ভাপ বা বাষ্প গেছীয় পৰ্যায়ত থকা পানীযুক্ত পদাৰ্থ৷ বাষ্পীভৱনৰ বাবে বা উতলাৰ বাবে ভাপৰ সৃষ্টি হ’ব পাৰে, য’ত পানী বাষ্পীভৱনৰ পৰ্যায় পোৱালৈকে তাপ প্ৰয়োগ কৰা হয়। সংপৃক্ত বা অতি উত্তাপ (জলীয় বাষ্প) হোৱা ভাপ অদৃশ্য; কিন্তু সেমেকা ভাপ, পানীৰ টোপালৰ দৃশ্যমান কুঁৱলী বা কণিকাক প্ৰায়ে ভাপ বা বাষ্প বোলা হয়।[1]
মানক উষ্ণতা আৰু চাপত পানীৰ আয়তন ১৭০০ গুণ বৃদ্ধি পায়; এই আয়তনৰ পৰিৱৰ্তনক ভাপ ইঞ্জিন, ভাপ ইঞ্জিনৰ উপ-গোট যেনে, পাৰস্পৰিক পিষ্টন শৈলীৰ ইঞ্জিন আৰু ভাপ টাৰ্বাইনৰ দ্বাৰা যান্ত্ৰিক কামলৈ ৰূপান্তৰিত কৰিব পাৰি। ঔদ্যোগিক বিপ্লৱত পিষ্টন শৈলীৰ ভাপ ইঞ্জিনে কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল আৰু আধুনিক ভাপ টাৰ্বাইন ব্যৱহাৰ কৰি বিশ্বৰ ৮০% তকৈ অধিক বিদ্যুৎ উৎপাদন কৰা হয়। যদি তৰল পানী অতি গৰম পৃষ্ঠৰ সংস্পৰ্শলৈ আহে বা ইয়াৰ ভাপৰ চাপৰ তলত পৰি দ্ৰুতভাৱে চাপ হ্ৰাস পায়, তেন্তে ই ভাপ বিস্ফোৰণৰ সৃষ্টি কৰিব পাৰে।
পৰম্পৰাগতভাৱে কয়লা আৰু অন্যান্য ইন্ধনৰ জৰিয়তে বয়লাৰ গৰম কৰি বাষ্প সৃষ্টি কৰা হয় যদিও সৌৰশক্তিৰ সহায়ত ভাপ সৃষ্টি কৰাও সম্ভৱ।[2][3][4] পানীৰ টোপাল অন্তৰ্ভুক্ত কৰা জলীয় বাষ্পক সেমেকা ভাপ বুলি বৰ্ণনা কৰা হয়। সেমেকা ভাপ আৰু অধিক গৰম কৰাৰ লগে লগে টোপালবোৰ বাষ্পীভৱন হয় আৰু যথেষ্ট উচ্চ উষ্ণতাত (যি চাপৰ ওপৰত নিৰ্ভৰ কৰে) সকলো পানী বাষ্পীভৱন হয় আৰু ব্যৱস্থাটো বাষ্প–তৰল ভাৰসাম্যত থাকে।[5] যেতিয়া ভাপ এই ভাৰসাম্য বিন্দুত উপনীত হয়, তেতিয়া ইয়াক সংপৃক্ত ভাপ বুলি কোৱা হয়।
অতি উত্তাপিত বাষ্প বা জীয়াই থকা ভাপ হৈছে চাপৰ বাবে ইয়াৰ উতলাংকতকৈ অধিক উষ্ণতাৰ ভাপ, যিটো কেৱল তেতিয়াহে হয় যেতিয়া সকলো তৰল পানী বাষ্পীভৱন হয় বা ব্যৱস্থাটোৰ পৰা আঁতৰাই পেলোৱা হয়।[6]
ভাপ তালিকা[7]ত পানী/সংপৃক্ত বাষ্পৰ বাবে তাপগতিবিদ্যাৰ তথ্য থাকে আৰু অভিযন্তা আৰু বিজ্ঞানীসকলে প্ৰায়ে সঁজুলিৰ ডিজাইন আৰু পৰিচালনাত ইয়াক ব্যৱহাৰ কৰে, য'ত বাষ্পৰ সৈতে জড়িত তাপগতিবিদ্যাৰ চক্ৰ ব্যৱহাৰ কৰা হয়। তদুপৰি পানী/ভাপৰ বাবে তাপগতিবিদ্যাৰ পৰ্যায়ৰ ডায়েগ্ৰাম, যেনে উষ্ণতা-এণ্ট্ৰপি ডায়েগ্ৰাম বা এই প্ৰবন্ধত দেখুওৱা মলিয়াৰ ডায়েগ্ৰাম উপযোগী হ'ব পাৰে। তাপগতিবিদ্যাৰ চক্ৰ বিশ্লেষণৰ বাবেও ভাপ তালিকা ব্যৱহাৰ কৰা হয়।
![]() |
![]() |
![]() |
Enthalpy-entropy (h-s) diagram for steam | Pressure-enthalpy (p-h) diagram for steam | Temperature-entropy (T-s) diagram for steam |
কৃষিক্ষেত্ৰত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ পৰা হাত সাৰিবলৈ আৰু মাটিৰ গুণাগুণ বৃদ্ধি কৰিবলৈ মাটি বীজাণুমুক্তকৰণৰ বাবে ভাপ ব্যৱহাৰ কৰা হয়।[8]
ভাপৰ দ্বাৰা তাপ স্থানান্তৰ কৰাৰ কাৰ্য ঘৰতো ব্যৱহাৰ কৰা হয়; শাক-পাচলি ৰন্ধা, কাপোৰ, কাৰ্পেট, মজিয়া ভাপৰ দ্বাৰা পৰিষ্কাৰ কৰা আৰু ঘৰৰ ভিতৰ গৰম কৰাৰ বাবে। প্ৰতিটো ক্ষেত্ৰতে বয়লাৰত পানী গৰম কৰা হয় আৰু ভাপে শক্তিক লক্ষ্য বস্তুটোলৈ লৈ যায়। কাপোৰ ইস্ত্ৰী কৰাতো ভাপ ব্যৱহাৰ কৰা হয়, ইয়াত গৰমৰ লগত যথেষ্ট আৰ্দ্ৰতা যোগ হয়, যাতে কাপোৰৰ ভাঁজবোৰ মিলি যায় আৰু কাপোৰত বিচৰাধৰণে ভাঁজ দিব পাৰি।
২০০০ চনত সকলো বিদ্যুতৰ প্ৰায় ৯০% প্ৰায় সকলোবোৰ ভাপ টাৰ্বাইনৰ দ্বাৰা ভাপক কাৰ্যক্ষম তৰল পদাৰ্থ হিচাপে ব্যৱহাৰ কৰি উৎপাদন কৰা হৈছিল৷[9]
বৈদ্যুতিক উৎপাদনত ভাপ সাধাৰণতে ইয়াৰ প্ৰসাৰণ চক্ৰৰ শেষত ঘনীভূত হয়, আৰু পুনৰ ব্যৱহাৰৰ বাবে বয়লাৰলৈ ঘূৰাই অনা হয়। কিন্তু সহ-উৎপাদনত বাষ্পক বিদ্যুৎ উৎপাদন চক্ৰত ব্যৱহাৰ কৰাৰ পিছত তাপ শক্তি প্ৰদান কৰিবলৈ “জিলা তাপ ব্যৱস্থা’’ৰ জৰিয়তে অট্টালিকাসমূহলৈ পাইপেৰে প্ৰেৰণ কৰা হয়। বিশ্বৰ আটাইতকৈ ডাঙৰ ভাপ উৎপাদন ব্যৱস্থাটো হৈছে নিউয়ৰ্ক চহৰৰ ভাপ ব্যৱস্থা, যিয়ে সাতটা সহ-উৎপাদন প্লাণ্টৰ পৰা মানহাটানৰ এক লাখ অট্টালিকালৈ ভাপ পাম্প কৰে।[10]
অটোক্লেভত ভাপৰ চাপ ব্যৱহাৰ কৰি মাইক্ৰ’বায়’লজী পৰীক্ষাগাৰ আৰু অনুৰূপ পৰিৱেশত বিশুদ্ধিকৰণ কৰা হয়।
ভাপ, বিশেষকৈ শুকান (অতি অতি উত্তাপিত) ভাপক বিশুদ্ধিকৰণৰ মাত্ৰালৈকেও এন্টিমাইক্ৰ’বিয়াল ক্লিনিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ভাপ হৈছে এক অবিষাক্ত এন্টিমাইক্ৰ'বিয়াল এজেণ্ট।[11] [12]