মিহিৰ দাস | |
---|---|
ভুৱনেশ্বৰত অনুষ্ঠিত ২৫তম ওড়িশা ষ্টেট ফিল্ম এৱাৰ্ড অনুষ্ঠানত মিহিৰ দাস। | |
স্থানীয় নাম | ମିହିର ଦାସ |
জন্ম | ১১ ফেব্ৰুৱাৰী, ১৯৫৯ ময়ূৰভঞ্জ জিলা, ওড়িশা, ভাৰত |
মৃত্যু | ১১ জানুৱাৰী, ২০২২ (৬২ বছৰ) কটক, ওড়িশা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা, মডেল |
গৃহস্থান | কটক, ওড়িশা, ভাৰত |
ধৰ্ম | হিন্দু |
দাম্পত্যসঙ্গী | সঙ্গীতা দাস |
সন্তান | অম্লান দাস |
স্বাক্ষৰ | |
মিহিৰ দাস (ওড়িয়া: ମିହିର ଦାସ, ১৭ ফেব্ৰুৱাৰী ১৯৫৯ – ১১ জানুৱাৰী ২০২২) এজন উল্লেখযোগ্য অভিনেতা ওড়িয়া চলচ্চিত্ৰ জগতত দীৰ্ঘদিন ধৰি অভিনয় কৰি থকা। মূল চৰিত্ৰ বা নায়কৰ পৰা আৰম্ভ কৰি হাস্য অভিনেতা, খলনায়ক আদি বিভিন্ন চৰিত্ৰত তেখেতে অভিনয় কৰিছে। ওড়িয়াৰ বাহিৰেও তেখেতে বাংলা চলচ্চিত্ৰতো অভিনয় কৰিছে। তেখেতৰ পত্নী সঙ্গীতা দাস (মৃত্যু ২০১০) এগৰাকী কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। পুত্ৰ অম্লান দাসো এজন অভিনেতা।[1][2][3]
২০২১ চনৰ ডিচেম্বৰ মাহত দাসক কটকত বৃক্কৰ সমস্যাৰ বাবে ডায়েলাইচিছ কৰি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ২০২২ চনৰ ১১ জানুৱাৰীত ৬২ বছৰ বয়সত কটকৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।[4][5]
মিহিৰ দাস সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।