যামিনী ৰয় | |
---|---|
জন্ম | ১৪ এপ্ৰিল, ১৮৮৭ বেলিয়াতোড়, বাঁকুড়া, পশ্চিমবংগ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৪ এপ্ৰিল, ১৯৭২ (৮৫ বছৰ) |
দেশ | ভাৰতীয় |
পেচা | চিত্ৰ |
কৰ্মৰাজী | চিত্ৰশিল্পী |
বঁটা | পদ্মভূষণ (১৯৫৫) |
যামিনী ৰয় (ইংৰাজী: Jamini Roy; ১১ এপ্ৰিল ১৮৮৭ – ২৪ এপ্ৰিল ১৯৭২) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী আছিল। ১৯৫৫ চনত তেওঁক ভাৰত চৰকাৰৰ পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয়। তেওঁ শিল্পী অৱনীন্দ্ৰনাথ ঠাকুৰৰ শিষ্য আছিল, যাৰ শৈল্পিক মৌলিকতা আৰু ভাৰতত কলাৰ উদ্ভৱত অৱদান সন্দেহাতীত হৈ আছে।
১৮৮৭ চনৰ ১১ এপ্ৰিলত পশ্চিমবংগৰ বাঁকুড়া জিলাৰ বেলিয়াতোড় গাঁৱত ভূমি-মালিকসকলৰ এক মধ্যমীয়া সমৃদ্ধকায় কায়স্থ পৰিয়ালত যামিনী ৰয়ৰ জন্ম হয়।[1] তেওঁ এক মধ্যবিত্ত, কলা প্ৰেমী পৰিয়ালত ডাঙৰ দীঘল হৈছিল আৰু ইয়েই অৱশেষত তেওঁৰ ভৱিষ্যত জীৱনৰ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল।[2] তেওঁৰ পিতাৰ নাম ৰামতৰণ ৰায়[3] আৰু মাতৃ নগেন্দ্ৰবালা দেবী।[4]
ষোল্ল বছৰ বয়সত তেওঁক পৰিয়ালৰ ফালৰ পৰা কলিকতাৰ চৰকাৰী কলা মহাবিদ্যালয়ত পঢ়িবলৈ পঠোৱা হৈছিল।[1] বেংগল স্কুলৰ প্ৰতিষ্ঠাপক অৱনীন্দ্ৰনাথ ঠাকুৰ উক্ত প্ৰতিষ্ঠানটোৰ উপ-অধ্যক্ষ আছিল। তেওঁক প্ৰচলিত শৈক্ষিক পৰম্পৰাত ধ্ৰুপদী ন্যুড অংকন আৰু তৈল্য চিত্ৰাংকন কৰিবলৈ শিকোৱা হৈছিল আৰু ১৯০৮ চনত তেওঁ ফাইন আৰ্টত ডিপ্লোমা লাভ কৰে। অৱশ্যে, তেওঁ পিছলৈ উপলব্ধি কৰিছিল যে তেওঁ পশ্চিমীয়া পৰম্পৰাক প্ৰতিনিধিত্ব কৰা ব্যক্তি নহয়, নিজৰ সংস্কৃতিৰ পৰা অনুপ্ৰেৰণা ল'বৰ বাবে সেয়েহে তেওঁ জীৱিত লোক আৰু জনজাতীয় কলাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। তেওঁ কালিঘাট পাট (কালীঘাট চিত্ৰকলা)ৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল, যি আছিল বোল্ড চুইপিং ব্ৰাছ-ষ্ট্ৰোকৰ এক কলাশৈলী। তেওঁ, তেওঁৰ পূৰ্বৰ প্ৰভাৱবাদী দৃশ্য আৰু প্ৰতিকৃতি অংকনৰ পৰা আঁতৰি ১৯২১ ৰ পৰা ১৯২৪ চনৰ ভিতৰত তেওঁৰ পৰীক্ষামূলক চাঁওতালি নৃত্যৰ চিত্ৰ কৰ্ম আৰম্ভ কৰিছিল। যামিনী ৰয়ৰ ৪জন পুত্ৰ আৰু ১ গৰাকী কন্যা সন্তান আছিল।
ৰয়ে প্ৰতিকৃতি অংকন শিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯২০ ৰ দশকৰ আৰম্ভণিতে হঠাতে তেওঁ নিজকে আৱিষ্কাৰৰ প্ৰচেষ্টাত কমিছন ভিত্তিত প্ৰতিকৃতি অংকনৰ কাম এৰি দিছিল।[5]
ৰয়ে তেওঁৰ প্ৰশিক্ষণৰ পাশ্চাত্য শৈলীৰ পৰিৱৰ্তে বঙালী লোক পৰম্পৰাৰ ওপৰত আধাৰিত এক নতুন শৈলীৰ ওপৰত কাম আৰম্ভ কৰে।[6]
ৰয়ে তেওঁৰ জীৱনকালত ২০,০০০ চিত্ৰ অংকন কৰিছিল সেই হিচাপে দৈনিক প্ৰায় ১০খন চিত্ৰ। সেয়ে ৰয়ক আৰ্ট মেচিন বিশেষণৰে জনা যায়। অৱশ্যে তেওঁৰ শৈল্পিক লক্ষ্য সদায়ে একে আছিল। তেওঁ সদায় সাধাৰণ মধ্যবিত্ত শ্ৰেণীক কলাৰ আপধাৰক হিচাপে লক্ষ্য কৰি লৈছিল। মধ্যবিত্ত শ্ৰেণীৰ প্ৰতি তেওঁৰ সন্মান ৰখাটো তেওঁৰ সমালোচনামূলক দৃষ্টিভংগীৰ ওপৰত প্ৰতিফলিত হৈছে; তেওঁ বিশ্বাস কৰিছিল যে সাধাৰণ মানুহ চৰকাৰতকৈ অধিক গুৰুত্বপূৰ্ণ কিয়নো এই সকল লোকেই তেওঁৰ কলাৰ কণ্ঠস্বৰ আছিল।[7]
ইয়াৰোপৰি ১৯৭৬ চনত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে তেওঁৰ চিত্ৰ কৰ্মৰ শৈল্পিক আৰু নান্দনিক মূল্যৰ প্ৰতি সন্মান ৰাখি তেওঁক "নাইন মাষ্টাৰ"ৰ মাজৰ এক বুলি ঘোষণা কৰিছিল, ইয়াৰ লগে লগে তেওঁ কাম সমূহ "কলাৰ ভাণ্ডাৰ" হিচাপে বিবেচিত হয়।[10]
১১ এপ্ৰিল ২০১৭ ত গুগল ইণ্ডিয়াই ৰয়ক তেওঁৰ ১৩০ তম জন্মদিন উপলক্ষে এটি গুগল ডুডল উৎসৰ্গা কৰিছিল।[6]