বৰা চাউল (ইংৰাজী: Glutinous rice) ঘাইকৈ পূব আৰু দক্ষিণ-পূব এচিয়াৰ দেশসমূহত উৎপাদিত হোৱা এবিধ চাউল। সিজালে এই চাউলবিধ আঠাযুক্ত হয়। অসমৰ বাহিৰেও এচিয়াৰ বিভিন্ন দেশ যেনে চীন, থাইলেণ্ড, ইণ্ডোনেচিয়া, বাৰ্মা (ম্যানমাৰ), বাংলাদেশ আদিত বৰা চাউলৰ ৰন্ধন প্ৰকৰণৰ বিশেষ প্ৰচলন আছে। অসমত প্ৰধানকৈ জলপান হিচাপে আৰু পিঠা পুৰিবলৈ বৰা চাউল ব্যৱহাৰ কৰা হয়। অসমীয়া জনগোষ্ঠীসমূহৰ পৰম্পৰাগত পানীয় যেনে লাওপানী আদিৰ প্ৰস্তুতকৰণত বৰা চাউল এক প্ৰধান উপকৰণ হিচাপে ব্যৱহৃত হয়।
বৰা চাউল লাওছ, থাইলেণ্ড, কম্বোডিয়া, ভিয়েটনাম, মালয়েচিয়া, ইণ্ডোনেচিয়া, ম্যানমাৰ, বাংলাদেশ, উত্তৰ ভাৰত, চীন, জাপান, কোৰিয়া, টাইৱান আৰু ফিলিপাইনচত উৎপাদিত হয়। লাওছত উৎপাদিত হোৱা চাউলৰ ৮৫ শতাংশই বৰাজাতীয় চাউল।[1]
বিভিন্ন দেশত বিভিন্ন প্ৰকাৰৰ বৰা চাউলৰ খেতি কৰা হয়। অসমত উৎপাদিত হোৱা প্ৰকাৰসমূহ হৈছে বকুল বৰা, আঘোণী বৰা ইত্যাদি।
আহোম ৰজাৰ শাসনকালত নিৰ্মাণ কৰা পকী ভৱন যেনে কাৰেংঘৰ, ৰংঘৰ আদি সাজোঁতে কৰালৰ মিশ্ৰণত বৰা চাউল ব্যৱহাৰ কৰা হৈছিল। বিশ্ব বিখ্যাত চীনৰ প্ৰাচীৰ সাজোঁতেও বৰা চাউল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।[2]