ভীষ্মক | |
---|---|
ভীষ্মক আৰু কৃষ্ণ একেলগে | |
সন্তান | ৰুক্মি (পুত্ৰ), ৰুক্মিণী (কণ্যা) |
হিন্দু পাঠ্য | হৰিবংশ, পুৰাণ |
অঞ্চল | বিদৰ্ভ |
ভীষ্মক (সংস্কৃত: भीष्मक), আছিল বিদৰ্ভ ৰাজ্যৰ ৰজা।[1] তেওঁক “হিৰণ্যৰমন” বুলিও জনা যায়।[2] তেওঁৰ ৰাজধানীৰ নাম কুণ্ডিন নগৰ আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহে বিশ্বাস কৰে[3] যদিও বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কুণ্ডিনাপুৰ মহাৰাষ্ট্ৰত অৱস্থিত।[4] ভীষ্মক ৰজাৰ ৰুক্মি প্ৰভৃতি পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এগৰাকী কন্যা আছিল।[3] বৰ্তমানৰ কুণ্ডিলপানী নামৰ নদীয়ে কুণ্ডিল ৰাজ্যৰ স্মৃতি সোঁৱৰাই দিয়ে।
তেওঁৰ ৰুক্মি, ৰুক্মৰথ, ৰুক্মবাহু, ৰুক্মকেশ আৰু ৰুক্মনেত্ৰ নামে পাঁচজন পুত্ৰ[5] আৰু ৰুক্মিণী নামে এগৰাকী পৰামা সুন্দৰী কণ্যা আছিল।