![]() | |
![]() নাগালেণ্ডৰ এখন স্কুলত ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ বাবে শাৰী পতা দৃশ্য। | |
প্ৰকল্পৰ প্ৰকাৰ | ভাৰত চৰকাৰ |
---|---|
দেশ | ভাৰত |
আৰম্ভণি | ১৯৯৫ |
স্থিতি | সক্ৰিয় |
ৱেবছাইট | http://mdm.nic.in/ |
মধ্যাহ্ন ভোজন আঁচনি (ইংৰাজী: Midday Meal Scheme) হৈছে বিদ্যালয়ৰ এক ভোজন আঁচনি। সমগ্ৰ ভাৰত বৰ্ষৰ স্কুল পৰ্যায়ৰ শিশু সকলৰ পুষ্টিৰ মান উন্নত কৰাৰ উদ্দেশ্যে এই আচঁনিখন প্ৰস্তুত কৰা হৈছে।[1] এই কাৰ্যসূচীত চৰকাৰৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শ্ৰেণীৰ শিশুসকলৰ বাবে কৰ্মদিনত বিনামূলীয়া মধ্যাহ্নভোজন, চৰকাৰী সাহায্যপ্ৰাপ্ত, স্থানীয় সংস্থা, শিক্ষা নিশ্চিত আঁচনি, আৰু বৈকল্পিক অভিনৱ শিক্ষা কেন্দ্ৰ, সৰ্বশিক্ষা অভিযানৰ অধীনত সমৰ্থিত মাদ্ৰাচা তথা মকতাব, আৰু শ্ৰম মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্প বিদ্যালয়সমূহত বিনামূলীয়া মধ্যাহ্নভোজন যোগান ধৰা হয়।[2] ১.২৭ নিযুতৰো অধিক বিদ্যালয় আৰু শিক্ষা নিশ্চিত আঁচনি কেন্দ্ৰত ১২০ নিযুত শিশুক সেৱা আগবঢ়োৱা, মধ্যাহ্ন ভোজন আঁচনি হৈছে বিশ্বৰ ভিতৰতে এক সৰ্ববৃহৎ আঁচনি। [3]
১৯৩০ চনৰ পৰা ফৰাচী প্ৰশাসনৰ অধীনত পুডুচেৰীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণ কৰা হৈছিল।[4] স্বাধীন ভাৰতত মধ্যাহ্ন ভোজন আঁচনি প্ৰথমে তামিলনাডুত আৰম্ভ কৰা হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী কে. কামৰাজে ৬০-ৰ দশকৰ আৰম্ভণিতে এই আঁচনিখন আগবঢ়াই দিছিল। ১৯২৫ চনৰ পৰা আঁচনিখনৰ ৰূপায়ণ কৰা প্ৰথমখন বিদ্যালয় আছিল সৌৰাষ্ট্ৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাদুৰাই। ২৮ নৱেম্বৰ ২০০১ তাৰিখে, উচ্চতম ন্যায়ালয়ে প্ৰতিখন ৰাজ্যৰে ৰাজ্য চৰকাৰক তেওঁলোকৰ বিদ্যালয়ত নিৰ্দেশনাৰ ৬ মাহৰ ভিতৰত এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ কৈছিল।[5] ২০০২ চনৰ ভিতৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সকলো ৰাজ্যতে এই আঁচনি ৰূপায়ণ কৰা হয়।[5] ২০২১ চনৰ ছেপ্টেম্বৰত আঁচনিখনৰ নাম পিএম-পোষণ (প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ) আঁচনিলৈ সলনি কৰা হয়। এই আচঁনিখন বৰ্তমান শিক্ষা মন্ত্ৰালয়ৰ অধীনত। [6] আঁচনিখনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে লগতে ঘোষণা কৰে যে ২০২২ চনৰ ভিতৰত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত প্ৰাক-প্ৰাথমিক শিক্ষা লাভ কৰা অতিৰিক্ত ২৪ লাখ শিক্ষাৰ্থীকো এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হ'ব। [7] শিশুৰ অধিকাৰ সন্মিলনৰ অংশ হিচাপে ভাৰতে এই অধিকাৰ সন্মিলনৰ অনুচ্ছেদ ২৪, ২(গ)ৰ অধীনত,[8][9] শিশুসকলৰ বাবে "পৰ্যাপ্ত পুষ্টিকৰ খাদ্য" প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ১৯৯৫ চনত আৰম্ভ হোৱাৰ পিছত এই কাৰ্যসূচীটোৰ বিভিন্ন সংশোধন ঘটোৱা হৈছে। মধ্যাহ্ন ভোজন আঁচনিখন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰতিজন শিশুৰ বাবে এই আঁচনিৰ অধীনত প্ৰতিদিনৰ পুষ্টিৰ পৰিমাণ সমূহ হৈছে:[2]
উপাদান | প্ৰাথমিক (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) | উচ্চ প্ৰাথমিক (ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ) |
---|---|---|
কেলৰি | ৪৫০ | ৭০০ |
প্ৰ'টিন (গ্ৰাম হিচাপত) | ১২ | ২৯ |
চাউল / আটা (গ্ৰাম হিচাপত) | ১০০ | ১৫০ |
দাইল (গ্ৰাম হিচাপত) | ২০ | ৩০ |
পাচলি (গ্ৰাম হিচাপত) | ৫০ | ৭৫ |
তেল আৰু চৰ্বি (গ্ৰাম হিচাপত) | ৫ | ৭.৫ |
মাইক্ৰ'নিউট্ৰিয়েণ্ট, ভিটামিন-A, লো, আৰু ফলেট টেবলেট আৰু ডি-ৱৰ্মিং ঔষধৰ ক্ষেত্ৰত, শিক্ষাৰ্থীজনে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ বিদ্যালয় স্বাস্থ্য কাৰ্যসূচীত প্ৰদান কৰা পৰিমাণ অনুসৰি পোৱাৰ অধিকাৰ আছে।[10]
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা মধ্যাহ্ন ভোজন আঁচনিৰ ব্যয় ভাগ-বতৰা হয়। এই আঁচনিৰ বাবে প্ৰয়োজন হোৱা অৰ্থৰ ৬০ শতাংশ কেন্দ্ৰই আৰু ৰাজ্যবোৰে ৪০ শতাংশ প্ৰদান কৰে। [11] কেন্দ্ৰীয় চৰকাৰে অন্যান্য খাদ্যৰ বাবে শস্য আৰু বিত্তীৰ যোগান ধৰে। সুবিধা, পৰিবহণ আৰু শ্ৰমৰ বাবে প্ৰয়োজনীয় ব্যয় ফেডাৰেল আৰু ৰাজ্য চৰকাৰৰ ভাগ-বতৰাৰ মাধ্যমেৰে পৰিচালিত হয়। [12] অংশগ্ৰহণকাৰী ৰাজ্যসমূহে বিভিন্ন পৰিমাণৰ ধনৰাশিৰ অৰিহণা আগবঢ়ায়। আঁচনিখনৰ বাবে একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত ৩৮৪.৯ বিলিয়ন ভাৰতীয় মূল্য (৫.১ বিলিয়ন আমেৰিকান ডলাৰ) আৱণ্টন কৰা হৈছিল, দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাই ১৩৪ শতাংশ বৃদ্ধি কৰি ৯০১.৫৫ বিলিয়ন ভাৰতীয় মূল্য (১২ বিলিয়ন আমেৰিকান ডলাৰ) আৱণ্টন কৰিছে।[13] মধ্যাহ্ন ভোজন কাৰ্যসূচীৰ ৰাজহুৱা ব্যয় ২০০৭-০৮ বৰ্ষত ৭৩.২৪ বিলিয়ন ভাৰতীয় মূল্য (৯৭০ নিযুত আমেৰিকান ডলাৰ)ৰ পৰা ২০১৩-১৪ বৰ্ষত ১৩২.১৫ বিলিয়ন (১.৮ বিলিয়ন আমেৰিকান ডলাৰ) লৈ বৃদ্ধি পাইছে। প্ৰাথমিক পৰ্যায়ত প্ৰতিটো শিশুৰ প্ৰতিদিনে ৰন্ধন ব্যয় ৪.১৩টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে উচ্চ প্ৰাথমিক স্তৰত এই মূল্য ৬.১৮ টকা। [14]
তিথি ভোজন হৈছে গুজৰাটত আৰম্ভ হোৱা মধ্যাহ্ন ভোজন কাৰ্যসূচীৰ অধীনত অধিক লোকৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে প্ৰস্তুত কৰা এক ধাৰণা। ইয়াৰ বাবে স্থানীয় সদস্যসকলক নিজ এলেকাৰ বিদ্যালয়ত পৰিৱেশন কৰা মধ্যাহ্ন ভোজনত ব্যক্তিগতভাৱে দান কৰি শিশুৰ জন্মদিনকে আদিকৰি অন্যান্য ঘৰুৱা উৎসৱ-পাৰ্বনৰ দৰে সামাজিক অনুষ্ঠান উদযাপন কৰিবলৈ উৎসাহিত কৰা হৈছিল। ইয়াক সমাজ/পৰিয়ালে বিদ্যালয়ৰ শিশুসকলৰ মাজত বিভিন্ন প্ৰকাৰৰ খাদ্য যেনে মিঠাই আৰু সুস্বাদু লঘু আহাৰ, নিয়মীয়া এম.ডি.এম., সম্পূৰ্ণ এসাঁজ আহাৰ, গঁজালি অহা বীনৰ দৰে পৰিপূৰক পুষ্টিকৰ সামগ্ৰীৰ উপৰি বিভিন্ন ধৰণৰ বাচন আদি স্বেচ্ছাই দান কৰিব পাৰে। এই ধাৰণাটো ভাৰতৰ আন আন ১০খন ৰাজ্যয়ো গ্ৰহণ কৰিছে। এই ৰাজ্য সমূহৰ কোনো কোনোৱে ইয়াৰ স্থানীয় নামকৰণ যেনে অসমত "সম্প্ৰীতি ভোজন", হিমাচল প্ৰদেশত "ধাম", মহাৰাষ্ট্ৰত "স্নেহ ভোজন", কৰ্ণাটকত "শালেগাগী নাভু নীভু", পুডুচেৰীত "অন্ন ধনম", পঞ্জাৱত "প্ৰীতি ভোজ" আৰু ৰাজস্থানত "উৎসৱ ভোজ"ৰ দৰে নামকৰণ কৰিছে। উত্তৰ ভাৰতৰ উত্তৰাখণ্ড, হাৰিয়ানা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডিগড়ত, আঁচনিখনে ইয়াৰ মূল নাম তিথি ভোজনকে বৰ্তাই ৰাখিছে। [15]