ভি শান্তাৰাম | |
---|---|
শান্তাৰাম, ১৯৩৮ | |
জন্ম | শান্তাৰাম ৰাজাৰাম ৱনকুদ্ৰে ১৮ নৱেম্বৰ, ১৯০১ কোহলাপুৰ, কোহলাপুৰ ষ্টেট, বৃটিছ ভাৰত |
মৃত্যু | ৩০ অক্টোবৰ, ১৯৯০ (৮৮ বছৰ) বোম্বে, মহাৰাষ্ট্ৰ |
অন্য নাম | আন্নাচাহেব |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯২১-১৯৮৭[1] |
দাম্পত্যসঙ্গী |
|
শান্তাৰাম ৰাজাৰাম ৱনকুদ্ৰে ((ইংৰাজী: Shantaram Rajaram Vankudre ; ১৮ নৱেম্বৰ ১৯০১ – ৩০ অক্টোবৰ ১৯৯০) হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ বাবে পৰিচিত এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। তেওঁক ভি শান্তাৰাম বা শান্তাৰাম বাপু বুলিও কোৱা হয়।[2] ড° কোটনিছ কি অমৰ কহানী (১৯৪৬), অমৰ ভূপালী (১৯৫১), ঝনক ঝনক পায়ল বাজে (১৯৫৫), দো আঁখেঁ বাৰহ হাথ (১৯৫৭), নৱৰং (১৯৫৯), দুনিয়া না মানে (১৯৩৭, পিঞ্জৰা (১৯৭২), চানী, ইয়ে মাৰাঠিচে নাগৰী আৰু জুঞ্জ শান্তাৰাম পৰিচালিত প্ৰখ্যাত ছবি।
ভি শান্তাৰামে কোলহাপুৰৰ বাবুৰাও পেইণ্টাৰৰ মালিকানাধীন মহাৰাষ্ট্ৰ ফিল্ম কোম্পানীত সৰু-সুৰা কাম কৰি নিজৰ চলচ্চিত্ৰীয় কৰ্মজীৱন আৰম্ভ কৰিছিল।[3] ১৯২১ চনত তেওঁ নিৰ্বাক ছবি সুৰেখা হৰণত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে।[4]
আন্নাচাহেব (अण्णासाहेब) নামেৰে মৰমেৰে অন্যলোকে সম্বোধন কৰা শান্তাৰাম প্ৰায় সাত দশক ধৰি চলচ্চিত্ৰ নিৰ্মানৰ সৈতে জড়িত আছিল। সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে চলচ্চিত্ৰ মাধ্যমৰ কাৰ্যকাৰিতা উপলব্ধি কৰা প্ৰাৰম্ভিক চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত তেওঁ অন্যতম। এফালে মানৱতাবাদৰ পোষকতা আৰু আনফালে কুসংস্কাৰ আৰু অন্যায়ক উদঙাই দিয়াৰ বাবে তেওঁ এই মাধ্যমটোক সফলতাৰে ব্যৱহাৰ কৰিছিল। ভি শান্তাৰাম আছিল সংগীতৰ প্ৰতি অতি আগ্ৰহী। কোৱা হয় যে তেওঁ বহু সংগীত পৰিচালকৰ বাবে অন্য প্ৰসিদ্ধ ব্যক্তিৰ নামেৰে(ghost-writer) গীত লিখিছিল, আৰু সংগীত ৰচনাত সক্ৰিয় অংশ লৈছিল। ভি শান্তাৰামৰ ছবিৰ কিছুমান গীত তেওঁৰ অনুমোদন পোৱাৰ আগতে কেইবাবাৰো আখৰা কৰিবলগীয়া হৈছিল।[5] তেওঁৰ মাৰাঠী ছবি মানুসৰ বাবে চাৰ্লি চেপলিনেও তেওঁক প্ৰশংসা কৰিছিল। চেপলিনে ছবিখন বহুত ভাল পাইছিল বুলি কোৱা হয়।[6]
নেতাজী পালকাৰ (১৯২৭) তেওঁ পৰিচালনা কৰা প্ৰথম ছবি।[7] ১৯২৯ চনত বিষ্ণুপন্ত দামলে, কে.আৰ. ধাইবাৰ, এছ ফটেলাল আৰু এছ.বি. কুলকাৰ্ণীৰ সৈতে তেওঁ ‘প্ৰভাত ফিল্ম কোম্পানী’ প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানৰ পৰা নিৰ্মিত প্ৰথম ছবিখন আছিল ১৯৩২ চনত মুক্তি পোৱা আৰু তেৱেঁ পৰিচালনা কৰা মাৰাঠী ছবি অযোধ্যেছা ৰাজা।[8] মুম্বাইত "ৰাজকমল কালামন্দিৰ" প্ৰতিষ্ঠা কৰিবলৈ ১৯৪২ চনত তেওঁ প্ৰভাত ফিল্ম কোম্পানী এৰে।[9] সময়ত ‘ৰাজকমল’ দেশৰ অন্যতম অত্যাধুনিক ষ্টুডিঅ'ত পৰিণত হয়।[10]
শান্তাৰামে ১৯৬৪ চনৰ গীত গায়া পাত্থৰোনে ছবিত কন্যা ৰাজশ্ৰী (দ্বিতীয় পত্নী জয়শ্ৰীৰ ফালৰ) আৰু জীতেন্দ্ৰক পৰিচয় কৰাই দিছিল। ১৯৭৫ চনত পুত্ৰ কিৰণ শান্তাৰামৰ পৰিচালনাত নিৰ্মিত চন্দনাচি চোলি আং আং জালিৰ জৰিয়তে তৃতীয় পত্নী সন্ধ্যাৰ ভতিজী ৰঞ্জনা দেশমুখক মাৰাঠী চলচ্চিত্ৰ জগতত পৰিচয় কৰাই দিয়ে। ৭০ আৰু ৮০ৰ দশকত ৰঞ্জনাই মাৰাঠী ৰূপালী পৰ্দাত আধিপত্য বিস্তাৰ কৰিছিল।
১৯০১ চনত কোলহাপুৰত এটা মাৰাঠী জৈন পৰিয়ালত শান্তৰামৰ জন্ম হৈছিল।[11] ১৯২১ চনত ২০ বছৰ বয়সত তেওঁ ১২ বছৰীয়া বিমলাবাইক বিয়া কৰায়। বিমলাবাইৰ সৈতে তেওঁ চাৰিটা সন্তান আছিল- প্ৰভাত কুমাৰ (যাৰ নামেৰে শান্তাৰামে নিজৰ চলচ্চিত্ৰ কোম্পানীৰ নাম দিছিল) আৰু কন্যা সৰোজ, মধুৰা আৰু চাৰুশীলা। ডাঙৰ কন্যা সৰোজৰ বিয়া পাৰ্চী ভদ্ৰলোক ছলি ইঞ্জিনিয়াৰৰ সৈতে ডাঙৰ কন্যা সৰোজৰ বিয়া হয়। শান্তাৰামৰ দ্বিতীয় কন্যা মধুৰা পণ্ডিত যশৰাজৰ পত্নী আৰু সংগীত পৰিচালক শাৰংগ দেৱ পণ্ডিত আৰু টিভি ব্যক্তিত্ব দুৰ্গা জশৰাজৰ মাতৃ।[12] শান্তাৰামৰ তৃতীয় কন্যা চাৰুশীলা হিন্দী আৰু মাৰাঠী অভিনেতা সুশান্ত ৰায় অৰ্থাৎ সিদ্ধাৰ্থ সত্যজিতৰ মাতৃ।
১৯৪১ চনত শান্তাৰামে শকুন্তলা (১৯৪২) আদি কেইবাখনো ছবিত একেলগে কাম কৰা অভিনেত্ৰী জয়শ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জয়শ্ৰীৰ সৈতে তেওঁৰ তিনিটা সন্তান- পুত্ৰ, মাৰাঠী চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক কিৰণ শান্তাৰাম,[13] [14] আৰু দুগৰাকী কন্যা অভিনেত্ৰী ৰাজশ্ৰী আৰু তেজশ্ৰী।
ৱিকিমিডিয়া কমন্সত V. Shantaram সম্পৰ্কীয় মিডিয়া ফাইল আছে। |