লক্ষ্মীৰাণী মাঝি | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
জন্ম | ২৬ জানুৱাৰী, ১৯৮৯ (৩৫ বছৰ) বাগোলা, ঘাষ্টশিলা, ঝাৰখণ্ড | ||||||||||||
বাসগৃহ | চিত্তৰঞ্জন, আশাঞ্চল, পশ্চিমবংগ | ||||||||||||
উচ্চতা | 1.61 মিটাৰ (U=ft}}) | ||||||||||||
ওজন | ৫৫ কেজি (১২০ পাউণ্ড) | ||||||||||||
ক্ৰীড়া | |||||||||||||
দেশ | ভাৰত | ||||||||||||
ক্ৰীড়া | ধনুৰ্বিদ | ||||||||||||
শিতান | ৰিকাৰ্ভ | ||||||||||||
পদক অভিলেখ
| |||||||||||||
10 September 2015-ত নবীকৰণ কৰা হৈছে। |
লক্ষ্মীৰাণী মাঝি (ইংৰাজী: Laxmirani Majhi; জন্ম: ২৬ জানুৱাৰী ১৯৮৯) হৈছে এগৰাকী ভাৰতীয় বাঁওহতীয়া ৰিকাৰ্ভ ধনুৰ্বিদ।
লক্ষ্মীৰাণী চাওঁতাল গোষ্ঠীৰ অন্তৰ্ভুক্ত; ঝাৰখণ্ডৰ পূৰ্ব সিংভূম জিলাৰ বাগোলা গাঁৱত বাস কৰিছিল। আৰ্চাৰী একাডেমিয়ে নিৰ্বাচন কৰা তেওঁৰ বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আহোঁতে তেওঁৰ জীৱনলৈ প্ৰথম ধনুখেলৰ সুযোগ আহে।[1] বৰ্তমান লক্ষ্মীৰাণী চত্তিছগড়ৰ বিলাসপুৰত ভাৰতীয় ৰেল বিভাগত কৰ্মৰত।[2]
ডেনমাৰ্কৰ ক'পেনহেগেনত অনুষ্ঠিত ২০১৫ বিশ্ব ধনু প্ৰতিযোগিতাত লক্ষ্মীৰাণীয়ে ৰূপৰ পদক জয় কৰে। এই প্ৰতিযোগিতাত তেওঁ ব্যক্তিগত ৰিকাৰ্ভ ইভেণ্ট আৰু দলগত ৰিকাৰ্ভ ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিছিল।[3]
তেওঁ ২০১৬ ৰিঅ' অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী ভাৰতীয় দলৰ সদস্যা। ৰিঅ'ত লক্ষ্মীৰাণী মাঝি, বোম্বাইলা দেবী আৰু দীপিকা কুমাৰীকলৈ গঠিত ভাৰতীয় মহিলা ৰিকাৰ্ভ দলে স্থান নিৰ্ণায়ক ৰাউণ্ডত সপ্তম স্থান দখল কৰে। তেওঁলোকে ৰাউণ্ড অফ চিক্সটিন মেচত কলম্বিয়াক হৰুৱাই অন্তিম আঠত স্থান লাভ কৰে যদিও কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ হাতত পৰাস্তহৈ অলিম্পিকৰ পৰা বিদায় লয়।[4][5]
ব্যক্তিগত ইভেণ্টৰ স্থান নিৰ্ণায়ক ৰাউণ্ডত লক্ষ্মীৰাণীয়ে ৪৩তম স্থান লাভ কৰে। পৰৱৰ্তী ৰাউণ্টত তেওঁ স্লোভাকিয়াৰ আলেকজেণ্ড্ৰা লংগোভাৰ হাতত পৰাস্ত হয়।[6]