ভাৰতত কন্যা ভ্ৰুণ হত্যা (ইংৰাজী: Female foeticide in India) হৈছে আইনী পদ্ধতিৰ বাহিৰত কন্যা ভ্ৰুণৰ গৰ্ভপাত। কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ ভিত্তিত পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক গৱেষণাই ২০০০-ৰ পৰা ২০১৯-লৈ কমেও ৯০ লাখ কন্যা ভ্ৰুণ হত্যাৰ ইংগিত দিছে। গৱেষণাত দেখা গৈছে যে এই ভ্ৰুণ হত্যাৰ ৮৬.৭% হিন্দু (জনসংখ্যাৰ ৮০%)। তাৰ পিছতে আছে শিখ(জনসংখ্যাৰ ১.৭%) ৪.৯%, আৰু মুছলমান(জনসংখ্যাৰ ১৪%) ৬.৬%। উক্ত গৱেষণাই অৱশ্যে এই সময়ছোৱাত ল’ৰা সন্তানৰ প্ৰতি থকা পছন্দ সামগ্ৰিকভাৱে হ্ৰাস পোৱাৰ ইংগিতও দিছে। [2]
প্ৰাকৃতিক লিংগ অনুপাত প্ৰতি ১০০ গৰাকী মহিলাৰ ভিতৰত ১০৩-ৰ পৰা ১০৭ জন পুৰুষ বুলি ধৰা হয় আৰু ইয়াৰ ওপৰৰ যিকোনো সংখ্যাই কন্যা ভ্ৰুণ হত্যাৰ ইংগিত দিয়ে বুলি ধৰা হয়। দহ বছৰৰ মূৰেমূৰে হোৱা লোকপিয়ল অনুসৰি ভাৰতত ০-ৰ পৰা ৬ বছৰ বয়সৰ লিংগ অনুপাত ১৯৬১ চনত প্ৰতি ১০০ গৰাকী মহিলাৰ বিপৰীতে ১০২.৪ জন [3] পুৰুষৰ পৰা,[2] ১৯৮০ চনত ১০৪.২ জন, ২০০১ চনত ১০৭.৫ জন, ২০১১ চনত ১০৮.৯ জনলৈ বৃদ্ধি পাইছে। [4]
ভাৰতৰ সকলো পূৰ্বাঞ্চল আৰু দাক্ষিণাত্যৰ ৰাজ্যসমূহত শিশুৰ লিংগ অনুপাত স্বাভাৱিক পৰিসৰৰ ভিতৰত আছে। [5] কিন্তু কিছুমান পশ্চিমাঞ্চলৰ আৰু বিশেষকৈ উত্তৰ-পশ্চিমৰ ৰাজ্য, যেনে- মহাৰাষ্ট্ৰ, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰত এই অনুপাত যথেষ্ট বেছি। ২০১১ চনৰ পিয়লৰ হিচাপত এই অনুপাত ক্ৰমে ১১৮, ১২০ আৰু ১১৬। [6] পশ্চিমৰ মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত ১১৩, গুজৰাটত ১১২ আৰু উত্তৰ প্ৰদেশত ১১১ পোৱা গৈছে। [7]
ভাৰতৰ লোকপিয়লৰ তথ্যই ইংগিত দিয়ে যে মহিলাৰ এটা বা দুটা সন্তান হ’লে লিংগ অনুপাত হতাশাজনক হয়। কিন্তু সন্তান অধিক হোৱাৰ লগে লগে এই অনুপাত উন্নত হয়; যিটো লিংগ নিৰ্বাচন "বন্ধ কৰা প্ৰথা"ৰ (জন্মৰ লিংগৰ ওপৰত ভিত্তি কৰি সন্তান জন্ম দিয়া বন্ধ কৰা) ফল। [8] ভাৰতীয় লোকপিয়লৰ তথ্যয়ো প্ৰকাশ কৰে যে অস্বাভাৱিক লিংগ অনুপাত আৰু উন্নত আৰ্থ-সামাজিক অৱস্থা তথা সাক্ষৰতাৰ মাজত ইতিবাচক সম্পৰ্ক আছে। ইয়াৰ সৈতে ভাৰতৰ যৌতুক প্ৰথাৰ সম্পৰ্ক থাকিব পাৰে, য'ত ছোৱালী এজনীক আৰ্থিক বোজা হিচাপে দেখা গ'লে যৌতুকজনীত মৃত্যু ঘটিব পাৰে। ১৯৯১, ২০০১ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি নগৰীয়া ভাৰতত গ্ৰাম্য ভাৰততকৈ শিশুৰ লিংগ অনুপাত বেছি। ইয়াৰ পৰা বুজা যায় যে চহৰীয়া ভাৰতত কন্যা ভ্ৰুণ হত্যাৰ প্ৰাদুৰ্ভাৱ বেছি। একেদৰে য’ত প্ৰধান সংখ্যাগৰিষ্ঠ হিন্দু, তাত প্ৰতি ১০০ জনী ছোৱালীৰ বিপৰীতে লিংগ অনুপাত ১১৫ জনলৈকে দেখা যায়। আনহাতে মুছলমান, শিখ বা খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ অঞ্চলত এই অনুপাত ১০৪-ৰ পৰা ১০৬। এই তথ্যসমূহে প্ৰকাশ কৰে যে লিংগ নিৰ্বাচনৰ কাৰ্যকলাপ ভাৰতীয় সমাজৰ বিশেষ ধৰ্মৰ কিছুমান শিক্ষিত আৰু ধনীলোকৰ মাজত দেখা যায়। [6] [9]
এই উচ্চ লিংগ অনুপাত কেৱল কন্যা ভ্ৰুণ হত্যাৰ ফলত হয় নে কিছু অংশ প্ৰাকৃতিক কাৰণতো হয় সেই বিষয়ে বিতৰ্ক চলি আছে। [10] ভাৰত চৰকাৰে প্ৰসৱৰ পূৰ্বে যৌন পৰীক্ষা আৰু কন্যা ভ্ৰুণ হত্যা নিষিদ্ধ আৰু শাস্তি প্ৰদানৰ বাবে ১৯৯৪ চনত প্ৰি-কনচেপচন এণ্ড প্ৰি-নেটেল ডায়েগনষ্টিক টেকনিকছ আইন (PCPNDT) গৃহীত কৰে। বৰ্তমান ভাৰতত ভ্ৰুণৰ লিংগ নিৰ্ধাৰণ বা কাৰোবাৰ আগত প্ৰকাশ কৰাটো অবৈধ। কিন্তু এই আইনখন কৰ্তৃপক্ষই সঠিকবাবে বলবৎ কৰিব পৰা নাই বুলি উদ্বেগ প্ৰকাশ কৰা হৈছে। [11]