য়'হানেছ গুটন্বাৰ্গ | |
---|---|
জন্ম | য়'হানেছ গুটন্বাৰ্গ Johannes Gensfleisch zur Laden Gutenberg অঅনুমাণিক ১৩৯৮ চন Mainz, Electorate of Mainz |
মৃত্যু | February 3, 1468 (aged 70) Mainz, Electorate of Mainz |
ৰাষ্ট্ৰীয়তা | জাৰ্মান |
পেচা | Engraver, inventor, and printer |
জনা যায় | The invention of the movable-type printing press |
ধৰ্ম | কেথ'লিক |
জ'হানেছ গুটন্বাৰ্গ, সম্পূৰ্ণ নাম Johannes Gensfleisch zur Laden zum Gutenberg (/joʊˌhɑːnɨs ˈɡuːtənbɛrɡ/ yoh-hah-nəs goo-tən-behrɡ আনুমানিক ১৩৯৮ – ৩ ফেব্ৰুৱাৰী, ১৪৬৮) এজন জাৰ্মান কমাৰ, সোণাৰী, মুদ্ৰক আৰু প্ৰকাশক আছিল। তেৱেঁই ইউৰোপত মুদ্ৰণৰ আৰম্ভণি কৰিছিল। ইউৰোপত তেওঁৰ যান্ত্ৰিক ছপা কৌশলে এক ছপা বিপ্লৱৰ সূচনা কৰে আৰু এই ঘটনাক আধুনিক যুগৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনা বুলি গণ্য কৰা হয়।[1] ই নৱজাগৰণ, প্ৰটেষ্টাণ্ট ধৰ্মসংস্কাৰ, আলোকিত যুগ আৰু বৈজ্ঞানিক বিপ্লৱত এক মুখ্য ভূমিকা লৈছিল। লগতে আধুনিক জ্ঞান-ভিত্তিক অৰ্থনীতি আৰু ৰাইজৰ মাজত শিক্ষা প্ৰসাৰতো ছপাশালৰ আগমণে অন্যতম ভূমিকা লয়।[2]
১৪৩৯ চনত ইউৰোপত ছপাশাল ব্যৱহাৰ কৰা গুটন্বাৰ্গ আছিল প্ৰথম ইউৰোপীয় ব্যক্তি। ছপা জগতলৈ তেওঁৰ প্ৰধান অৱদানসমূহ হৈছে: movable type-ৰ সৰহীয়া উৎপাদনৰ বাবে কৌশল উদ্ভাৱন;[উদ্ধৃতিৰ প্ৰয়োজন] কিতাপ ছপাবৰ বাবে তেল-ভিত্তিক চিয়াঁহী ব্যৱহাৰ;[3] সলাব পৰা গাঁথনি;[4] যান্ত্ৰিক movable type;[দ্ব্যৰ্থতা দূৰীকৰণৰ প্ৰয়োজন ] আৰু সেই সময়ত খেতিত ব্যৱহৃত স্ক্ৰু শালৰ দৰে কাঠৰ ছপাশালৰ ব্যৱহাৰ।[5] তেওঁৰ সকলোতকৈ গুৰুত্বপূৰ্ণ উদ্ভাৱন আছিল এইবোৰৰ ব্যৱহাৰেৰে এনে এক প্ৰণালীৰ সজ্জা যাৰ ফলত কিতাপৰ সৰহীয়া ছপা সহজ হৈ পৰিছিল। ইয়াৰ ফলত প্ৰকাশক আৰু পঢ়ুৱৈৰ ধন ৰাহী হৈছিল।
ইউৰোপৰ নৱজাগৰণত যান্ত্ৰিক ছপাশালৰ আগমণে জনসংযোগৰ যুগৰ সূত্ৰপাত ঘটায় যি স্থায়ীভাৱে সমাজৰ গঠন সলাই দিয়ে। ৰাইজৰ মাজত তথ্যৰ বাধাহীন বিতৰণে ৰাজনৈতিক আৰু ধাৰ্মিক সংস্থাৰ ওপৰত প্ৰশ্ন তোলে, সাক্ষৰতাৰ বৃদ্ধিয়ে শিক্ষাৰ ক্ষেত্ৰত উচ্চশিক্ষিতসকলৰ প্ৰভাৱ হ্ৰাস কৰে আৰু মধ্যবিত্তসকলৰ উত্থানত সহায় কৰে।
তেওঁ ছপাই উলিওৱা গুটন্বাৰ্গ বাইবেল ইয়াৰ শৈল্পিক আৰু কাৰিকৰী মানৰ বাবে উচ্চ প্ৰশংসিত।
ৱিকিমিডিয়া কমন্সত Johannes Gutenberg সম্পৰ্কীয় মিডিয়া ফাইল আছে। |