বেন জনচন | |
---|---|
![]() Abraham Blyenberch য়ে অঁকা প্ৰতিকৃতি, ১৬১৭ | |
জন্ম | ব্ৰেঞ্জামিন জনচন ১৫৭২ ইংলেণ্ড |
মৃত্যু | ১৮ আগষ্ট, ১৬৩৭ লণ্ডন, ইংলেণ্ড |
পেচা | নাট্যকাৰ, কবি |
ভাষা | আদি ইংৰাজী ভাষা |
সাহিত্যিক বিপ্লৱ | ইংলিচ নৱজাগৰণ |
স্বাক্ষৰ | ![]() |
বেঞ্জামিন জনছন (ইংৰাজী: Benjamin Jonson; ১১ জুন ১৫৭২ – ১৮ আগষ্ট, ১৬৩৭) এজন ইংৰাজ নাট্যকাৰ আৰু কবি আছিল। জনছনৰ শিল্পীত্বই ইংৰাজী কবিতা আৰু মঞ্চ কৌতুকৰ ওপৰত এক স্থায়ী প্ৰভাৱ পেলাইছিল। তেওঁ হাস্যৰসৰ কৌতুক জনপ্ৰিয় কৰিছিল; তেওঁ ব্যংগাত্মক নাটক Every Man In His Humour (১৫৯৮), Volpone, The Fox (১৬০৬), দ্য এলকেমিষ্ট (১৬১০) আৰু Bartholomew Fair (১৬১৪) আৰু তেওঁৰ গীত আৰু এপিগ্ৰামেটিক কবিতাৰ বাবে সৰ্বাধিক জনাজাত। জেমছ প্ৰথমৰ ৰাজত্বকালত তেওঁক "উইলিয়াম শ্বেইকছপীয়েৰৰ পিছত দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ ইংৰাজী নাট্যকাৰ" বুলি গণ্য কৰা হয়।[1]
জনছন আছিল ইংৰাজী ৰেনেছাঁ যুগৰ এজন ধ্ৰুপদী শিক্ষিত, সুপঢ়া আৰু সংস্কৃতিবান ব্যক্তি, বিতৰ্কৰ প্ৰতি (ব্যক্তিগত আৰু ৰাজনৈতিক, কলাত্মক আৰু বৌদ্ধিক) ক্ষুধা, যাৰ সাংস্কৃতিক প্ৰভাৱ জেকবিয়ান যুগৰ (১৬০৩– ১৬০৪) নাট্যকাৰ আৰু কবিসকলৰ ওপৰত অতুলনীয় বিস্তৃত আছিল। ১৬২৫) আৰু কেৰ’লিন যুগৰ (১৬২৫–১৬৪২)।[2][3]
জনচনৰ জন্ম ১৫৭২ চনৰ জুন মাহত (সম্ভৱতঃ ১১ তাৰিখে) লণ্ডনৰ আশেপাশে হৈছিল। [4][5][6] তেখেতে সৰুতে শিক্ষা গ্ৰহণ কৰিছিল ৱেষ্টমিন্সটাৰ গ্ৰামাৰ স্কুলত। ১৫৮৯ চনত ৱেষ্টমিন্সটাৰ স্কুল এৰি যোৱাৰ পিছত জনচনে কেমব্ৰিজৰ ছেইণ্ট জনছ কলেজত পঢ়ে। পিছত তেওঁ নেদাৰলেণ্ডলৈ যায় আৰু ইংৰাজী ৰেজিমেণ্টৰ সৈতে স্বেচ্ছাসেৱী সৈনিক হিচাপে যোগদান কৰে।
১৫৯২ চন মানত বেন জনচনে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। ১৫৯৮ চনত তেওঁ ব্যঙ্গাত্মক কমেডি Every Man in His Humour অৰ যোগেদি নাট্যকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে।
জনচনৰ নাটকসমূহ তিনিটা ভাগত ভগাব পাৰি:- (১) ৰাজ দৰবাৰত পৰিৱেশিত নৃত্য-গীত সম্বলিত কাব্যিক নাট (Court Masques) (২) বুৰঞ্জীমূলক ট্ৰেজেডি (যেনে Sejanus, Catiline), আৰু (৩) কমেডি। তেওঁৰ বুৰঞ্জীমূলক ট্ৰেজেডিসমূহ যথেষ্ট পাণ্ডিত্যপূৰ্ণ আৰু কষ্টসাধ্য হৈও নীৰস।[7] কমেডিসমূহেই হ'ল জনচনৰ নাট্যকৃতিৰ সৰ্বোৎকৃষ্ট উদাহৰণ। সিবিলাকৰ ভিতৰত উল্লেখযোগ্য হ'ল: The Alchemist, Volpone or The Fox আৰু Epicure or Silent Woman আদি। এই কমেডিসমূহেই জনচনৰ প্ৰতিভা আৰু শৈলীৰ বৈশিষ্ট্যসমূহ স্পষ্ট কৰিছে। লগতে শ্বেইক্সপীয়েৰৰ লগত জনচনৰ নাটাচিন্তাৰ মৌলিক পাৰ্থক্য পৰিলিক্ষত হৈছে। এৰিষ্টটল নিৰ্দেশিত প্ৰাচীন নাট্য-ৰীতিৰ একান্ত অনুগামী হিচাপে জনছনে সম্পূৰ্ণ নিজস্ব পদ্ধতিৰে সমসাময়িক নাট্যজগতত এক সংস্কাৰ সাধনৰ প্ৰচেষ্টাত উঠি পৰি লাগিছিল।[7]
তেখেত এজন বাস্তৱবাদী নাট্যকাৰ আছিল। তেওঁৰ কমেডিসমূহৰ পটভূমি আছিল সমসাময়িক লণ্ডনৰ সমাজ। সমকালীন সমাজ-বাস্তৱতাৰ ৰূপায়ণ তেখেতে নাটকসমূহত সাৰ্থকৰূপত কৰিছে। নাটকৰ ৰচনা শৈলীৰ বেলিকা জনচনে ৰোমাণ্টিক নাটকৰ উচ্ছৃঙ্খলতা পৰিহাৰ কৰি লেটিন কমেডিক আদৰ্শ ৰূপে গ্ৰহণ কৰিছিল। চৰিত্ৰায়নৰ ক্ষেত্ৰত তেওঁ এনে এটা ধাৰণাক ভিত্তি হিচাপে লেছিল যে প্ৰতিজন মানুহেই একোটা বিশেষ গুণ বা মুখ্য আৱেগৰ দ্বাৰা পৰিচালিত হয়। ইয়াক মানুহজনৰ প্ৰধান বৈশিষ্ট্যৰূপে চিহ্নিত কৰিব পাৰি। সেইমতে তেওঁ তেওঁৰ নাটকৰ চৰিত্ৰবোৰৰ মাজত চিহ্নিত কৰিছিল একো একোটা মুখ্য আৱেগ। ইয়াক তেওঁ বুলিছিল 'হিউমাৰ' (humour) আৰু তাৰ আধাৰতে চৰিত্ৰবোৰক সজাই তুলিছিল। সেইবাবেই জনচনৰ নাটকৰ চৰিত্ৰবোৰ শ্বেইক্সপীয়েৰৰ চৰিত্ৰবোৰৰ দৰে জটিল ব্যক্তিত্ব হোৱাৰ পৰিবৰ্তে হৈ পৰে একো একোটা সাঁচত ঢলা প্ৰতীক (type)।[7]