বাংলাদেশী ৰন্ধনশৈলী (ইংৰাজী: Bangladeshi Cuisine) বাংলাদেশত উদ্ভৱ হোৱা এক পাকশৈলী। বাংলাদেশৰ বৈচিত্ৰময় ইতিহাস আৰু নদীকেন্দ্ৰিক ভৌগলিক বৈচিত্ৰৰ দ্বাৰা বাংলাদেশী খাদ্যাভাস গঢ় লৈ উঠিছে। দেশখনৰ প্ৰধান খাদ্য হৈছে চাউল আৰু মাছ।[1] বাংলাদেশী জনগোষ্ঠীৰ অধিকাংশই বঙালী নৃগোষ্ঠীৰ, যিয়ে বঙালী খাদ্য অনুসৰণ কৰে। কম সংখ্যক সংখ্যালঘূ অবঙালীয়ে বঙালী খাদ্যৰ লগতে নিজস্ব খাদ্যও গ্ৰহণ কৰে।[2][3][4] পশ্চিম বংগৰ তুলনাত বাংলাদেশী খাদ্যত বিশেষকৈ গৰুৰ মাংসৰ আধিক্য দেখা যায়।[5]
মোগল শাসকসকলে উত্তৰাধিকাৰী সূত্ৰে এৰি থৈ যোৱা মোগল খাদ্যই বাংলাদেশী খাদ্যৰ ওপৰত বহু পৰিমাণে প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত বাংলাদেশী খাদ্যত বিৰিয়ানি আৰু কোৰ্মাৰ দৰে বহুতো চহকী সুগন্ধি খাদ্য অন্তৰ্ভুক্ত হৈছে য’ত প্ৰচুৰ পৰিমাণে ঘিউৰ লগতে বিভিন্ন মছলাৰ ব্যৱহাৰ হয়। ঢাকা মোগল বংগ বা বংগ চুবাহৰ মোগলৰ ৰাজধানী হোৱাৰ বাবে (য'ত আধুনিক বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগক সামৰি লৈছিল) দক্ষিণ এছিয়াৰ এটা প্ৰধান বাণিজ্যিক কেন্দ্ৰ আছিল। এতেকে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা অহা বহুতো ৰন্ধনশৈলীয়ে চহৰখনৰ খাদ্য সম্ভাৰত প্ৰভাৱ পেলাইছিল। ঢাকা পূৰ্ব বংগৰ ৰাজধানী হোৱাৰ পিছত বাংলাদেশী জনসাধাৰণে ঢাকা চহৰৰ খাদ্য গ্ৰহণ কৰিবলৈ লয় আৰু বহুতো পাৰ্চী, তুৰ্কী আৰু আৰবী প্ৰভাৱান্বিত খাদ্য জনপ্ৰিয় হৈ পৰে। [6]
আমেৰিকাৰ পৰা সেউজীয়া জলকীয়া অহাৰ আগতে খাদ্যত জালুক আৰু চুই ঝাল মছলাৰ ব্যৱহাৰ হৈছিল। [7]
ঢাকাইয়া ৰন্ধনশৈলী মোগলাই, মধ্য এছিয়, আৰ্মেনিয়ান, হিন্দুস্তানী আৰু থলুৱা বঙালী খাদ্যৰ দ্বাৰা প্ৰভাৱিত। আনহাতে ইয়াত ঢাকাৰ অনন্য নিজস্বশৈলীৰ খাদ্যও আছে। [8] ঢাকাৰ নবাবসকলে বংগলৈ মোগলাই খাদ্য আনিছিল। মোগলাই খাদ্য উৎপাদনৰ অধিক খৰচৰ বাবে ঔপনিৱেশিক ভাৰতৰ অভিজাত শ্ৰেণীৰ মাজত ইয়াৰ ৰেচিপিসমূহ সীমাবদ্ধ আছিল আৰু বাংলাদেশৰ অৰ্থনীতিৰ বিকাশৰ সমান্তৰালকৈ লাহে লাহে ইয়াৰ সম্প্ৰসাৰণ ঘটিছিল। ভেৰা, ছাগলী, গৰু, দৈ আৰু কম পৰিমাণৰ মছলাৰ ওপৰত মূল গুৰুত্ব দিয়াটোৱে এই শৈলীৰ বিশিষ্টতা। কাবাব, ষ্টাফড ব্ৰেড, কাচ্চী বিৰিয়ানি, ভেৰাৰ ৰোষ্ট, হাঁহ আৰু কুকুৰা, পাতিচেপ্টা, কাশ্মীৰী চাহ, আৰু কোৰ্মা এতিয়াও ঈদ আৰু বিয়াৰ দৰে বিশেষ অনুষ্ঠানত পৰিবেশন কৰা হয়। [9] উচ্চ শ্ৰেণীৰ খাদ্য হোৱা হেতুকে ঘিউৰ দৰে ব্যয়বহুল উপাদান ব্যৱহাৰ কৰা হয় আৰু মুখতে পমি যোৱা বৈশিষ্ট অৰ্জন কৰে। [10]
চট্টগ্ৰাম অঞ্চল জ্বলা-মচলাযুক্ত ব্যঞ্জন, বিশেষকৈ গৰুৰ মাংসৰ বাবে বিখ্যাত। মেজবানি গোষ্ট (অৰ্থাৎ মেজবানৰ গো-মাংসৰ ব্যঞ্জন) অতি জনপ্ৰিয়। মেজবান হৈছে পাৰ্চী শব্দ, যাৰ আক্ষৰিক অৰ্থ হৈছে গৃহস্থ।[11] এই শব্দটোৰ অৰ্থ এতিয়া ‘ৰাজহুৱা ভোজ’। এই পৰম্পৰাৰ উৎপত্তি ঢাকা অঞ্চলৰ পৰাই হৈছিল। ঐতিহাসিকভাৱে মেজবানী হৈছে এক পৰম্পৰাগত আঞ্চলিক ভোজ, য'ত নিমন্ত্ৰিত অতিথিক ভাত (plain rice) আৰু গৰুৰ মাংসৰ সৈতে আপ্যায়ন কৰা হয়।[12]