মুকেশ আম্বানী | |
---|---|
২০০৭ চনত মুকেশ আম্বানী | |
জন্ম | মুকেশ ধীৰুভাই আম্বানী ১৯ এপ্ৰিল, ১৯৫৭ (৬৭ বছৰ) এডেন, কলনী অফ এডেন (বৰ্তমান য়েমেন)[1][2] |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | চেইণ্ট জেভিয়াৰ্ছ কলেজ, মুম্বাই ইনষ্টিটিউট অফ কেমিকেল টেকনলজী (বি.ই.) ষ্টেনফৰ্ড বিশ্ববিদ্যালয় (শিক্ষা অসমাপ্ত) |
পেচা | ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বী তথা মেনেজিং ডাইৰেক্টৰ |
মুঠ আয় | ৮১.৬ বিলয়ন আমেৰিকান ডলাৰ (২৮ জুলাই ২০২০)[3] |
দাম্পত্যসঙ্গী | নীতা আম্বানী (বি. ১৯৮৫)[4] |
পিতৃ-মাতৃ | ধীৰুভাই আম্বানী (পিতৃ) কোকিলাবেন আম্বানী (মাতৃ) |
সন্তান | ২জন পুত্ৰ এগৰাকী কন্যা |
আত্মীয়-স্বজন | অনিল আম্বানী (ভাতৃ) টিনা আম্বানী (ভাই বোৱাৰী) |
মুকেশ ধীৰুভাই আম্বানী (জন্ম ১৯ এপ্ৰিল ১৯৫৭) এগৰাকী ভাৰতীয় ধনকুৱেৰ ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুৰব্বী তথা মেনেজিং ডাইৰেক্টৰ, জন হিতৈষী আৰু ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। ফৰ্চুন গ্লোৱেল-৫০০ত অন্তৰ্ভুক্ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড বজাৰ মূল্যৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ মূল্যবান কোম্পানী।[5] ইয়াৰ লগতে ২০২০ চনৰ ২৮ জুলাই তাৰিখ মতে তেওঁ ফৰ্বছৰ তালিকা অনুসৰি ৮১.৬ বিলয়ন আমেৰিকান ডলাৰ অৰ্থমুল্যৰে এছিয়া মহাদেশৰ আটাইতকৈ ধনী তথা বিশ্বৰ পঞ্চম স্থানৰ ধনী ব্যক্তি।[6][7][8]