মধুলিকা লিড্ডল | |
---|---|
![]() | |
জন্ম | ৮ জানুৱাৰী, ১৯৭৩ (৫২ বছৰ) হাফলং, অসম, ভাৰত |
পেচা | লেখক |
ভাষা | ইংৰাজী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | কল্পকাহিনী, ভ্ৰমণ, চিনেমা |
ৱেবছাইট | madhulikaliddle |
মধুলিকা লিড্ডল (ইংৰাজী: Madhulika Liddle; জন্ম: ৮ জানুৱাৰী, ১৯৭৩) হ'ল ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক। মধুলিকা যদিও চুটি কল্পকাহিনী, ভ্ৰমণ লিখা আৰু ক্লাছিক চিনেমা সম্পৰ্কীয় লিখাৰ এগৰাকী উৰ্বৰ লেখক; তথাপি তেওঁ ১৭ শতিকাৰ মোগল ডিটেকটিভ মুজাফৰ জঙৰ বিষয়ে লিখা কিতাপবোৰৰ বাবেহে বেছি জনাজাত।
অসমৰ হাফলঙত মধুলিকাৰ জন্ম হৈছিল। দেউতাক এণ্ড্ৰিউ লিড্ডল আৰু মাক মুৰিয়েল লিড্ডল। তেওঁৰ দেউতাক ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ)ৰ বিষয়া আছিল আৰু সঘনাই এখন চহৰৰ পৰা আন এখন চহৰলৈ স্থানান্তৰিত হৈছিল বাবে মধুলিকাৰ জীৱনৰ প্ৰথম বাৰ বছৰ ভাৰতৰ বিভিন্ন প্ৰান্তত অতিবাহিত হৈছিল। ১৯৮৫ চনত শ্ৰীযুত লিড্ডলক নতুন দিল্লীলৈ স্থানান্তৰ কৰা হয়, আৰু মধুলিকাই তাতে স্কুলীয়া শিক্ষা সমাপ্ত কৰে। মধুলিকাই নতুন দিল্লীৰ 'ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট, কেটাৰিং এণ্ড নিউট্ৰিশ্বন' (আইএইচএমচিএন)ত অধ্যয়ন কৰিবলৈ গৈছিল। মধুলিকাৰ বিয়া আই এইচ এম চি এনৰ সহপাঠী তৰুণ ভাণ্ডাৰীৰ সৈতে হৈছিল।
মধুলিকাৰ ডাঙৰ বায়েক, স্বপ্না লিড্ডল এগৰাকী ইতিহাসবিদ। তেওঁ ১৯ শতিকাৰ দিল্লীৰ ওপৰত গৱেষণা কৰি ডক্টৰেট লৈছে।[1]
মধুলিকাই ১৯৯৪ চনৰ পৰা ২০০৮ লৈ বিভিন্ন উদ্যোগ আৰু বিভিন্ন সংগঠনত কাম কৰিছিল। তেওঁৰ প্ৰথম কাৰ্যকাল আছিল এগৰাকী ব্যৱস্থাপনা প্ৰশিক্ষাৰ্থী হিচাপে আৰু তাৰ পিছত হেবিটেট ৱৰ্ল্ডৰ সৈতে খাদ্য আৰু পানীয় নিয়ন্ত্ৰণৰ সহকাৰী মেনেজাৰ হিচাপে দিল্লীৰ সেইসময়ৰ নতুনকৈ প্ৰতিষ্ঠিত ইণ্ডিয়া হেবিটেট চেণ্টাৰত। ইয়াৰ পিছত এটা বিজ্ঞাপন সংস্থাৰ সৈতে তিনি বছৰ; ভ্ৰমণ পৰ্টেলৰ সৈতে দুবছৰ; আৰু অৱশেষত, এনআইআইটি লিমিটেডৰ নিৰ্দেশনামূলক ডিজাইনাৰ হিচাপে চাৰি বছৰ তেওঁ কাম কৰিছিল। ২০০৮ চনৰ আৰম্ভণিতে, তেওঁ সম্পূৰ্ণ সময় লেখাতে মনোনিৱেশ কৰিবলৈ এনআইআইটিৰ পৰা পদত্যাগ লৈছিল।
মধুলিকাই সৰুৰেপৰাই লিখা-মেলা কৰিছিল, কিন্তু তেওঁৰ প্ৰথম প্ৰকাশিত কিতাপখন আছিল 'চাইলেণ্ট ফিয়েৰ' নামৰ এখন গল্প-পুথি; যিখনে ২০০১ চনত 'ফেমিনা থ্ৰিলাৰ কনটেষ্ট' জিকিছিল। তেতিয়াৰেপৰা তেওঁ যথেষ্ট সংখ্যক চুটি গল্প, ভ্ৰমণ বিষয়ক প্ৰবন্ধ, হাস্যব্যংগ আৰু 'দি ইংলিছমেন কেমিঅ' ' নামৰ এখন উপন্যাস লিখিছে। মধুলিকাই ধ্ৰুপদী চিনেমাৰ এটা ব্ল'গ চলায়।
মধুলিকাক ঘাইকৈ তেওঁৰ মুজাফৰ জং চিৰিজৰ বাবে জনা যায়। মুজাফৰ জং হৈছে ১৭শ শতিকাৰ এজন মোগল ডিটেকটিভ। 'ঝুৱান বুকচে' প্ৰকাশ কৰা 'টুৱেণ্টি ওৱান আণ্ডাৰ ফৰৰ্টি' গদ্য সংকলনৰ গল্প 'মুৰ্ক অৱ আৰ্ট'ত প্ৰথমে এই চৰিত্ৰটোৱে দেখা দিয়ে। তাৰ পিছতে এই চৰিত্ৰক লৈ লিড্ডলে কেইবাখনো পূৰ্ণ দৈৰ্ঘ্যৰ উপন্যাস লিখে। এই চিৰিজৰ অন্তৰ্গত কিতাপবোৰ হৈছে -