বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত মুঠ ১৪খন ষ্টেডিয়ামত ৪৯খন খেল অনুষ্ঠিত হৈছিল। অষ্ট্ৰেলিয়াৰ ৭খন ষ্টেডিয়ামত ২৬খন খেল আৰু নিউজিলেণ্ডৰ ৭খন ষ্টেডিয়ামত ২৩খন খেল অনুষ্ঠিত হৈছিল।[ 1] [ 2] মেলব'ৰ্ণ ত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। ১৯৯২ চনৰ পাছত সেয়া দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হয়। ২০১১ চনৰ বিশ্বকাপৰ দৰে সেইবাৰো আই চি চি য়ে শচীন টেণ্ডুলকাৰ ক ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটৰ দূত (ambassador) হিচাপে ঘোষণা কৰে।[ 3]
২০১১ চনত জয়লাভ কৰি ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল। পুল বি-ত স্থান পোৱা ভাৰতৰ প্ৰথমখন খেল ১৫ ফেব্ৰুৱাৰী তাৰিখে পাকিস্তান ৰ বিৰুদ্ধে অনুষ্ঠিত হয়। টিকট মুকলিৰ ১২ মিনিটৰ ভিতৰতে এই খেলখনৰ টিকট বিক্ৰী শেষ হৈ যায়।[ 4]
২০০৬ চনৰ ৩০ এপ্ৰিলত ২০১১, ২০১৫ আৰু ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেট আয়োজক দেশৰ নাম ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ২০১১ চনৰ বিশ্বকাপ আয়োজনৰ অনুমতি বিচাৰিছিল আৰু ২০০৬ চনৰ ১ মাৰ্চৰ সময়সীমাৰ আগত এই অনুমতি বিচৰা মাত্ৰ তেওঁলোকেই আছিল।[ 5] কিন্তু এছীয় দেশকেইখনেও পাছত আগ্ৰহ দেখুৱাই অতিৰিক্ত সময় বিচাৰে। আয়োজক নিৰ্বাচনৰ বাবে হোৱা ভোটদানত এছীয় দেশকেইখন ৭-৪ ভোটত বিজয়ী হয়[ 6] আৰু ফলত ভাৰত , শ্ৰীলংকা , পাকিস্তান আৰু বাংলাদেশ ক ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰিব দিয়া হয়। অৱশ্যে ২০০৯ চনত পাকিস্তানত শ্ৰীলংকা ক্ৰিকেট দলৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত পাকিস্তান আয়োজক দেশৰ তালিকাৰপৰা বাদ পৰে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডক ২০১১ চনৰ সলনি ২০১৫ চনত আৰু ইংলেণ্ড ক ২০১৯ চনত বিশ্বকাপ আয়োজন কৰিবলৈ অনুমোদন জনোৱা হয়।[ 7]
২০১১ চনৰ নিচিনাকৈ এইবাৰো মূল প্ৰতিযোগিতাখনত ১৪টা দলে অংশগ্ৰহ কৰে। আই চি চিৰ সহযোগী (associate and affiliate) সদস্য দেশসমূ্হকো প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ দিয়া হয়।[ 8]
প্ৰতিযোগিতাৰ ধৰণটোও ২০১১ চনৰ সৈতে একে। প্ৰথম পৰ্যায়ত ১৪টা দলে ৭ দলীয়া ২টা গোটত বিভক্ত হৈ অংশগ্ৰহণ কৰে। প্ৰতি দলে নিজৰ গোটৰ আন ৬টা দলৰ বিৰুদ্ধে এখনকৈ খেলত অংশ লোৱাৰ পাছত প্ৰতি গোটৰ শীৰ্ষৰ ৪টা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব আৰু তাৰ পাছত নক আউট ব্যৱস্থাৰে কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ'ব॥
২০১৫ চনৰ ২৯ জানুৱাৰী তাৰিখে আই চি চিয়ে ঘোষণা কৰে যে যদি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলখন অমীমাংসিত হৈ ৰয় তেন্তে ছুপাৰ অ'ভাৰ ৰ ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থা ২০১৫ চনৰ বিশ্বকাপৰপৰা বলবৎ কৰা হয়।[ 9]
হাইলাইট কৰা দেশকেইখনে ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেটত অংশগ্ৰহণ কৰে। WCLৰ দ্বাৰা বা কোৱালিফায়াৰৰদ্বাৰা যোগ্যতা অৰ্জন কৰা দেশ।
কোৱালিফায়াৰত অংশগ্ৰহণ কৰা কিন্তু যোগ্যতা অৰ্জন নকৰা দেশ।
আই চি চিৰ নিৰ্দেশনা মতে, আই চি চিৰ পূৰ্ণ সদস্য ১০খন দেশে পোনপটীয়াকৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে। ২০১১ চনৰ বিশ্বকাপৰ পাছতে সিদ্ধান্ত লোৱা হৈছিল যে পাছৰবাৰৰ বিশ্বকাপত মাত্ৰ পূৰ্ণ সদস্য দেশকেইখনেহে অংশগ্ৰহণ কৰিব।[ 10] আই চি চিৰ বহুকেইখন সহযোগী সদস্য্ দেশে, বিশেষকৈ ২০০৭ আৰু ২০১১ চনৰ বিশ্বকাপত ভাল প্ৰদৰ্শন আগবঢ়োৱা আয়াৰলেণ্ড ক্ৰিকেট দলে এই সিদ্ধান্তৰ ঘোৰ সমালোচনা কৰে। আই চি চি ক্ৰিকেট কমিটীয়ে এক যোগ্যতা অৰ্জনকাৰী পদ্ধতিৰ সমৰ্থন কৰাত,[ 11] ২০১১ চনৰ জুন মাহত আই চি চিয়ে নিজৰ সিদ্ধান্ত সলনি কৰি ২০১৫ চনৰ বিশ্বকাপত ৪খন সহযোগী সদস্য দেশৰ দলসহ ১৪টা দলৰ অংশগ্ৰহণৰ সুবিধা কৰে।[ 12]
২০১১ চনৰ চেপ্তেম্বৰ মাহত আই চি চিৰ কাৰ্যকৰী বৈঠকত আই চি চিয়ে এক নতুন যোগ্যতা অৰ্জনকাৰী পদ্ধতিৰ সিদ্ধান্ত লয়। এই সিদ্ধান্ত আছিল যে ২০১১-১৩ চনৰ ৱৰ্ল্ড ক্ৰিকেট লীগ চেম্পিয়নশ্বিপ ৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব। বাকী থকা ৬টা দলে ২০১১ আই চি চি ৱৰ্ল্ড ক্ৰিকেট লীগ ডিভিজন ২ ৰ তৃতীয় আৰু চতুৰ্থ স্থানৰ দল দুটা আৰু ২০১৩ ৱৰ্ল্ড ক্ৰিকেট লীগ ডিভিজন ৩ ৰ শীৰ্ষৰ দল দুটাৰ সৈতে মিলি এক ১০-দলীয়া বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতা ত (World Cup Qualifier) অংশগ্ৰহণ কৰিব আৰু এই প্ৰতিযোগিতাৰ শীৰ্ষৰ দুটা দলে বিশ্বকাপ ২০১৫ত অংশগ্ৰহণ কৰিব।[ 13] [ 14]
২০১৩ চনৰ ৯ জুলাই তাৰিখে আয়াৰলেণ্ডে প্ৰথমখন দেশ হিচাপে ২০১৫ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে।[ 15] ২০১৩ চনৰ ৪ অক্টোবৰ তাৰিখে আফগানিস্তানে লীগৰ দ্বিতীয় স্থান দখল কৰি পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰে।[ 16]
২০১৪ চনত অনুষ্ঠিত বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাৰ ফাইনেলত স্কটলেণ্ডে সংযুক্ত আৰব আমিৰাত ক পৰাস্ত কৰে আৰু শীৰ্ষৰ দুটা দল হিচাপে দুয়োটা দলে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে।
দল
যোগ্যতা অৰ্জন কৰা পদ্ধতি
বিশ্বকাপত অংশগ্ৰহণ
আগৰবাৰ অংশগ্ৰহণ
পূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন
ৰেংক[ nb 1]
গ্ৰুপ
ইংলেণ্ড
পূৰ্ণ সদস্য
১০ বাৰ
২০১১
(১৯৭৯, ১৯৮৭, ১৯৯২)
১
A
দক্ষিণ আফ্ৰিকা
৬ বাৰ
২০১১
ছেমি ফাইনেল (১৯৯২, ১৯৯৯, ২০০৭))
২
B
ভাৰত
১০ বাৰ
২০১১
বিজয়ী (১৯৮৩ , ২০১১ )
৩
B
অষ্ট্ৰেলিয়া
১০ বাৰ
২০১১
বিজয়ী ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭)
৪
A
শ্ৰীলংকা
১০ বাৰ
২০১১
বিজয়ী (১৯৯৬)
৫
A
পাকিস্তান
১০ বাৰ
২০১১
বিজয়ী (১৯৯২)
৬
B
ৱেষ্ট ইণ্ডিজ
১০ বাৰ
২০১১
বিজয়ী (১৯৭৫, ১৯৭৯)
৭
B
বাংলাদেশ
৪ বাৰ
২০১১
ছুপাৰ ৮ (২০০৭)
৮
A
নিউজিলেণ্ড
১০ বাৰ
২০১১
ছেমি ফাইনেল (১৯৭৫, ১৯৭৯, ১৯৯২, ১৯৯৯, ২০০৭, ২০১১)
৯
A
জিম্বাৱৱে
৮ বাৰ
২০১১
ছুপাৰ ৬ (১৯৯৯, ২০০৩)
১০
B
আয়াৰলেণ্ড
WCL চেম্পিয়নশ্বিপ
২ বাৰ
২০১১
ছুপাৰ ৮ (২০০৭)
১১
B
আফগানিস্তান
০
—
—
১২
A
স্কটলেণ্ড [ 17]
বিশ্বকাপ কোৱালিফায়াৰ
২ বাৰ
২০০৭
গ্ৰুপ পৰ্যায় (১৯৯৯, ২০০৭)
১৩
A
সংযুক্ত আৰৱ আমিৰাত
১ বাৰ
১৯৯৬
গ্ৰুপ পৰ্যায় (১৯৯৬)
১৪
B
↑ পূৰ্ণ সদস্য দেশৰ ৰেংকসমূহ ২০১২ চনৰ ৩১ ডিচেম্বৰ মতে
ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিলে প্ৰতিযোগিতাখনৰ কাৰণে সৰ্বমুঠ ১০ নিযুত ডলাৰ পুৰস্কাৰৰ ধন (প্ৰাইজ মানি) ঘোষণা কৰে। এই ধন ২০১১ চনৰ বিশ্বকাপতকৈ ২০% বেছি। এই ধন তলত দিয়া তালিকা অনুসৰি বিতৰণ কৰা হ'ব।[ 18]
প্ৰদৰ্শন
পুৰস্কাৰৰ ধন (US$)
সৰ্বমুঠ
বিজয়ী
$৩,৯৭৫,০০০
$৩,৯৭৫,০০০
ৰাণাৰ-আপ
$১,৭৫০,০০০
$১,৭৫০,০০০
ছেমি ফাইনেলত পৰাজিত
$৬০০,০০০
$১,২০০,০০০
কোৱাৰ্টাৰ ফাইনেলত পৰাজিত
$৩০০,০০০
$১,২০০,০০০
গ্ৰুপ পৰ্যায়ৰ খেলত জয়ী (প্ৰতিখন)
$৪৫,০০০
$১,৮৯০,০০০
গ্ৰুপ পৰ্যায়ত বিদায় লোৱা দল
$৩৫,০০০
$২১০,০০০
সৰ্বমুঠ
$১০,২২৫,০০০
অৰ্থাৎ প্ৰতিযোগিতাৰ বিজয়ী দলে যদি গ্ৰুপ পৰ্য্যায়ৰ প্ৰতিখন খেলত জয়লাভ কৰে তেন্তে তেওঁলোকে মুঠ $৪,২৪৫,০০০ লাভ কৰিব আৰু গ্ৰুপ পৰ্যায়ত এখনো খেলত জয়লাভ নকৰাকৈ বিদায় লোৱা দলে $৩৫,০০০ লাভ কৰিব।
ছিডনী
মেলব'ৰ্ণ
এডিলেইড
ব্ৰিচবে'ন
পাৰ্থ
ছিডনী ক্ৰিকেট খেলপথাৰ
মেলব'ৰ্ণ ক্ৰিকেট খেলপথাৰ
এডিলেইড অ'ভেল
দ্য গব্বা
WACA খেলপথাৰ
ক্ষমতা : ৪৮,০০০
ক্ষমতা : ১,০০,০২৪
ক্ষমতা : ৫৩,৫০০
ক্ষমতা : ৪২,০০০
ক্ষমতা : ২৪,৫০০
হ'বাৰ্ট
অষ্ট্ৰেলিয়াৰ খেলপথাৰসমূহৰ অৱস্থিতি
নিউজিলেণ্ডৰ খেলপথাৰসমূহৰ অৱস্থিতি
কেনবেৰা
বেলেৰিভ অ'ভেল
মানুকা অ'ভেল
ক্ষমতা: ২০,০০০
ক্ষমতা: ১৩,৫৫০
অকলেণ্ড
খ্ৰাইষ্টচাৰ্চ
ইডেন পাৰ্ক
হেগলী অ'ভেল
ক্ষমতা: ৫০,০০০
ক্ষমতা: ২০,০০০
হেমিল্টন
নেপিয়েৰ
ৱেলিংটন
নেলছন
ডুনেদিন
ছেদ্দন পাৰ্ক
মেকলিন পাৰ্ক
ৱেলিংটন ৰিজিয়নেল খেলপথাৰ
ছেক্সটন অ'ভেল
ইউনিভাৰ্চিটি অ'ভেল
ক্ষমতা: ১২,০০০
ক্ষমতা: ২২,৫০০
ক্ষমতা: ৩৭,০০০
ক্ষমতা: ৫,০০০
ক্ষমতা: ৬,০০০
প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ত মুঠ ৪২খন খেল অনুষ্ঠিত হয়। পুল এ-ত নিউজিলেণ্ডে আৰু পুল বি-ত ভাৰতে নিজৰ আটাইকেইখন খেলত জয়লাভ কৰি নিজ নিজ পুলৰ শীৰ্ষস্থান অধিকাৰ কৰে। প্ৰতি পুলৰ শীৰ্ষৰ ৪টা দল হিচাপে পুল এ-ৰ পৰা নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, বাংলাদেশ আৰু পুল বি-ৰ পৰা ভাৰত, দক্ষিণ আফ্ৰিকা, পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
2015 Cricket World Cup Group A
পুল এ-ৰ খেলসমূহ
শ্ৰীলংকাই টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
কুমাৰ ছাংগাক্কাৰা (শ্ৰীলংকা) এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰূপে পৰিগণিত হয়।[ 19]
ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
ষ্টিভেন ফিন ৰ হেট্ৰিক। উইকেটসমূহ ক্ৰমে ব্ৰেড হেডিন , গ্লেন মেক্সৱেল আৰু মিচ্চেল জনছন ।[ 20]
খেলৰ অন্তিম বলত জেম্ছ টেইলৰ ক আম্পায়াৰে এল বি ডব্লিউ আউট ঘোষণা কৰে কিন্তু ইংলেণ্ডে ডি আৰ এছৰ সুবিধা লোৱাত এই সিদ্ধান্ত পুনঃপৰিদৰ্শন কৰি নট আউট ঘোষণা কৰা হয়। কিন্তু একেটা বলতে জেম্ছ এণ্ডাৰছন ক আম্পায়াৰে ৰাণ আউট ঘোষণা কৰে। খেলৰ শেষত আই চি চিয়ে ৰাণ আউটৰ সিদ্ধান্ত ভুল আছিল বলি স্বীকাৰ কৰে কিয়নো Decision Review System Playing Conditionsৰ ষষ্ঠ পৰিশিষ্টৰ ৩.৬a দফামতে টেইলৰৰ এল বি ডব্লিউৰ সিদ্ধান্ত উঠাই লোৱাৰ পাছত বলটো dead ঘোষণা কৰা উচিত আছিল।[ 21]
নিউজিলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰে
স্কটলেণ্ডৰ ৪জন খেলুৱৈ প্ৰথম বলতে শূন্য ৰাণ কৰি আউট হয় আৰু বিশ্বকাপৰ ইতিহাসত এয়া প্ৰথম এনে ঘটনা।[ 22] স্কটলেণ্ডৰ ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ৫জন খেলুৱৈ শূন্য ৰান কৰি আউট হয়।[ 23]
বাংলাদেশে টছত জিকি প্ৰথমে বেটিং কৰে।
শ্বাকিব অল হাছান এদিনীয়া ক্ৰিকেটত ৪০০০ ৰাণ কৰা বাংলাদেশৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।[ 24]
ইংলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰে।
টিম ছাউডী ৰ এই বলিং প্ৰদৰ্শন বিশ্বকাপৰ কোনো ইনিংছৰ তৃতীয় শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আৰু এদিনীয়া ক্ৰিকেটৰ কোনো ইনিংছত নিউজিলেণ্ডৰ কোনো বলাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।[ 25]
ব্ৰেণ্ডন মেক্কুলামে ১৮টা বলত নিজৰ অৰ্ধশতৰাণ সম্পূৰ্ণ কৰে। এই অৰ্ধশতৰাণ বিশ্বকাপৰ দ্ৰুততম, এদিনীয়া ক্ৰিকেটৰ তৃতীয় দ্ৰুততম আৰু নিউজিলেণ্ডৰ কোনো খেলুৱৈৰ এদিনীয়া ক্ৰিকেটত দ্ৰুততম অৰ্ধশতৰাণ।[ 25]
টছ নহ'ল।
ধাৰাষাৰ বৰষুণৰ বাবে খেলখন ১৬:৪২ বজাত পৰিত্যক্ত ঘোষণা কৰা হয়।
বিশ্বকাপৰ ইতিহাসত এটাও বল নেখেলাকৈ পৰিত্যক্ত হোৱা এইখন দ্বিতীয়খন খেল।[ 26]
শ্ৰীলংকাই টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
শ্ৰীলংকাৰ দুইজন অ'পেনাৰ (লহিৰু থিৰিমানে আৰু তিলকৰত্নে দিলশ্বান ) গ'ল্ডেন ডাকত (শূন্য ৰাণ কৰি প্ৰথম বলত আউট) আউট হয় আৰু এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ই দ্বিতীয় এনে ঘটনা।[ 27]
হামিদ হাছান এদিনীয়া ক্ৰিকেটত ৫০ উইকেট লোৱা প্ৰথমজন আফগান বলাৰ হিচাপে পৰিগণিত হয়। ই এদিনীয়া ক্ৰিকেটৰ সপ্তম দ্ৰুততম ৫০ উইকেট।[ 27]
স্কটলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
আফগানিস্তানে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
স্কটলেণ্ডে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোনো ইনিংছত ২০০ ৰাণ অতিক্ৰম কৰে।[ 28]
এলেছদেয়াৰ ইভান্স আৰু মজিদ হকে নৱম উইকেটৰ যুটীত ৬২ ৰাণ সংগ্ৰহ কৰি স্কটলেণ্ডৰ শ্ৰেষ্ঠ নৱম উইকেটৰ যুটী হিচাপে পৰিগণিত হয়। [ 28]
আফগানিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোনো খেলত জয়লাভ কৰে।[ 28]
অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিং কৰে।
বিশ্বকাপত অষ্ট্ৰেলিয়াৰ নিজৰ সৰ্বনিম্ন স্ক'ৰ।[ 31]
খেলৰ মধ্যভাগত অষ্ট্ৰেলিয়াই ২৬ ৰাণত ৮ উইকেট হেৰুৱায়। অষ্ট্ৰেলিয়াৰ এদিনীয়া ক্ৰিকেট ইতিহাসৰ নিকৃষ্টতম বেটিং বিপৰ্যয়।[ 32]
বিশ্বকাপৰ এই খেলখন চেপেল-হেডলী ট্ৰফী ৰ বাবেও খেলা হৈছিল। এই ট্ৰফীৰ বাবে সাধাৰণতে এক সুকীয়া ছিৰিজ বা খেল অনুষ্ঠিত হয়।[ 33]
এই খেলত জয়লাভ কৰি নিউজিলেণ্ডে কোৱাৰ্টাৰ ফাইনেলত স্থান সুনিশ্চিত কৰে। [ 34]
ইংলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰে।
জ' ৰোট বিশ্বকাপত শতৰাণ কৰা ইংলেণ্ডৰ সবাতোকৈ কম বয়সীয়া খেলুৱৈৰূপে পৰিগণিত হয়।[ 35]
লহিৰু থিৰিমানে বিশ্বকাপত শতৰাণ কৰা শ্ৰীলংকাৰ সবাতোকৈ কম বয়সীয়া খেলুৱৈৰূপে পৰিগণিত হয়।[ 35]
বিশ্বকাপত ১ উইকেটৰ বিনিময়ত বিপক্ষৰ ৩০০ বা ততোধিক ৰাণ অতিক্ৰম কৰি জয়লাভ কৰা শ্ৰীলংকা প্ৰথম দল হিচাপে পৰিগণিত হয়।[ 36]
আফগানিস্তানে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
অষ্ট্ৰেলিয়াই বিশ্বকাপৰ এটা ইনিংছত সৰ্বাধিক ৰাণৰ (৪১৭/৬) অভিলেখ গঢ়ে।[ 37]
দৌলত জাদ্ৰান (আফগানিস্তান) বিশ্বকাপৰ এটা ইনিংছত ১০০ বা ততোধিক ৰাণ দিয়া তৃতীয়জন বলাৰ হিচাপে পৰিগণিত হয়। .[ 37]
অষ্ট্ৰেলিয়াই ২৭৫ ৰাণত জয়লাভ কৰি বিশ্বকাপত সৰ্বাধিক ৰাণত জয়লাভ কৰাৰ অভিলেখ গঢ়ে।[ 38]
বাংলাদেশে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
স্কটলেণ্ডে প্ৰথমবাৰৰ বাবে বিশ্বকাপত ৩০০ বা ততোধিক ৰাণ কৰে।
কাইল কোৱেটজাৰে বিশ্বকাপত স্কটলেণ্ডৰ খেলুৱৈৰ প্ৰথমটো শতৰাণ কৰে আৰু লগতে যিকোনো সহযোগী দেশৰ খেলুৱৈৰ বিশ্বকাপৰ এক ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে।[ 39]
বাংলাদেশে নিজৰ ইতিহাসৰ সৰ্বাধিক ৰাণৰ লক্ষ্য অতিক্ৰম কৰে।[ 40]
এইখন খেলত পৰাস্ত হৈ স্কটলেণ্ডে কোৱাৰ্টাৰ ফাইনেলত স্থান নোপোৱাটো সুনিশ্চিত হয়। [ 39]
আফগানিস্তানে টছত জিকি প্ৰথমে বেটিং কৰে।
নিউজিলেণ্ডৰ ডেনিয়েল ভেট্ট'ৰি য়ে এইখন খেলতে নিজৰ এদিনীয়া কেৰিয়াৰৰ ৩০০তম উইকেটটো লাভ কৰে।[ 41]
এইখন খেলত পৰাস্ত হোৱাত আফগানিস্তানৰ কোৱাৰ্টাৰ ফাইনেলৰ পথ ৰুদ্ধ হয়। [ 42]
অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিং কৰে।
ইয়ান গ'ল্ড ৰ আম্পায়াৰ হিচাপে শততম খেল।[ 43]
গ্লেন মেক্সৱেলে ৰ এদিনীয়া ক্ৰিকেটত প্ৰথমটো শতৰাণ। এই শতৰাণ বিশ্বকাপৰ দ্বিতীয় দ্ৰুতবেগী শতৰাণ আৰু বিশ্বকাপত কোনো অষ্ট্ৰেলিয়ান খেলুৱৈৰ দ্ৰুততম শতৰাণ। (৫১ বলত)[ 44]
তিলকৰত্নে দিলশ্বানে মিচ্চেল জনছন ৰ ১ অ'ভাৰত ৬টা চাৰি কোবায়। বিশ্বকাপৰ ইতিহাসত এনে ঘটনা এয়ে প্ৰথম।[ 45]
কুমাৰ ছাংগাক্কাৰা ই দ্বিতীয়জন বেট্ছমেন হিচাপে এদিনীয়া ক্ৰিকেটত ১৪,০০০ ৰাণ সম্পূৰ্ণ কৰে।[ 46] লগতে তেওঁ বিশ্বকাপৰ ক্ৰমাগত তিনিখন খেলত তিনিটা শতৰাণ কৰাৰ অভিলেখ গঢ়ে।[ 47]
দীনেশ চণ্ডিমলে ৫২ ৰাণ কৰি খেলি থাকোঁতে আঘাতপ্ৰাপ্ত হৈ পেভিলিয়নলৈ উভতে আৰু তেওঁ খেলখনত পুনৰ বেটিং কৰিবলৈ সমৰ্থ নহ'ল।[ 47]
খেলখনত জয়লাভ কৰি অষ্ট্ৰেলিয়াই কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। [ 47]
ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
বিশ্বকাপ ক্ৰিকেটত বাংলাদেশৰ খেলুৱৈৰ প্ৰথমটো শতৰাণ (মেহমুদুল্লা ৰিয়াদ )[ 48]
বিশ্বকাপ ক্ৰিকেটত যিকোনো উইকেটৰ যুটীত বাংলাদেশৰ হৈ সৰ্বাধিক ৰাণ - মেহমুদুল্লা ৰিয়াদ আৰু মুশ্বফিকুৰ ৰহিম (১৪১ ৰাণ)[ 49] লগতে ই ইংলেণ্ডৰ বিপক্ষে বাংলাদেশৰ এদিনীয়াত সৰ্বোচ্চ ৰাণৰ যুটী।[ 50]
ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত বাংলাদেশৰ সৰ্বাধিক স্ক'ৰ।[ 48]
এইখন খেলৰ ফলাফলৰ লগে লগে বাংলাদেশ আৰু শ্ৰীলংকাই কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। [ 51]
এইখন খেলত পৰাস্ত হোৱাৰ লগে লগে ইংলেণ্ডৰ কোৱাৰ্টাৰ ফাইনেলৰ পথ ৰুদ্ধ হয়। [ 52]
শ্ৰীলংকাই টছত জিকি প্ৰথমে বেটিং কৰে।
কুমাৰ ছাংগাক্কাৰাই একেলেঠাৰিয়ে চতুৰ্থটো এদিনীয়া শতক অৰ্জন কৰে।[ 53]
ছাংগাক্কাৰাই উইকেট কীপাৰ হিচাপে ৫৪টা উইকেট লাভ কৰে, বিশ্বকাপত যিকোনো উইকেট কীপাৰৰ এইয়া সৰ্বোচ্চ।[ 53]
এঞ্জেল’ মেথিউজে শ্ৰীলংকাৰ বিশ্বকাপৰ দ্ৰুততম অৰ্ধশতক, আৰু যিকোনো এদিনীয়া খেলৰ দ্বিতীয় দ্ৰুততম অৰ্ধশতক (২০টা বলত) অৰ্জন কৰে।[ 53]
এইয়া আছিল স্কটলেণ্ডৰ বিপক্ষে এতিয়ালৈকে কোনো দলে কৰা সৰ্বোচ্চ স্ক’ৰ।[ 54]
নিউজিলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰে।
মেহমুদুল্লা ৰিয়াদ বিশ্বকাপৰ দুখন খেলত একেলেঠাৰিয়ে শতক অৰ্জন কৰা প্ৰথম বাংলাদেশী খেলুৱৈ হিচাপে পৰিগণিত হয়।[ 55]
ৰছ টেইলৰ এদিনীয়া আন্তৰ্জাতিক খেলত ৫,০০০ বা অধিক ৰাণ কৰা চতুৰ্থজন নিউজিলেণ্ডৰ বেট্ছমেন।[ 55]
ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
বৰষুণৰ বাবে আফগানিস্তানৰ ইনিংছ ৩৭তম অ'ভাৰত শেষ কৰি ডাকৱৰ্থ/লুইছ পদ্ধতিৰে ইংলেণ্ডক ২৫ অ'ভাৰত ১০১ ৰাণৰ লক্ষ্য দিয়া হয়।
অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিং কৰে।
2015 Cricket World Cup Group B
পুল বি-ৰ খেলসমূহ
জিম্বাবোৱেই টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
ডেভিদ মিলাৰ আৰু জে পি ডুমিনী য়ে এদিনীয়া ক্ৰিকেটৰ এক ইনিংছত পঞ্চম উইকেটৰ যুটীত সৰ্বাধিক ২৫৬* ৰাণৰ অভিলেখ গঢ়ে।[ 56]
ভাৰত ৩০০/৭ (৫০ অ'ভাৰ)
আৰু
ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰে
আয়াৰলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
জিম্বাবৱেই টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
সংযুক্ত আৰব আমিৰাতে এদিনীয়া ক্ৰিকেটৰ কোনো ইনিংছত নিজৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে।[ 57]
পাকিস্তানে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
পাকিস্তানে ১ ৰাণত প্ৰথম ৪টা উইকেট হেৰুৱায় আৰু ই এদিনীয়া ক্ৰিকেট ইতিহাসৰ কোনো ইনিংছৰ নিকৃষ্টতম আৰম্ভণি।[ 58]
ৰাণৰ হিচাপত ই আছিল এদিনীয়া ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বৃহত্তম বিজয়।[ 59]
ভাৰত ৩০৭/৭ (৫০ অ'ভাৰ)
আৰু
ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰে।
এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপৰ কোনো খেলত ভাৰতে প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে।[ 60]
ৱেষ্ট ইণ্ডিজে টছত জিকি প্ৰথমে বেটিং কৰে।
বৰষুণৰ বাবে ডাকৱৰ্থ-লুইছ পদ্ধতিৰে জিম্বাবৱেক ৪৮ অ'ভাৰত ৩৬৩ ৰাণৰ লক্ষ্য দিয়া হয়।
ক্ৰিছ গেইলে এদিনীয়া ক্ৰিকেটত ৯০০০ ৰাণ অতিক্ৰম কৰা দ্বিতীয়জন ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ হিচাপে পৰিগণিত হয় (প্ৰথম ব্ৰায়ান লাৰা )।[ 61] গেইলে বিশ্বকাপত দ্বিশতৰাণ কৰা প্ৰথম খেলুৱৈ আৰু এদিনীয়া ক্ৰিকেটত দ্বিশতৰাণ কৰা প্ৰথমজন অভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।[ 62] গেইলৰ দ্বিশতৰাণ আছিল এদিনীয়া ক্ৰিকেটৰ দ্ৰুততম দ্বিশতৰাণ।[ 63] সম্পূৰ্ণ ইনিংছটোত গেইলে ১৬টা ছয় কোবাই ৰোহিত শৰ্মা আৰু এবি ডেভিলিয়াৰ্ছ ৰ এদিনীয়া ক্ৰিকেটৰ কোনো ইনিংছত সৰ্বাধিক ছয় কোবোৱাৰ ৰেকৰ্ড স্পৰ্শ কৰে।[ 64]
গেইলে মাৰ্ল'ন ছেমুৱেল্ছ ৰ সৈতে দ্বিতীয় উইকেটত ৩৭২ ৰাণৰ যুটী গঢ়ে আৰু ই এদিনীয়া ক্ৰিকেটৰ কোনো ইনিংছৰ যিকোনো উইকেটৰ যুটীৰ সৰ্বাধিক ৰাণ। [ 65]
দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে বেটিং কৰে।
এবি ডেভিলিয়াৰ্ছে এদিনীয়া ক্ৰিকেটৰ দ্ৰুততম (৬৪ বলত) ১৫০ ৰাণ সংগ্ৰহ কৰে। [ 67]
ৰাণৰ হিচাপত এই বিজয় (২৫৭ ৰাণৰ) যুটীয়াভাৱে বিশ্বকাপৰ ইতিহাসৰ বৃহত্তম বিজয়। [ 68]
আৰু
ভাৰত ১০৪/১ (১৮.৫ অ'ভাৰ)
সংযুক্ত আৰব এমিৰেটে টছত জিকি প্ৰথমে বেটিং কৰে।
পাকিস্তানে টছত জিকি প্ৰথমে বেটিং কৰে।
বিশ্বকাপৰ এখন খেলত ৫০ ৰাণ আৰু ৪টা উইকেট লোৱা ৱাহাব ৰিয়াজ প্ৰথমজন পাকিস্তানৰ খেলুৱৈ হিচাপে পৰিগণিত হয়।[ 69]
দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে বেটিং কৰে।
দুখন ক্ৰমাগত এদিনীয়া ক্ৰিকেট খেলত ৪০০ ৰাণ কৰা দক্ষিণ আফ্ৰিকা প্ৰথমটো দল হিচাপে পৰিগণিত হয়। বিশ্বকাপ ক্ৰিকেটৰ এটা ইনিংছত দক্ষিণ আফ্ৰিকাই দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে।[ 70]
দ্বিতীয় উইকেটৰ যুটীত এদিনীয়া ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ সৰ্বাধিক ২৪৭ ৰাণ সংগ্ৰহ কৰে হাছিম আমলা আৰু ফাফ ডুপ্লেছিয়ে ।[ 71]
সংযুক্ত আৰব এমিৰেটে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
এদিনীয়া ক্ৰিকেটত ৮০০০ ৰাণ সংগ্ৰহ কৰা শ্বাহিদ আফ্ৰিদি পাকিস্তানৰ চতুৰ্থ খেলুৱৈ হিচাপে পৰিগণিত হয়।[ 72]
আৰু
ভাৰত ১৮৫/৬ (৩৯.১ অ'ভাৰ)
ৱেষ্ট ইণ্ডিজে টছত জিকি প্ৰথমে বেটিং কৰে।
এইখন খেলত জয়লাভ কৰাৰ লগে লগে ভাৰতে কোৱাৰ্টাৰ ফাইনেলত স্থান সুনিশ্চিত কৰে। [ 73]
বিশ্বকাপত ভাৰতৰ এয়া ক্ৰমাগত অষ্টম বিজয়। ইয়াৰ আগতেও ভাৰতে বিশ্বকাপত ক্ৰমাগত সৰ্বাধিক ৮খন খেলত জয়লাভ কৰিছিল।[ 74]
দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে বেটিং কৰে।
খেলৰ মধ্যভাগত হোৱা বৰষুণৰ বাবে খেলখন ৪৭ অ'ভাৰলৈ হ্ৰাস কৰা হয় আৰু দক্ষিণ আফ্ৰিকাক ২৩২ ৰাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়া হয়।
বিশ্বকাপত প্ৰথমবাৰৰ বাবে পাকিস্তানে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে। [উদ্ধৃতিৰ প্ৰয়োজন ]
জিম্বাবৱেই টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
এইখন খেলৰ ফলাফলৰ লগে লগে জিম্বাবৱে আৰু সংযুক্ত আৰব এমিৰেটৰ কোৱাৰ্টাৰ ফাইনেলৰ পথ ৰুদ্ধ হয়। [ 75]
আৰু
ভাৰত ২৬০/২ (৩৬.৫ অ'ভাৰ)
আয়াৰলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰে।
এই খেলৰ ফলাফলৰ লগে লগে পুল এত ভাৰতে শীৰ্ষস্থান লাভ কৰাটো নিশ্চিত হয়।[ 76]
বিশ্বকাপত একেলেথাৰিয়ে ভাৰতৰ বিজয় ৯খন খেললৈ বৃদ্ধি হয় (ভাৰতৰ সৰ্বাধিক আৰু বিশ্বকাপৰ দইতীয় সৰ্বাধিক)।[ 77]
সংযুক্ত আৰব এমিৰেটে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
এ বি ডেভিলিয়াৰ্ছ ৰ এখন বিশ্বকাপত সৰ্বাধিক ছয় (২০) আৰু বিশ্বকাপত সৰ্বাধিক ছয় (৩৬)।[ 78]
দক্ষিণ আফ্ৰিকাই কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। [ 79]
আৰু
ভাৰত ২৮৮/৪ (৪৮.৮ অ’ভাৰ)
ৱেষ্ট ইণ্ডিজে টছত জিকি প্ৰথমে ফিল্ডিং কৰে।
কোনো এখন বিশ্বকাপত কোনো সহযোগী দেশৰ খেলুৱৈৰ সৰ্বাধিক মুঠ ৰাণ - শ্বাইমন আনৱাৰ (সংযুক্ত আৰব আমিৰাত)
বিশ্বকাপৰ সপ্তম উইকেটত সৰ্বাধিক ৰাণৰ যুটী আৰু কোনো টেষ্ট খেলা দেশৰ বিৰুদ্ধে যিকোনো উইকেটৰ যুটীত সংযুক্ত আৰব আমিৰাতৰ সৰ্বাধিক ৰাণ - আমজাদ জাভেদ আৰু নাচিৰ আজিজ (১০৭)[ 80]
আয়াৰলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰে।
এই খেলৰ ফলাফলৰ লগে লগে পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে।
এই খেলৰ ফলাফলৰ লগে লগে আয়াৰলেণ্ডৰ কোৱাৰ্টাৰ ফাইনেলৰ পথ ৰুদ্ধ হয়।
বিশ্বকাপৰ খেলত শতৰাণ কৰা পাকিস্তানৰ প্ৰথম উইকেটৰক্ষক বেট্ছমেন হিচাপে পৰিগণিত হয় চৰফৰাজ আহমেদ ।[ 81]
ভাৰত ৩০২/৬ (৫০ অ’ভাৰ)
আৰু
ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰে।
ভাৰতৰ অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনী ৰ এইয়া আছিল ১০০তম জয়।[ 85]
ভাৰতে ক্ৰমাগত সাতখন খেলত বিপক্ষৰ আটাইকেটা উইকেট দখল কৰে; বিশ্বকাপৰ অভিলেখ।[ 86]
কেইটামান বিতৰ্কিত সিদ্ধান্তৰ বাবে আম্পায়াৰদ্বয় সমালোচনাৰ সন্মুখীন হয়।[ 87] [ 88] আই চি চি ৰ অধ্যক্ষ মুস্তাফা কমালে কয় যে আম্পায়াৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বাংলাদেশে আই চি চিৰ ব'ৰ্ড মিটিঙত আপীল কৰিব।[ 89]
মন্থৰ অ'ভাৰ ৰেটৰ বাবে বাংলাদেশৰ অধিনায়ক মাশ্ৰাফী ম'ৰ্টাজা এখন এদিনীয়াৰপৰা নিলম্বিত হয় আৰু মেচ ফীৰ ৪০% জৰিমণা দিবলগীয়া হয়। বাংলাদেশৰ আনসকল খেলুৱৈয়ো মেচ ফীৰ ২০% জৰিমণা ভৰে।[ 90]
চতুৰ্থ কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী
আৰু
আৰু
তৃতীয় কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী
প্ৰথম ছেমি ফাইনেলৰ বিজয়ী
আৰু
দ্বিতীয় ছেমি ফাইনেলৰ বিজয়ী
↑ ICC Cricket World Cup 2015 Launched
↑ "ICC Cricket World Cup 2015 Schedule" . Archived from the original on 2015-02-08. https://web.archive.org/web/20150208070212/http://www.cricket.com.pk/worldcup/schedule/ । আহৰণ কৰা হৈছে: 2015-02-08 .
↑ "Sachin Tendulkar Named As 2015 Cricket World Cup Ambassador" , "Affairscloud", 22 December 2014.
↑ "World Cup 2015: Tickets of India-Pakistan clash sold out in 12 minutes" . Archived from the original on 2014-11-12. https://web.archive.org/web/20141112064855/http://www.hindustantimes.com/sports-news/cricketnews/world-cup-2015-95-days-to-go-australia-already-minting-money/article1-1285115.aspx । আহৰণ কৰা হৈছে: 2015-02-08 .
↑ "Asia to host 2011 World Cup" . ESPNcricinfo (ESPN Sports Media). 30 April 2006. http://www.espncricinfo.com/ci/content/story/245789.html । আহৰণ কৰা হৈছে: 31 July 2013 .
↑ "Asia promises spectacular World Cup" . Dawn . 2 May 2005. http://www.dawn.com/2006/05/02/spt1.htm । আহৰণ কৰা হৈছে: 2 May 2005 .
↑ "England lands Cricket World Cup" . 30 April 2006. Archived from the original on 7 January 2019. https://web.archive.org/web/20190107023601/http://news.bbc.co.uk/sport2/hi/cricket/4956010.stm%20/default.stm । আহৰণ কৰা হৈছে: 6 January 2015 .
↑ Nayar, K.R. (29 June 2011). "International Cricket Council approves 14-team cup" . Gulf News . http://gulfnews.com/sport/cricket/international-cricket-council-approves-14-team-cup-1.829620 । আহৰণ কৰা হৈছে: 29 June 2011 .
↑ "OUTCOMES FROM ICC BOARD AND COMMITTEE MEETINGS" . ICC. 29 January 2015. Archived from the original on 7 January 2019. https://web.archive.org/web/20190107023603/https://www.icc-cricket.com/cricket-world-cup/news/2015/media-releases/84891/outcomes-from-icc-board-and-committee-meetings । আহৰণ কৰা হৈছে: 29 January 2015 .
↑ "ICC news: ICC confirms 10 teams for next two World Cups" . ESPNcricinfo (ESPN Sports Media). http://www.espncricinfo.com/ci-icc/content/story/509530.html । আহৰণ কৰা হৈছে: 29 June 2011 .
↑ Irish handed further World Cup boost after ICC meeting
↑ "ICC annual conference: Associates included in 2015 World Cup" . ESPNcricinfo (ESPN Sports Media). 28 June 2011. http://www.espncricinfo.com/ci-icc/content/current/story/521049.html । আহৰণ কৰা হৈছে: 29 June 2011 .
↑ "Results of the ICC Chief Executives' Committee meeting in London" . 12 September 2011. http://icc-cricket.yahoo.net/newsdetails.php?newsId=17042_1315836720 । আহৰণ কৰা হৈছে: 13 September 2011 .
↑ "ICC spells out 2015 WC qualification plan" . ESPNcricinfo (ESPN Sports Media). 11 October 2011. http://www.espncricinfo.com/ci-icc/content/current/story/535977.html । আহৰণ কৰা হৈছে: 11 October 2011 .
↑ "Ireland become first team to qualify for the 2015 Cricket World Cup" . Independent.ie (Independent News & Media). 9 July 2013. http://www.independent.ie/sport/ireland-become-first-team-to-qualify-for-the-2015-cricket-world-cup-29407714.html । আহৰণ কৰা হৈছে: 30 July 2013 .
↑ "Afghanistan celebrates cricket World Cup qualification" . BBC News (British Broadcasting Corporation). 4 October 2013. http://www.bbc.co.uk/news/world-asia-24404178 । আহৰণ কৰা হৈছে: 29 December 2013 .
↑ "Scotland Win World Cup Qualifier" . Cricket World Media . http://www.cricketworld.com/scotland-win-world-cup-qualifier/36502.htm । আহৰণ কৰা হৈছে: 17 July 2014 .
↑ "ICC raises prize pool for World Cup" . Cricket Australia. http://www.cricket.com.au/news/icc-cricket-world-cup-prizemoney-increases/2014-11-11 । আহৰণ কৰা হৈছে: 13 November 2014 .
↑ http://sports.ndtv.com/icc-cricket-world-cup-2015/news/237528-kumar-sangakkara-becomes-second-highest-odi-run-getter
↑ "Cricket World Cup 2015: Steven Finn takes hat-trick" . BBC Sport (British Broadcasting Corporation). 14 February 2015. http://www.bbc.co.uk/sport/0/cricket/31468542 । আহৰণ কৰা হৈছে: 14 February 2015 .
↑ "ICC accepts umpiring error on Anderson run-out" . ESPNcricinfo (ESPN Sports Media). 14 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/831485.html । আহৰণ কৰা হৈছে: 14 February 2015 .
↑ "Fort Dunedin and golden ducks" . ESPN Cricinfo. 14 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/833427.html । আহৰণ কৰা হৈছে: 17 February 2015 .
↑ "Records / One-Day Internationals / Team records / Most ducks in an innings" . ESPNcricinfo . ESPN Sports Media. http://stats.espncricinfo.com/ci/content/records/283039.html । আহৰণ কৰা হৈছে: 17 February 2015 .
↑ "ICC World Cup: Shakib Al Hasan First Bangladesh Batsman to Cross 4000 ODI Runs" . NDTV Sports (NDTV Convergence). 19 February 2015. http://sports.ndtv.com/icc-cricket-world-cup-2015/news/237726-icc-world-cup-shakib-al-hasan-first-bangladesh-batsman-to-cross-4000-odi-runs । আহৰণ কৰা হৈছে: 19 February 2015 .
↑ 25.0 25.1 "Southee, McCullum trample England" . ESPNcricinfo (ESPN Sports Media). 20 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/835003.html । আহৰণ কৰা হৈছে: 20 February 2015 .
↑ "Cricket World Cup 2015: Australia v Bangladesh washed out by rain" . BBC Sport (British Broadcasting Corporation). 21 February 2015. http://www.bbc.co.uk/sport/0/cricket/31545382 । আহৰণ কৰা হৈছে: 21 February 2015 .
↑ 27.0 27.1 "Golden ducks for openers, and Mahela on song" . ESPNcricinfo (ESPN Sports Media). 22 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/836525.html । আহৰণ কৰা হৈছে: 22 February 2015 .
↑ 28.0 28.1 28.2 McGlashan, Andrew (26 February 2015). "History for Afghanistan, heartbreak for Scotland" . ESPNcricinfo . ESPN Sports Media. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/838807.html । আহৰণ কৰা হৈছে: 26 February 2015 .
↑ Jayaraman, Shiva. "Sangakkara marks landmark game with fastest ton" . ESPNcricinfo (ESPN Sports Media). http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/839379.html । আহৰণ কৰা হৈছে: 26 February 2015 .
↑ filter=advanced; orderby=batted_score; qualmax1=0; qualmin1=0; qualval1=sixes; template=results; type=batting; view=innings "Statistics / Statsguru / One-Day Internationals / Batting records" . ESPNcricinfo . ESPN Sports Media. http://stats.espncricinfo.com/ci/engine/stats/index.html?class=2 ; filter=advanced; orderby=batted_score; qualmax1=0; qualmin1=0; qualval1=sixes; template=results; type=batting; view=innings । আহৰণ কৰা হৈছে: 26 February 2015 . [সংযোগবিহীন উৎস ]
↑ Goulding, Justin (28 February 2015). "Cricket World Cup: New Zealand beat Australia by one wicket" . BBC Sport. http://www.dailytelegraph.com.au/sport/cricket/cricket-world-cup-2015-australia-loses-an-incredible-8-for-26-in-49-frenetic-minutes/story-fnq1ugvm-1227242684116 । আহৰণ কৰা হৈছে: 28 February 2015 .
↑ Walsh, Dan (28 February 2015). "Cricket World Cup 2015: Australia loses an incredible 8 for 26 in 49 frenetic minutes" . The Daily Telegraph. http://www.dailytelegraph.com.au/sport/cricket/cricket-world-cup-2015-australia-loses-an-incredible-8-for-26-in-49-frenetic-minutes/story-fnq1ugvm-1227242684116 । আহৰণ কৰা হৈছে: 28 February 2015 .
↑ Martin Smith (24 February 2015). "Chappell-Hadlee trophy back up for grabs" . Cricket Australia. http://www.cricket.com.au/news/chappell-hadlee-trophy-up-for-grabs-in-australia-new-zealand-world-cup-clash/2015-02-24 । আহৰণ কৰা হৈছে: 28 February 2015 .
↑ "World Cup: New Zealand book quarter-final slot after thrilling win against Australia" . Hindustan Times. 28 February 2015. Archived from the original on 28 February 2015. https://web.archive.org/web/20150228103827/http://www.hindustantimes.com/cricket-world-cup-2015/worldcup2015-topstories/live-world-cup-2015-score-and-updates-new-zealand-vs-australia-in-auckland-michael-clarke/article1-1321444.aspx । আহৰণ কৰা হৈছে: 28 February 2015 .
↑ 35.0 35.1 "Youngest World Cup centurions for England and Sri Lanka" . ESPN Cricinfo. 1 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/841203.html । আহৰণ কৰা হৈছে: 3 March 2015 .
↑ "England thrashed by Sri Lanka in World Cup in Wellington" . BBC Sport. 1 March 2015. http://www.bbc.co.uk/sport/0/cricket/31680377 । আহৰণ কৰা হৈছে: 1 March 2015 .
↑ 37.0 37.1 "Australia post Cricket World Cup record score v Afghanistan" . BBC Sport. 4 March 2015. http://www.bbc.co.uk/sport/0/cricket/31727203 । আহৰণ কৰা হৈছে: 4 March 2015 .
↑ "Australia post Cricket World Cup record score in victory over Afghanistan" . The Guardian. 4 March 2015. http://www.theguardian.com/sport/2015/mar/04/cricket-world-cup-australia-record-afghanistan । আহৰণ কৰা হৈছে: 4 March 2015 .
↑ 39.0 39.1 "Scotland's Cricket World Cup hopes ended by Bangladesh" . BBC Sport. 5 March 2015. http://www.bbc.co.uk/sport/0/cricket/31743440 । আহৰণ কৰা হৈছে: 5 March 2015 .
↑ "Seniors set up Bangladesh's highest chase" . ESPN Cricinfo. 5 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/843327.html । আহৰণ কৰা হৈছে: 5 March 2015 .
↑ "Vettori's 300, and Shenwari's fifties" . ESPN Cricinfo. 8 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/845531.html । আহৰণ কৰা হৈছে: 8 March 2015 .
↑ Mitchener, Mark (8 March 2015). "Cricket World Cup 2015: New Zealand beat Afghanistan" . BBC Sport. http://www.bbc.co.uk/sport/0/cricket/31785955 । আহৰণ কৰা হৈছে: 8 March 2015 .
↑ "Ian Gould officiates his 100th ODI in Australia-Sri Lanka match in ICC Cricket World Cup 2015" . Cricket Country. 8 March 2015. http://www.cricketcountry.com/news/ian-gould-officiates-his-100th-odi-in-australia-sri-lanka-match-in-icc-cricket-world-cup-2015-261322 । আহৰণ কৰা হৈছে: 8 March 2015 .
↑ "Maxwell's maiden ton takes Australia to 376" . ESPN Cricinfo. 8 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/845535.html । আহৰণ কৰা হৈছে: 8 March 2015 .
↑ "Tillakaratne Dilshan hits six fours off a Mitchell Johnson over" . CricketCountry Staff. 8 March 2015. http://www.cricketcountry.com/news/tillakaratne-dilshan-hits-six-fours-off-a-mitchell-johnson-over-in-australia-vs-sri-lanka-icc-cricket-world-cup-2015-pool-a-match-32-261525 । আহৰণ কৰা হৈছে: 8 March 2015 .
↑ "Sangakkara becomes only 2nd batsman to pass 14,000 ODI runs" . The New Zealand Herald. 8 March 2015. Archived from the original on 3 April 2015. https://web.archive.org/web/20150403011523/http://www.nzherald.co.nz/sport/news/article.cfm?c_id=4&objectid=11414007 । আহৰণ কৰা হৈছে: 8 March 2015 .
↑ 47.0 47.1 47.2 "Cricket World Cup 2015: Australia overcome Sri Lanka in Sydney" . BBC Sport. 8 March 2015. http://www.bbc.co.uk/sport/0/cricket/31787939 । আহৰণ কৰা হৈছে: 8 March 2015 .
↑ 48.0 48.1 "Mahmudullah ton lifts Bangladesh to 275" . ESPN Cricinfo. 9 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/846263.html । আহৰণ কৰা হৈছে: 9 March 2015 .
↑ "Bangladesh reach World Cup quarter-final" . 9 March 2015. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402130936/http://thedailynewnation.com/news/45736/bangladesh-reach-world-cup-quarter-final.html । আহৰণ কৰা হৈছে: 9 March 2015 .
↑ Cricinfo - Bangladesh's Highest Partnerships by Runs http://stats.espncricinfo.com/bangladesh/engine/records/fow/highest_partnerships_for_any_wicket.html?class=2 [সংযোগবিহীন উৎস ] ; id=25; type=team
↑ "2015 Cricket World Cup pools and venues revealed" . Herald Sun . July 30, 2013. http://www.heraldsun.com.au/sport/cricket/cricket-world-cup-pools-and-venues-revealed/story-fni2usfi-1226688015038 । আহৰণ কৰা হৈছে: 3 March 2014 .
↑ "Cricket World Cup 2015: England knocked out by Bangladesh" . BBC Sport. 9 March 2015. http://www.bbc.co.uk/sport/0/cricket/31792930 । আহৰণ কৰা হৈছে: 9 March 2015 .
↑ 53.0 53.1 53.2 "Most consecutive ODI hundreds, and a WC record for Sangakkara" . ESPN Cricinfo. 11 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/847779.html । আহৰণ কৰা হৈছে: 11 March 2015 .
↑ Cricinfo Database http://stats.espncricinfo.com/scotland/engine/records/team/highest_innings_totals.html?class=2 [সংযোগবিহীন উৎস ] ; id=30; type=opposition
↑ 55.0 55.1 "Mahmudullah's twin tons, and Taylor's slow fifty" . ESPN Cricinfo. 13 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/848791.html । আহৰণ কৰা হৈছে: 13 March 2015 .
↑ Mitchener, Mark (15 February 2015). "World Cup 2015: South Africa beat Zimbabwe after record stand" . BBC Sport (British Broadcasting Corporation). http://www.bbc.co.uk/sport/0/cricket/31476376 । আহৰণ কৰা হৈছে: 15 February 2015 .
↑ Jurejko, Jonathan (19 February 2015). "Cricket World Cup 2015: Zimbabwe avoid UAE loss" . BBC Sport (British Broadcasting Corporation). http://www.bbc.co.uk/sport/0/cricket/31529167 । আহৰণ কৰা হৈছে: 19 February 2015 .
↑ "Russell leads rout of sloppy Pakistan" . ESPNcricinfo (ESPN Sports Media). 21 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/835501.html । আহৰণ কৰা হৈছে: 21 February 2015 .
↑ opposition=7; orderby=amount; result=1; team=4; template=results; type=team; view=results "Statistics / Statsguru / One-Day Internationals / Team records" . ESPNcricinfo . ESPN Sports Media. http://stats.espncricinfo.com/ci/engine/stats/index.html?class=2 ; opposition=7; orderby=amount; result=1; team=4; template=results; type=team; view=results । আহৰণ কৰা হৈছে: 21 February 2015 . [সংযোগবিহীন উৎস ]
↑ Monga, Sidharth (22 February 2015). "Dhawan hundred sets up another big-day win" . ESPNcricinfo (ESPN Sports Media). http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/836119.html । আহৰণ কৰা হৈছে: 22 February 2015 .
↑ "Gayle enters 9000 runs: Records / Leading Run Scorers" . ESPNcricinfo (ESPN Sports Media). http://stats.espncricinfo.com/ci/content/records/83548.html । আহৰণ কৰা হৈছে: 24 February 2015 .
↑ "Gayle becomes first batsman to score double ton in world cup" . SportsMirchi.com. http://www.sportsmirchi.com/gayle-becomes-first-batsman-to-score-double-ton-in-world-cup/ .
↑ Krishnaswamy, Karthik (24 February 2015). "Gayle, Samuels smash Zimbabwe and records" . ESPNcricinfo (ESPN Sports Media). http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/837549.html । আহৰণ কৰা হৈছে: 24 February 2015 .
↑ "Most sixes in an innings" . ESPNcricinfo . ESPN Sports Media. http://stats.espncricinfo.com/ci/content/records/283127.html । আহৰণ কৰা হৈছে: 24 February 2015 .
↑ "Highest partnership ever for Chris Gayle and Marlon Samuels" . ESPNcricinfo . ESPN Sports Media. http://stats.espncricinfo.com/momentum-one-day-cup-2014-15/content/records/283574.html । আহৰণ কৰা হৈছে: 24 February 2015 .
↑ 66.0 66.1 "Wilson, K O'Brien seal tense win" . ESPNcricinfo (ESPN Sports Media). 25 February 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/838183.html । আহৰণ কৰা হৈছে: 25 February 2015 .
↑ "De Villiers 162* off 66, WI 151 all out" . ESPNcricinfo . ESPN Sports Media. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/839693.html । আহৰণ কৰা হৈছে: 27 February 2015 .
↑ "15 overs, 222 runs" . ESPNcricinfo . ESPN Sports Media. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/840037.html । আহৰণ কৰা হৈছে: 27 February 2015 .
↑ "Cricket World Cup: Pakistan beat Zimbabwe to keep hopes alive" . BBC Sport. 1 March 2015. http://www.bbc.co.uk/sport/0/cricket/31681255 । আহৰণ কৰা হৈছে: 1 March 2015 .
↑ "Amla fastest to 20 ODI tons" . ESPNcricinfo (ESPN Sports Media). 3 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/842419.html । আহৰণ কৰা হৈছে: 3 March 2015 .
↑ "Cricket World Cup: South Africa beat Ireland by 201 runs" . BBC Sport. 3 March 2015. http://www.bbc.com/sport/0/cricket/31707106 । আহৰণ কৰা হৈছে: 3 March 2015 .
↑ "Afridi's 8000, and Misbah's quick fifties" . ESPNcricinfo (ESPN Sports Media). 4 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/842825.html । আহৰণ কৰা হৈছে: 4 March 2015 .
↑ "India defeat West Indies to reach the Cricket World Cup quarter-finals" . The Guardian. 6 March 2015. http://www.theguardian.com/sport/2015/mar/06/india-west-indies-cricket-world-cup-match-report । আহৰণ কৰা হৈছে: 6 March 2015 .
↑ "Dhoni, bowlers extend World Cup streak" . ESPNcricinfo (ESPN Sports Media). 6 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/843961.html । আহৰণ কৰা হৈছে: 6 March 2015 .
↑ Drummond, Andrew (7 March 2015). "Ireland beat Zimbabwe by five runs" . Yahoo Sports Australia. Archived from the original on 7 March 2015. https://archive.is/20150307173143/https://au.sports.yahoo.com/cricket/news/article/-/26550312/ireland-beat-zimbabwe-by-five-runs/ । আহৰণ কৰা হৈছে: 7 March 2015 .
↑ "Cricket World Cup 2015: Ireland dealt qualification blow by India" . BBC Sport. 10 March 2015. http://www.bbc.co.uk/sport/0/cricket/31811867 । আহৰণ কৰা হৈছে: 10 March 2015 .
↑ "Ashwin, Dhawan make it nine in a row" . ESPNcricinfo (ESPN Sports Media). 6 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/846849.html । আহৰণ কৰা হৈছে: 10 March 2015 .
↑ "Anwar's record and de Villiers' sixes" . ESPNcricinfo (ESPN Sports Media). 12 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/848297.html । আহৰণ কৰা হৈছে: 12 March 2015 .
↑ "Cricket World Cup 2015: South Africa ease into quarter-finals" . BBC Sport (BBC Sport). 12 March 2015. http://www.bbc.co.uk/sport/0/cricket/31846582 । আহৰণ কৰা হৈছে: 12 March 2015 .
↑ "WI in quarter-final barring Adelaide tie" . ESPNcricinfo (ESPN Sports Media). 15 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/850289.html । আহৰণ কৰা হৈছে: 15 March 2015 .
↑ "First World Cup ton by Pakistan wicketkeeper" . ESPNcricinfo (ESPN Sports Media). 15 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/850865.html । আহৰণ কৰা হৈছে: 15 March 2015 .
↑ "JP Duminy Becomes First South African to Claim World Cup Hat-Trick" . NDTV. http://sports.ndtv.com/icc-cricket-world-cup-2015/news/239238-jp-duminy-becomes-first-south-african-to-claim-world-cup-hat-trick । আহৰণ কৰা হৈছে: 18 March 2015 .
↑ "South Africa beat Sri Lanka for their first-ever World Cup knockout win" . NDTV. http://sports.ndtv.com/icc-cricket-world-cup-2015/news/239222-icc-world-cup-2015-live-cricket-score-south-africa-vs-sri-lanka । আহৰণ কৰা হৈছে: 18 March 2015 .
↑ "SA v SL (Scorecard and ball-by-ball details)" . ESPN . http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/851553.html । আহৰণ কৰা হৈছে: 18 March 2015 .
↑ "India beat Bangladesh to reach Cricket World Cup semi-finals" . BBC Sport. 19 March 2015. http://www.bbc.co.uk/sport/0/cricket/31948172 । আহৰণ কৰা হৈছে: 19 March 2015 .
↑ "India 11, Dhoni 100" . ESPN Cricinfo. 19 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/852667.html । আহৰণ কৰা হৈছে: 19 March 2015 .
↑ "Responsible Rohit sees off Bangladesh threat" . ESPNcricinfo (ESPN Sports Media). 19 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/852251.html । আহৰণ কৰা হৈছে: 19 March 2015 .
↑ "World Cup 2015: Protests in Bangladesh over 'biased' umpiring" . AFP . 19 March 2015. http://timesofindia.indiatimes.com/sports/icc-world-cup-2015/top-stories/World-Cup-2015-Protests-in-Bangladesh-over-biased-umpiring/articleshow/46624112.cms । আহৰণ কৰা হৈছে: 19 March 2015 .
↑ "Bangladesh to challenge umpires’ decision" . bdnews24.com . 19 March 2015. http://bdnews24.com/cricket/2015/03/19/bangladesh-to-challenge-umpires-decision । আহৰণ কৰা হৈছে: 19 March 2015 .
↑ "Responsible Rohit sees off Bangladesh threat" . ESPNcricinfo (ESPN Sports Media). 19 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/852251.html । আহৰণ কৰা হৈছে: 19 March 2015 .
↑ "Smith, Hazlewood book semi-final berth" . ESPNcricinfo (ESPN Sports Media). 20 March 2015. http://www.espncricinfo.com/icc-cricket-world-cup-2015/content/story/852819.html । আহৰণ কৰা হৈছে: 20 March 2015 .
↑ "Cricket World Cup 2015: Wahab Riaz and Shane Watson punished" . BBC Sport (British Broadcasting Corporation). 21 March 2015. http://www.bbc.co.uk/sport/0/cricket/31999085 । আহৰণ কৰা হৈছে: 21 March 2015 .
↑ type=tournament "Records / ICC Cricket World Cup, 2014/15 / Most runs" . ESPNcricinfo . ESPN Sports Media. http://stats.espncricinfo.com/ci/engine/records/batting/most_runs_career.html?id=6537 ; type=tournament । আহৰণ কৰা হৈছে: 15 March 2015 . [সংযোগবিহীন উৎস ]
↑ type=tournament "Records / ICC Cricket World Cup, 2014/15 / Most wickets" . ESPNcricinfo . ESPN Sports Media. http://stats.espncricinfo.com/icc-cricket-world-cup-2015/engine/records/bowling/most_wickets_career.html?id=6537 ; type=tournament । আহৰণ কৰা হৈছে: 13 March 2015 . [সংযোগবিহীন উৎস ]