যশোধৰা বাগচী | |
---|---|
জন্ম | ১৯৩৭ কলকাতা,ব্ৰিটিছ ভাৰত |
মৃত্যু | ০৯ জানুৱাৰী, ২০১৫ কলকাতা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | প্ৰেচিডেন্সি কলেজ, কলকাতা চমাৰভিল কলেজ,অক্সফোৰ্ড নিউহল কেম্ব্ৰিজ |
দাম্পত্যসংগী | অমিয় কুমাৰ বাগচী |
সন্তান | তিস্তা বাগচী (জীয়ৰী) |
যশোধৰা বাগচী (ইংৰাজী: Jasodhara Bagchi ; ১৯৩৭-৯ জানুৱাৰী ২০১৫) আছিল এগৰাকী আগশাৰীৰ ভাৰতীয় নাৰীবাদী অধ্যাপিকা, লেখিকা, সমালোচক আৰু কৰ্মী। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অফ ৱুমেনছ্ ষ্টাডিজৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে- লাভড এণ্ড আনলাভড – দ্য গাৰ্ল চাইল্ড আৰু ট্ৰ’মা এণ্ড ট্ৰাইমফ – জেণ্ডাৰ এণ্ড পাৰ্টিচন ইন ইষ্টাৰ্ণ ইণ্ডিয়া। নাৰী অধিকাৰ সংগঠন সচেতনাৰো তেওঁ প্ৰতিষ্ঠাপক আছিল। [1] [2]
১৯৩৭ চনত কলকাতাত বাগচীৰ জন্ম হৈছিল। তেওঁ কলকাতাৰ প্ৰেচিডেন্সি কলেজ, অক্সফোৰ্ডৰ চমাৰভিল কলেজ আৰু কেম্ব্ৰিজৰ নিউ হলত পঢ়াশুনা কৰে।[1][2]
যশোধৰা বাগচিয়ে কলকাতাৰ লেডী ব্ৰেবৰ্ণ কলেজত ইংৰাজী বিষয়ত অধ্যাপনা কৰাৰ পিছত ১৯৬৪ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰে। ১৯৮৮ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অফ ৱুমেনছ্ ষ্টাডিজৰ প্ৰতিষ্ঠাপক-সঞ্চালক হয়। ১৯৯৭ চনত অৱসৰ লোৱাৰ পিছত তেওঁ উক্ত বিভাগতে এমেৰিটাছ অধ্যাপিকা হিচাপে অধ্যাপনা কৰিছিল।[1][3]
বাগচিয়ে ১৯৮৩ চনৰ পৰা ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৮৬–১৯৮৮ চনলৈকে বিভাগীয় মুৰব্বী হৈ থাকে। প্ৰাৰম্ভিক বছৰবোৰত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিশেষ সাহায্য কাৰ্যসূচীৰ সমন্বয়ক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল; যাৰ বাবে পিছলৈ বিভাগটো ইংৰাজীৰ উন্নত অধ্যয়ন কেন্দ্ৰলৈ পৰিণত হৈছিল। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰসমূহ হ'ল নাৰী অধ্যয়ন, মহিলা লেখকৰ ৰচনা, ১৯ শতিকাৰ ইংৰাজী আৰু বঙালী সাহিত্য, বংগত ধনাত্মকতাবাদৰ আদৰণি, মাতৃত্ব আৰু ভাৰত বিভাজন। সুভৰঞ্জন দাসগুপ্তৰ সৈতে তেওঁ ভাৰত বিভাজনৰ সময়ত আৰু তাৰ পিছত বঙালী মহিলাসকলৰ অভিজ্ঞতাৰ সংগ্ৰহ আৰু ইয়াৰ বিষয়ে গৱেষণা কৰা প্ৰথম বিদ্যানসকলৰ ভিতৰত অন্যতম।[2][4]
তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুলছ্ অফ ৱুমেনছ্ ষ্টাডিজৰ সম্পাদনাত বঙালী লেখিকাসকলৰ লেখাৰ পুনৰ্মুদ্ৰণ আৰম্ভ কৰে। এই বিভাগৰ তেওঁৰ বন্ধু আৰু সহকৰ্মী অধ্যাপিকা সাজনী মুখাৰ্জী আৰু সুপ্ৰিয়া চৌধুৰীয়ে তেওঁৰ বাবে ২০০২ চনত এখন বিশেষ অভিনন্দন গ্ৰন্থ- সাহিত্য আৰু লিংগ: এছেজ ফৰ যশোধৰা বাগচী সম্পাদনা কৰিছিল। ইয়াত অৰিহণা যোগোৱা লোকসকলৰ ভিতৰত আছিল বাগচীৰ আদৰৰ শিক্ষক, বন্ধু-বান্ধৱী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, আৰু সহকৰ্মীসকল, যেনে পিটাৰ ড্ৰংক, কিটি স্কুলাৰ দত্ত, হিমানী বেনাৰ্জী, মালিনী ভট্টাচাৰ্য, শীলা লাহিৰি চৌধুৰী, সুপ্ৰিয়া চৌধুৰী, তানিকা সৰকাৰ, ভাস্বতী চক্ৰৱৰ্তী, আৰু অদিতি দাসগুপ্ত।[2]
অধ্যাপক বাগচিয়ে মৃত্যুৰ আগলৈকে ইংৰাজী বিভাগৰ আলোচনা চক্ৰ আৰু বক্তৃতাত নিয়মীয়া আৰু সক্ৰিয় অংশগ্ৰহণকাৰী আছিল, আৰু অৱসৰৰ পিছত কিছু বছৰ ইয়াৰ অধ্যয়ন ব’ৰ্ডৰ সদস্যও আছিল। কম সময়ৰ ভিতৰতে কামৰ প্ৰতি আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা অপৰিসীম নিষ্ঠাৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। সংস্কৃতি বিষয়ক গৱেষণাৰ প্ৰসাৰ, যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগলৈ তেওঁৰ আটাইতকৈ উল্লেখযোগ্য অৱদান হিচাপে গণ্য কৰা হয়।[5]
তেওঁৰ কন্যা তিস্তা বাগচিৰ মতে, ২০১৪ চনত কলকাতা গ্ৰন্থমেলাৰ আয়োজকসকলে বাগচীৰ গ্ৰন্থ পাৰিজয়ী নাৰী ও মানবধিকাৰ গ্ৰন্থখন ইয়াৰ "বিতৰ্কিত" প্ৰকৃতিৰ বাবে উন্মোচন কৰা নাছিল।[1]