মেচ’পটেমিয়া (ইংৰাজী: Mesopotamia); /ˌmɛsəpəˈteɪmiə/, প্ৰাচীন গ্ৰীক: Μεσοποταμία "নদীৰ মাজৰ ঠাই"; আৰবী: بلاد الرافدين; ফাৰ্চী: میانرودان) হৈছে টাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক প্ৰাচীন সভ্যতা। বৰ্তমানৰ ইৰাক, কুৱেইট, উত্তৰ-পূব ছিৰিয়া, দক্ষিণ-পূব তুৰ্কী আৰু দক্ষিণ-পশ্চিম ইৰাণ জুৰি এই সভ্যতা বিস্তৃত আছিল।[1][2] মেচ’পটেমিয়াই পশ্চিমীয়া বিশ্বলৈ মানৱ সভ্যতা কঢ়িয়াই নিয়া বুলি বিশ্বাস কৰা হয়। ব্ৰঞ্জ যুগৰ মেচ’পটেমিয়া অৰ্থাৎ বৰ্তমানৰ ইৰাকত সুমেৰ, এক্কাডিয়ান, বেবিলনীয়ান আৰু এচিৰিয়ান সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল। লৌহ যুগৰ মেচ’পটেমিয়াত নতুন বেবিলনীয়ান আৰু নতুন এচিৰিয়ান সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল। লিখিত বুৰঞ্জীৰ আৰম্ভণিৰ কালৰে পৰা (৩১০০ খ্ৰী:পূ:) একিমেনিডসকলে বেবিলন অধিকাৰ কৰালৈকে (৫৩৯ খ্ৰী:পূ:) সুমেৰ আৰু এক্কাডিয়ানসকলেও মেচ’পটেমিয়াত আধিপত্য স্থাপন কৰিছিল। খ্ৰী:পূ: ৩৩২ –ত আলেকজেণ্ডাৰে একিমেনিড সাম্ৰাজ্য জয় কৰে।
১৫০ খ্ৰী:পূ:ৰ ওচৰে-পাজৰে মেচ’পটেমিয়া পাৰ্থিয়ান সাম্ৰাজ্যৰ অধীনত আছিল। ইয়াৰে কিছু অংশ ৰোমানসকলে অধিকাৰ কৰি আছিল। ২২৬ চনত মেচ’পটেমিয়া পাৰ্চীসকলৰ দখললৈ আহে আৰু ৭ম শতিকাত মুচলমানসকলৰ আগ্ৰাসনৰ সময়লৈকে ঠাইখণ্ডত পাৰ্চীসকলে ৰাজত্ব কৰে।