শিৱৰাত্ৰি শিৱ লিঙ্গ পালন কৰে
হিন্দু সম্প্ৰদায় প্ৰকাৰ
হিন্দু মহত্ব
আত্ম পঠন, শিৱ-পাৰ্বতীৰ বিবাহ, যোগ[ 1] তাৰিখ
ফেব্ৰুৱাৰী / মাৰ্চ আচাৰ
উপবাস, শিৱ লিঙ্গৰ পূজা সম্পৰ্কিত
শিৱ সংঘটন
বাৰ্ষিক
মহা শিৱৰাত্ৰি (ইংৰাজী : Maha Shivratri ) ভাৰতীয় হিন্দু ধৰ্ম ৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱ ৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰি ৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।[ 2] [ 3]
হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ "অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা"ৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে।[ 3] কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়।[ 3]
কাশ্মীৰ শৈৱধৰ্ম ত এই উৎসৱক ভক্তসকলে হৰ-ৰাত্ৰি বা সহজ উচ্চাৰণৰ Haerath বা Herath বুলি কয়।[ 4] [ 5]
বহু কাহিনীয়ে মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণন কৰে, তাৰে এটা হৈছে এয়া শিৱৰ নৃত্য ৰ নিশা।
কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ , লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণ ত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে।[ 3]
মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বেলেগ বেলেগ কাহিনী আছে। শৈৱধৰ্মৰ তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধবংসৰ স্বৰ্গীয় নৃত্য কৰিছিল।[ 6] [ 7] প্ৰাৰ্থনা, শিৱ ত্ৰোস্তৰ পাঠ আৰু ভক্তসকলৰ সমবেত কণ্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰায়। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতী ৰ বিবাহ হৈছিল।[ 6] [ 8] আন এক জনশ্ৰুতি মতে শিৱৰ প্ৰতীক যেনে লিংগত উছৰ্গা কৰি কোনো পাপ থাকিলে সেয়া খণ্ডাই পুণ্যৰ পথত চলিব পাৰি আৰু শেষত মুক্তি লভিব পাৰি।[ 6]
এই উৎসৱৰ লগত নৃত্যৰ পৰম্পৰাৰ সংযোগ ঐতিহাসিক। বৃহৎ হিন্দু মন্দিৰ যেনে কোণাৰ্ক , খাজোৰাহো , পাট্টাডকল, সূৰ্য মন্দিৰ, মধেৰা, মধেৰা আৰু থিল্লাই নটৰাজ মন্দিৰত এই সময়ত বাৰ্ষিক নৃত্য উৎসৱৰ বাবে শিল্পীসকলৰ সমাগম হয়।[ 9] নাট্য শাস্ত্ৰ ৰ মুদ্ৰাবোৰৰ বাবে প্ৰখ্যাত চিদাম্বৰম মন্দিৰত ইয়াক নৃত্যাঞ্জলি , বা "নৃত্যৰ জৰিয়তে উপাসনা" বোলা হয়।[ 10] [ 11] একেদৰে খাজোৰাহো শিৱ মন্দিৰসমূহত মহা শিৱৰাত্ৰিত মেলা আৰু নৃত্যৰ উৎসৱৰ লগতে মাইলৰ পিছত মাইল শিৱ ভক্তৰ শিবিৰৰ কথা ১৮৬৪ চনত আলেকজেণ্ডাৰ কানিংহামে লিখি গৈছে।[ 12]
↑ Melton, J. Gordon (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations . ABC-CLIO. পৃষ্ঠা. 541–542. ISBN 978-1-59884-206-7 . https://books.google.com/books?id=lD_2J7W_2hQC .
↑ Dalal, Roshen (2010). Hinduism: An Alphabetical Guide . Penguin Books. পৃষ্ঠা. 137, 186. ISBN 978-0-14-341421-6 . https://books.google.com/books?id=DH0vmD8ghdMC .
↑ 3.0 3.1 3.2 3.3 Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism . Infobase Publishing. পৃষ্ঠা. 269. ISBN 978-0-8160-7564-5 . https://books.google.com/books?id=OgMmceadQ3gC&pg=PA269 .
↑ Brunn, Stanley D. (2015). The Changing World Religion Map: Sacred Places, Identities, Practices and Politics . Springer. পৃষ্ঠা. 402–403. ISBN 978-94-017-9376-6 . https://books.google.com/books?id=CGh-BgAAQBAJ&pg=PA403 .
↑ Maitra, Asim (1986). Religious Life of the Brahman: A Case Study of Maithil Brahmans . Munshilal. পৃষ্ঠা. 125. ISBN 978-81-210-0171-7 . https://books.google.com/books?id=f3LXAAAAMAAJ .
↑ 6.0 6.1 6.2 Dhoraisingam, Samuel S. (2006). Peranakan Indians of Singapore and Melaka . Institute of Southeast Asian Studies. পৃষ্ঠা. 35. ISBN 978-981-230-346-2 . https://books.google.com/books?id=QHwcAgAAQBAJ&pg=PA35 .
↑ Om Prakash Juneja; Chandra Mohan (1990). Ambivalence: Studies in Canadian Literature . Allied. পৃষ্ঠা. 156–157. ISBN 978-81-7023-109-7 . https://books.google.com/books?id=39FHAAAAYAAJ .
↑ Leuthold, Steven (2010). Cross-Cultural Issues in Art: Frames for Understanding . Routledge. পৃষ্ঠা. 142–143. ISBN 978-1-136-85455-2 . https://books.google.com/books?id=z9GsAgAAQBAJ&pg=PA142 .
↑ Pintchman, Tracy (2007). Women's Lives, Women's Rituals in the Hindu Tradition . Oxford University Press. পৃষ্ঠা. 194–195. ISBN 978-0-19-803934-1 . https://books.google.com/books?id=7lOc8ZoLV0wC&pg=PA194 .
↑ Pintchman, Tracy (2007). Women's Lives, Women's Rituals in the Hindu Tradition . Oxford University Press. পৃষ্ঠা. 194–196. ISBN 978-0-19-803934-1 . https://books.google.com/books?id=7lOc8ZoLV0wC&pg=PA194 .
↑ Pugh McCutchen, Brenda (2006). Teaching Dance as Art in Education . Human Kinetics. পৃষ্ঠা. 450. ISBN 978-0-7360-5188-0 . https://books.google.com/books?id=C0yjXGJ3EEoC .
↑ Shobita Punja (1999). Khajuraho: the first thousand years . Penguin Books. পৃষ্ঠা. 71–74. https://books.google.com/books?id=CwfWAAAAMAAJ .
হিন্দু ধৰ্মৰ উৎসৱসমূহ
প্ৰধান উৎসৱ আন উৎসৱ আঞ্চলিক নৱবৰ্ষ পবিত্ৰ দিন পবিত্ৰ সময়