যমুনা বড়ো | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
পৰিসংখ্যা | |||||||||||||
জাতীয়তা | ভাৰতীয় | ||||||||||||
জন্ম | ৭ মে', ১৯৯৭ (২৭ বছৰ) | ||||||||||||
জন্মস্থান | শোণিতপুৰ, অসম, ভাৰত | ||||||||||||
খেলৰ ধৰণ | অৰ্থডক্স | ||||||||||||
মুষ্টিযুদ্ধৰ ৰেকৰ্ড | |||||||||||||
মুঠ যুদ্ধ | ৩ | ||||||||||||
বিজয়ী | ৩ | ||||||||||||
নকআউটৰ দ্বাৰা বিজয়ী | ০ | ||||||||||||
পৰাজিত | ০ | ||||||||||||
ড্ৰ | ০ | ||||||||||||
খেলা নহ’ল | ০ | ||||||||||||
পদক অভিলেখ
|
যমুনা বড়ো (ইংৰাজী: Jamuna Boro; জন্ম: ৭ মে' ১৯৯৭) এগৰাকী ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ। তেওঁ ৰাছিয়াৰ উলান-উড়েত অনুষ্ঠিত ২০১৯ চনৰ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।[1] গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত তেওঁ সোণৰ পদক অৰ্জন কৰে।[2]
তেওঁ পূব নুচা টেংগাৰাৰ লাবুয়ান বাজোত অনুষ্ঠিত ২৩ সংখ্যক প্ৰেচিডেণ্টছ কাপ ২০১৯ বক্সিং ইণ্টাৰনেচনেল অপেন টুৰ্ণামেণ্টতো সোণৰ পদক অৰ্জন কৰে।[3]
অসমৰ শোণিতপুৰ জিলাত ১৯৯৭ চনৰ ৭ মে' তাৰিখে যমুনা বড়োৰ জন্ম হয়।[4][5] তেওঁ বেলশিৰী গাঁও নিৱাসী। যমুনা বড়োৰ ১০ বছৰ বয়সতেই তেওঁৰ দেউতাক পৰশু বড়োৰ মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পাছত তেওঁৰ মাতৃ নিৰ্মালি বড়োয়ে এগৰাকী পাচলি বিক্ৰেতা হিচাপে ঘৰ চলোৱা আৰম্ভ কৰে।[4][6]
বড়োৱেজন স্মিথ নাৰ্জাৰীৰ প্ৰশিক্ষণত ৱুচু খেলুৱৈ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৯ চনত, ওদালগুৰিত অনুষ্ঠিত ৰাজ্যিক ৱুচু চেম্পিয়নশ্বিপৰ সময়ত, তেওঁক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (এছএআই) পৰ্যবেক্ষকসকলে দেখা পাইছিল। পিছলৈ তেওঁ বক্সিং খেলা আৰম্ভ কৰে আৰু গুৱাহাটীস্থিত এছএআই আঞ্চলিক উপ কেন্দ্ৰৰ বাবে নিৰ্বাচিত হয়।[7] বৰ্তমান তেওঁক এলিট মহিলা দলত অন্তৰ্ভুক্ত কৰা হৈছে।[4] ৫৬ সংখ্যক বেলগ্ৰেড মহিলা বক্সিং টুৰ্ণামেণ্টত তেওঁ ৰূপৰ পদক লাভ কৰে।[8][9] শেহতীয়াকৈ ২১ ৰ পৰা ২৫ জানুৱাৰী ২০১৯ লৈ কলকাতাৰ যতীন দাস পাৰ্কত অনুষ্ঠিত দ্বিতীয় 'বেংগল ক্লাছিক' অল ইণ্ডিয়া ইনভিটেশ্যনেল এলিট (পুৰুষ/ মহিলা) বক্সিং চেম্পিয়নশ্বিপ আৰু ২৭ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চ ২০১৯ লৈ জয়পুৰত অনুষ্ঠিত ৬৭ সংখ্যক সৰ্বভাৰতীয় আৰক্ষী কুস্তি ক্লাষ্টাৰত তেওঁ অংশগ্ৰহণ কৰিছিল। ২০ ৰ পৰা ২৪ মে' ২০১৯ লৈ গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়, য'ত তেওঁ ছেমি ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী মীনা কুমাৰী মাইছনাম আৰু ফাইনেলত ৱাই সন্ধ্যাৰাণী দেৱীক পৰাস্ত কৰিছিল। তেওঁ পূব নুচা টেংগাৰাৰ লাবুয়ান বাজোত অনুষ্ঠিত ২৩ সংখ্যক প্ৰেচিডেণ্টছ কাপ ২০১৯ বক্সিং আন্তঃৰাষ্ট্ৰীয় অপেন টুৰ্ণামেণ্টতো সোণৰ পদক অৰ্জন কৰে আৰু ইয়াত তেওঁ ছেমি ফাইনেলত ইণ্ডোনেছিয়াৰ কাচে চেৰলিন আলিন লিলিৱাটি আৰু ফাইনেলত ইটালীৰ গিউলিয়া লামাগনাক ৫-০ অংকৰ ব্যৱধানত পৰাস্ত কৰে।[3] তেওঁ বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াত পঞ্জীভুক্ত আৰু অসম ৰাইফলছৰ কৰ্মচাৰী।
নৱেম্বৰ ২০১৯-ত, বড়োৱে ক্ৰীড়া ব্যৱস্থাপনা প্ৰতিষ্ঠান ইনফিনিটি অপ্টিমাল ছলিউচনছ (আই.ও.এছ.)ৰ সৈতে চুক্তিবদ্ধ হয় যি তেওঁৰ অনুমোদন আৰু বাণিজ্যিক স্বাৰ্থ পৰিচালনা কৰিব।[10]
ৰাছিয়াৰ উলান-উদেত ৩ ৰ পৰা ১৩ অক্টোবৰ ২০১৯ লৈ অনুষ্ঠিত ২০১৯ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰা দহজন বক্সাৰৰ ভিতৰত বড়ো আছিল অন্যতম।[11] ছেমিফাইনেলত তেওঁ চাইনিজ টাইপেইৰ হুয়াং হচিয়াও-ৱেনৰ হাতত পৰাজিত হয় আৰু ব্ৰঞ্জৰ পদকলাভ কৰি সন্তুষ্ট হ'ব লগা হয়।[12]