ভি. কে. মূৰ্তি | |
---|---|
২০১০ চনত মূৰ্তি | |
জন্ম | ভেংকটৰামা পণ্ডিত কৃষ্ণমূৰ্তি ২৬ নৱেম্বৰ, ১৯২৩ মহীশূৰ, মহিশূৰ ৰাজ্য, ব্ৰিটিছ ভাৰত |
মৃত্যু | ০৭ এপ্ৰিল, ২০১৪ (৯০ বছৰ) বেংগালুৰু, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চিত্ৰগ্ৰহণকাৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৫১-২০০১ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | দাদা চাহেব ফাল্কে বঁটা (২০০৮) |
ভেংকটৰামা পণ্ডিত কৃষ্ণমূৰ্তি (ইংৰাজী: Venkatarama Pandit Krishnamurthy ; ২৬ নৱেম্বৰ ১৯২৩ – ৭ এপ্ৰিল ২০১৪) একালৰ ভায়োলিনবাদক তথা কাৰাবন্দী স্বাধীনতা সংগ্ৰামী গুৰু দত্তৰ চলচ্চিত্ৰৰ নিয়মীয়া কেমেৰামেন আছিল; যাক পেছাগতভাৱে ভি.কে. মূৰ্তি নামেৰে জনা গৈছিল।[1] তেওঁ কিছু ভাৰতীয় চলচ্চিত্ৰৰ উল্লেখযোগ্য বিপৰীতমুখী ক’লা আৰু বগা ৰঙৰ প্ৰতিচ্ছবি নিৰ্মাণৰ বাবে প্ৰখ্যাত। ভাৰতৰ প্ৰথমখন চিনেমাস্কোপ ছবি কাগজ কে ফুলৰ চিত্ৰগ্ৰহণো তেৱেঁ কৰিছিল। চলচ্চিত্ৰ উদ্যোগ, বিশেষকৈ ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০০৫ চনত আই.আই.এফ.এ. লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয়। ২০১০ চনত ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক দাদা চাহেব ফালকে বঁটাৰে সন্মানিত কৰা হয়।
১৯২৩ চনৰ ২৬ নৱেম্বৰত মহীশূৰত এটা ব্ৰাহ্মণ পৰিয়ালত[2] মূৰ্তিৰ জন্ম হৈছিল। তেওঁ লক্ষ্মীপুৰম স্কুলত পঢ়িছিল আৰু তাত সংগীতক নিজৰ ঐচ্ছিক বিষয় হিচাপে বাছি লৈ ভায়’লিন বজাবলৈ শিকিছিল।[3] ১৯৪৬ চনত তেওঁ বাংগালুৰুৰ শ্ৰীজয়চমৰাজেন্দ্ৰ পলিটেকনিকৰ (বৰ্তমানৰ চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান) পৰা চিনেমেট'গ্ৰাফীত ডিপ্লমা লাভ কৰে।[1] ছাত্ৰ হিচাপে তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামত অংশ লৈ ১৯৪৩ চনত কাৰাবৰণ কৰে।[4] দৃশ্য মাধ্যমৰ প্ৰতি প্ৰবল আকৰ্ষণ অনুভৱ আৰু এই ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ ইচ্ছা কৰি তেওঁ পঢ়া-শুনা এৰি বোম্বাইলৈ (বৰ্তমান মুম্বাই) ৰাওনা হয়।
মূৰ্তিয়ে মহাৰাণা প্ৰতাপ ছবিখনেৰে চলচ্চিত্ৰত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ১৯৫১ চনৰ বাজীত তেওঁ চিনেমাট’গ্ৰাফাৰ ভি ৰাত্ৰৰ সহকাৰী হিচাপে কাম কৰে, যিখন পৰিচালক হিচাপে গুৰু দত্তৰ প্ৰথম ছবি আছিল। মূৰ্তিৰ মসৃণ আৰু তৰল চিত্ৰগ্ৰহণত আপ্লুত হৈ দত্তই তেওঁক তেওঁৰ পৰৱৰ্তী ছবি জালৰ (১৯৫২) বাবে লয়, যিখন মুখ্য চিত্ৰগ্ৰহণকাৰী হিচাপে মূৰ্তিৰ প্ৰথমখন ছবি।[5] তাৰ পিছৰে পৰা মূৰ্তি, ১৯৬৪ চনত গুৰু দত্তৰ মৃত্যুলৈকে তেওঁৰ দলৰ অংশ হৈ পৰে।
১৯৫৯ চনত গুৰু দত্তৰ কাগজ কে ফুল নামৰ ছবিখনে পৰিচালকৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে সমালোচকৰ প্ৰশংসা লাভ কৰে। আনবোৰ দিশতকৈ চিনেমেট’গ্ৰাফীৰ ক্ষেত্ৰত যথেষ্ঠ প্ৰশংসা লাভ কৰাৰ লগতে এই ক্ষেত্ৰত অতুলনীয় ইতিহাসৰ সৃষ্টি কৰিছিল। ভি কে মূৰ্তিয়ে ব্যাপক প্ৰশংসা লাভ কৰে আৰু শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফাৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৬২ চনত চাহিব বিবি ঔৰ গুলামৰ বাবে মূৰ্তিয়ে আকৌ এই বঁটা লাভ কৰি মূৰ্তিয়ে একে কৃতিত্বৰ পুনৰাবৃত্তি কৰে। দত্তৰ মৃত্যুৰ আগলৈকে তেওঁ পৰিচালকজনৰ সৈতে একচেটিয়াভাৱে কাম কৰে। গুৰু দত্তৰ প্যাসা, চাহিব বিবি ঔৰ গুলাম আৰু আৰপাৰ আদি ছবিত মূৰ্তিৰ শ্ৰেষ্ঠত্ব প্ৰকাশ পাইছিল। দত্তৰ মৃত্যুৰ পিছত মূৰ্তিয়ে কামাল আমৰোহীৰ সৈতে তেওঁৰ মাষ্টাৰপিছ পাকিজা আৰু ৰাজিয়া চুলতানৰ কাম কৰে। গুৰু দত্তৰ পিছত মূৰ্তিয়ে আন পৰিচালকক বিশেষ উৎকৃষ্ট কাম দিব পৰা নাছিল। পিছৰ বছৰবোৰত তেওঁ প্ৰমোদ চক্ৰৱৰ্তী (নয়া জামানা, জুগনু), শ্যাম বেনেগাল আৰু গোবিন্দ নিহলানী (তমছ) আদি পৰিচালকৰ সৈতে কাম কৰিছিল।
ৰাজেন্দ্ৰ সিং বাবু পৰিচালিত, অন্যতম প্ৰশংসিত কানাড়া ছবি হুভু হান্নু ছবিৰ চিনেমেট’গ্ৰাফাৰ আছিল মূৰ্তি আৰু তেওঁ সেই ছবিখনৰ এটা চৰিত্ৰতো অভিনয় কৰিছিল। দূৰদৰ্শনৰ দ্বাৰা প্ৰযোজিত আৰু শ্যাম বেনেগালৰ দ্বাৰা পৰিচালিত বহুল প্ৰশংসিত টেলিভিছন ধাৰাবাহিক ভাৰত এক খোজৰ মুখ্য চিনেমেট’গ্ৰাফাৰ আছিল মূৰ্তি।
ৱিকিমিডিয়া কমন্সত V. K. Murthy সম্পৰ্কীয় মিডিয়া ফাইল আছে। |