মহাসুন্দৰী দেৱী | |
---|---|
চিত্ৰ আঁকি থকা অৱস্থাত মহাসুন্দৰী দেৱী | |
জন্ম | ১৫ এপ্ৰিল, ১৯২২ মধুবনী, বিহাৰ |
মৃত্যু | ৪ জুলাই, ২০১৩ (৯১ বছৰ)[1] ৰাণ্টি, বিহাৰ[2] |
দেশ | ভাৰতীয় |
পেচা | মিথিলা চিত্ৰকলা |
বঁটা | পদ্মশ্ৰী (২০১১) |
মহাসুন্দৰী দেৱী (ইংৰাজী: Mahasundari Devi, ১৫ এপ্ৰিল ১৯২২ - ৪ জুলাই ২০১৩) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত।[3] ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়। দৃষ্টিনন্দন জ্যামিতিক শৈলীয়েই হৈছে ছবিসমূহৰ মূল বৈশিষ্ট্য। বৰ্তমান ইয়াক হস্তনিৰ্মিত কাগজ আৰু কেনভাছলৈ স্থানান্তৰ কৰা হৈছে।[4] ১৯৯৫ চনত মধ্য প্ৰদেশ চৰকাৰে তেওঁক তুলসী সন্মান প্ৰদান কৰে। ২০১১ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।[5]
১৯২২ চনৰ ১৫ এপিল তাৰিখে বিহাৰৰ মধুবনীত মহাসুন্দৰী দেৱীৰ জন্ম হৈছিল। তেওঁ সৰুতে আখৰ চিনা সময়ৰ পৰা তেওঁৰ মাহীয়েকৰ পৰা মিথিলা চিত্ৰকলা শিকিবলৈ আৰম্ভ কৰিছিল।[2] তেওঁ ১৮ বছৰ বয়সত এজন বিদ্যালয়ৰ শিক্ষক কৃষ্ণ কুমাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।[6]
১৯৬১ চনত দেৱীয়ে সেই সময়ত প্ৰচলিত ওৰণি লোৱা প্ৰথা এৰিছিল আৰু এগৰাকী শিল্পী হিচাপে সমাজত নিজৰ স্থান সৃষ্টি কৰিছিল।[7] তেওঁ মিথিলা হস্তশিল্প কলাকাৰ ঔদ্যোগকি সহযোগিতা সমিতি নামৰ এটা সমবায় সমিতি স্থাপন কৰিছিল। এই সমিতিয়ে হস্তশিল্প আৰু শিল্পীসকলৰ বিকাশ আৰু বিকাশত সহায় কৰিছিল।[7] মিথিলা চিত্ৰকলাৰ উপৰিও তেওঁ ক্লে বা বোকা মাটি, কাগজৰ কলাকৃতি, সুজনী আৰু ছিক্কিত তেওঁৰ দক্ষতাৰ বাবে জনাজাত আছিল।[7] তেওঁৰ পৰিয়ালৰ মতে, দেৱীয়ে ২০১১ চনত তেওঁৰ অন্তিম চিত্ৰ সৃষ্টি কৰিছিল।[2] ২০১৩ চনৰ ৪ জুলাই তাৰিখে বিহাৰৰ ৰাণ্টিৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স ৯২ বছৰ আছিল।[7] পৰৱৰ্তী দিনা তেওঁক সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে তেওঁৰ অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰা হৈছিল।[8]
তেওঁ ১৯৭৬ চনত ভাৰতীয় নৃত্য কলাৰ পৰা মৈথেলী ছোৱালীৰ সংগ্ৰাম চিত্ৰত প্ৰদৰ্শনৰ বাবে প্ৰথম সম্বৰ্ধনা লাভ কৰিছিল।[9] তেওঁ ১৯৮২ চনত ভাৰতৰ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ পৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে।[7] দেৱীক চিত্ৰকলাৰ এক "জীৱন্ত কিংবদন্তি" বুলি গণ্য কৰা হয়।[7] ১৯৯৫ চনত মধ্য প্ৰদেশ চৰকাৰে তেওঁক তুলসী সন্মান আৰু ২০০৭ চনত শিল্প গুৰু বঁটা প্ৰদান কৰে।[6] তেওঁ ২০১১ চনত ভাৰত চৰকাৰৰ পৰা কলা শিতানত তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰে।[7][10]
মহাসুন্দৰী দেৱী বিহাৰৰ মধুবনীত অৱস্থিত ৰাণ্টি গাঁৱৰ বাসিন্দা আছিল।[7] তেওঁৰ বোৱাৰী বিভা দাসো এগৰাকী মধুবানী চিত্ৰশিল্পী।[11] তেওঁৰ দুগৰাকী কন্যা আৰু তিনিজন পুত্ৰ আছিল।[11]