বলৈ ওলোৱা কথাটো হয়তো "উন্মাদৰ দৰে" লাগিব পাৰে। তাৰপিছত তেওঁ কৈছিল যে,-তেওঁৰ সমীকৰণবোৰে বহুতো বৈসাদৃশ্যপূৰ্ণ ইতিহাসৰ বিষয়ে ব্যাখ্যা কৰা যেন লাগিছে। এইবোৰ কিন্তু "বৈকল্পিক নহয়, তাৰ পৰিৱৰ্তে সকলোবোৰেই সমসাময়িক ক্ষেত্ৰতেই" ঘটে ("not alternatives, but all really happen simultaneously")।[8] এনেধৰণৰ দ্বৈৰ্থবাদক "Superposition" বুলি কোৱা হয়।
১৮৯৫ চনত আমেৰিকান দাৰ্শনিক আৰু মনোবিজ্ঞানী উইলিয়াম জেমছে সঘনাই "বহুবিশ্ব" পৰিভাষাটো ব্যৱহাৰ কৰিছিল; অৱশ্যে এক বেলেগ প্ৰসংগতহে তেওঁ সেই পৰিভাষাৰ উল্লেখ কৰিছিল।[9] কল্পকাহিনীত এই পৰিভাষাটো পোনপ্ৰথমবাৰৰ বাবে মাইকেল মৰকুকে ব্যৱহাৰ কৰিছিল। বহুবিশ্বৰ বৰ্তমানৰ প্ৰচলিত ধাৰণাটোক তেওঁ ১৯৬৩ চনত লিখা কল্পবিজ্ঞানধৰ্মী অভিযানমূলক উপন্যাস The Sundered Worldsত ব্যৱহাৰ কৰিছিল। উল্লেখ্য যে, সেই উপন্যাসখন তেওঁৰ দ্বাৰা লিখিত "ইটাৰনেল চেম্পিয়ন" ধাৰাবাহিকৰে এটা খণ্ড আছিল।[10][11]
২০১০ চনৰ ওচৰে-পাজৰে ষ্টিফেন এম. ফিনেইৰ দৰে একাংশ বিজ্ঞানীয়ে WMAP (Wilkinson Microwave Anisotropy Probe)-ৰ কিছুমান ডাটা বিশ্লেষণ কৰে। তেওঁলোকে তাৰপিছত দাবী তোলে যে-সুদূৰ অতীতত কোনো সমান্তৰাল ব্ৰহ্মাণ্ডৰ সৈতে আমাৰখন ব্ৰহ্মাণ্ডৰ সংঘৰ্ষ হৈছিল। তেওঁলোকে সেই সংঘৰ্ষৰ প্ৰমাণ আহৰণ কৰা বুলি কয়।[12][13][14] অৱশ্যে WMAP নামৰ একেটা সঁজুলিৰে ডাটা পুনৰীক্ষণ কৰি আৰু WMAPতকৈও তিনিগুণে বৃহৎ আকাৰৰ প্লেংক নামৰ কৃত্ৰিম উপগ্ৰহটো পৰ্যবেক্ষণ কৰি এই সিদ্ধান্তলৈ অহা যায় যে, তেনেধৰণৰ সংঘৰ্ষত জড়িত হোৱা ব্ৰহ্মাণ্ডৰ সমৰ্থনত পাৰিসংখ্যিকভাৱে শক্তিশালী কোনো প্ৰমাণ এতিয়াও উপলব্ধ হোৱা নাই।[15][16] ইয়াৰ লগতে সংযোজন কৰিব লাগিব যে, আমাৰ ব্ৰহ্মাণ্ডখনৰ ওপৰত ক্ৰিয়া কৰি থকা অইন ব্ৰহ্মাণ্ডৰ কোনোধৰণৰ মহাকৰ্ষণিক টানৰো (gravitational pull) এতিয়ালৈকে প্ৰমাণ পোৱা নাই।[17][18]