লাড়ু | |
প্ৰকাৰ | মিঠাই |
---|---|
উৎপত্তিৰ স্থান | ভাৰত উপমহাদেশ |
মুখ্য উপাদান | ঘিউ, আটা/ময়দা/বেচন, চেনী/গুড়, শুকান ফল আদি |
লাদ্দু বা লাডু হৈছে ভাৰতীয় উপমহাদেশত উদ্ভৱ হোৱা এবিধ গোলাকাৰ মিঠাই ৷ ইয়াক ইয়াক বিভিন্ন মিঠাইৰ উপাদান আৰু চেনিৰ ৰস বা গুড়েৰে সম্পৃক্ত কৰি প্ৰস্তুত কৰা হয়। " ভাৰতীয় মিঠাইসমূহৰ ভিতৰত আটাইতকৈ সাৰ্বজনীন আৰু সবাতোকৈ প্ৰাচীন" বুলি কোৱা হৈছে।[1] ইয়াৰ বিভিন্ন প্ৰকাৰ আছে আৰু ইয়াক বিভিন্ন উপলক্ষত পৰিবেশন কৰা তথা উফাৰ দিয়া হয়। পূজাতো ইষ্টদেৱতালৈ বুলি লাড়ু আগবঢ়োৱা হয়।
হিন্দু দেৱতা গণেশৰ সৈতে জড়িত বিভিন্ন উৎসৱ-পাৰ্বনসমূহৰ সময়ত লাডু প্ৰায়ে পৰিবেশন কৰা হয়।[1][2][3]
প্ৰত্নতাত্ত্বিক খননত বিভিন্ন ঠাইত মাহজাতীয় শস্যৰ পৰা তৈয়াৰী "খাদ্য গোলক" পোৱা গৈছে। বাৰ্লি, ঘেঁহু,বুটমাহ আৰু মগুমাহ আদি শস্য সিন্ধু উপত্যকা সভ্যতাত প্ৰায় ২৬০০ খ্ৰীষ্টপূৰ্বত খোৱা হৈছিল। গতিকে সিন্ধু উপত্যকা সভ্যতাৰ পৰাই ভাৰত উপমহাদেশত লাড়ুৰ প্ৰচলন আছে বুলি ভাবিব পৰা যায়।[4][5]
তৃতীয়-চতুৰ্থ শতিকাৰ সংস্কৃত চিকিৎসা গ্ৰন্থ সুশ্ৰুত সংহিতাত লাদ্দুকা নামৰ বড়িক মৌৰে লেপন দিয়া গুড়, বাদাম, আৰু তিলৰ সৰু সৰু গোলক বুলি উল্লেখ কৰা হৈছে। এই গোলকসমূহ বীজাণুনাশক হিচাপে আৰু ৰোগীক ঔষধ খুওৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। কিন্তু মিঠাই হিচাপে লাডুৰ প্ৰথম নথিভুক্ত উল্লেখ একাদশ শতিকাৰ পশ্চিম ভাৰতীয় ৰন্ধন গ্ৰন্থ <i id="mwOQ">লোকোপাকাৰাতহে</i> পোৱা যায়। ইয়াত চাউলৰ স্পেঘেটি, ঘিউ, আৰু চেনিৰ ৰসৰ সৈতে লাডু বনোৱাৰ প্ৰণালী দিয়া হৈছে। পঞ্চদশ শতিকাৰ ভাৰতীয় ৰন্ধন গ্ৰন্থ নিমতনামা-ই-নাছিৰুদ্দিন-শ্বাহীত বগা আটা, শুকান ফলৰ টুকুৰা, গোলাপ জল, কৰ্ফূৰ, কস্তুৰীৰে তৈয়াৰী লাডুৰ কেইবাটাও ৰন্ধন প্ৰকৰণ দিয়া হৈছে ৷ [1]
বেচন লাড়ু প্ৰস্তুত কৰিবলৈ বেচন গৰম ঘিউত ভাজি লোৱা হয়। তাৰ পিছত চেনি আৰু ইলাচিৰ গুড়ি মিহলাই লোৱা হয়। মিশ্ৰণটো গোল গোলকৈ মুঠি বান্ধি লাড়ু বনাই ঠাণ্ডা হৈ কঠিন হ’বলৈ দিয়া হয়।[1][6]
মতিচূৰ ( হিন্দীত "পিহি পেলোৱা মুকুতা" )[7] লাডু বুণ্ডী বা মিহিদানাৰ পৰা তৈয়াৰ কৰা হয়।[1][8]
থাগ্গূ কে লাড়ু খোয়া , চুজি, আৰু বগা চেনিৰ পৰা তৈয়াৰ কৰা হয় আৰু ই ভাৰতৰ কানপুৰৰ বিশেষ খাদ্য। ইয়াৰ উদ্ভাৱন কৰিছিল মহাত্মা গান্ধীৰ অনুগামী মথা পাণ্ডেই ৷ গান্ধীয়ে ভাৰতত ইংৰাজে জনপ্ৰিয় কৰা বগা চেনিক "বগা বিষ" আৰু ৰোগ সৃষ্টিকাৰী বুলি উল্লেখ কৰিছিল। যিহেতু তেওঁৰ লাড়ু বগা চেনি দি তৈয়াৰ কৰা হৈছিল, গতিকে তেওঁ মিঠাইবিধৰ সেই নাম দিছিল।[1]
শ্বাহী (বা ৰাজকীয়) লাড়ু পেড়া আৰু বৰফিৰ পৰা তৈয়াৰ কৰা হয়। এই মিঠাই দুবিধ পিহি ভাঙি লৈ তাত ইলাচি, শুকান ফল, আৰু বাদাম মিহলাই গোল গোল আকাৰ তৈয়াৰ কৰা হয়। ইয়াক ৰূপালী ফয়লেৰে সজাই তোলা হয়।[1]
নাৰিকলৰ লাড়ুৰ একাধিক ৰন্ধন প্ৰকৰণ আছে। ইয়াৰ প্ৰাথমিক ৰূপ নাৰায়ল নাক্ৰু চোল সাম্ৰাজ্যৰ সময়ৰ পৰাই প্ৰচলিত। সেই সময়ত ই আছিল ভ্ৰমণকাৰী আৰু যোদ্ধাসকলৰ বাবে তেওঁলোকৰ অভিযানৰ বাবে শুভকামনাৰ প্ৰতীক।[9]
স্থানীয়ভাৱে অসমত বহুকেইবিধ লাড়ু প্ৰস্তুত কৰা হয়। ইয়াৰ ভিতৰত আটাইতকৈ প্ৰচলিত হৈছে নাৰিকলৰ লাড়ু। ইয়াৰ লগতে বিভিন্ন উপলক্ষ যেনে বিহু আদি উৎসৱত ক'লা তিলৰ লাড়ু, মুড়িৰ লাড়ু, চুজিৰ লাড়ু, গমৰ লাড়ু আদি বনোৱা হয়।
মিঠৈ হৈছে অসমীয়া লাড়ুৰ একেবাৰে থলুৱা সংস্কৰণ। মিঠৈ দুবিধ: কেঁচামিঠৈ আৰু পকামিঠৈ। দুয়োবিধ লাড়ু বা মিঠৈ এনেই খোৱাৰ উপৰিও পূজা-পাৰ্বনত ব্যৱহৃত হয়। কেঁচামিঠৈ প্ৰস্তুত কৰিবলৈ প্ৰথমে কেঁচা পিঠাগুড়িত প্ৰচুএ পৰিমাণে ঘিউ আৰু তাত মিহিকৈ কাটি লোৱা গুড় দিয়া হয়। তাৰপিচত এইখিনি ভালদৰে হাতেৰে মিহলাই লাড়ুৰ আকাৰ দিয়া হয়। কেঁচামিঠৈ মাহ প্ৰসাদত যোগ কৰা হয়। ধৰ্মীয় কামত নালাগিলে কেঁচামিঠৈ ঘিউৰ সলনি লাড়ু বান্ধনি হিচাপে উতলা পানী বাগাখীৰ দি পিঠাগুড়ি বা সান্দহেৰে তৈয়াৰ কৰা হয়। পকামিঠৈৰ বাবে পিঠাগুড়িখিনি কেৰাহীত শুকানকৈ ভজি লোৱা হয়। ইয়াক ঠাণ্ডা কৰি একাষে ৰাখি গুড় গলোৱা হয়। গুড়খিনি গলিলে পুনৰ গোট মৰাকৈ ঠাণ্ডা হোৱাৰ আগতেই অলপ অলপকৈ পিঠাগুড়িখিনিত ঢালি লাড়ু বনোৱা হয়। ইয়াত জালুকৰ গুড়ি আৰু ইলাচীও দিয়া হয়। ইয়াক সততে নামঘৰ বা ধৰ্মীয় অনুষ্ঠান আদিত চাহৰ সৈতে পৰিবেশন কৰা হয়। কেতিয়াবা গুড়ৰ বাবে পকামিঠৈ অত্যাধিক কঠিন হৈ পৰে।
কিছুমান হিন্দু মন্দিৰৰ নিজাকৈ লাড্ডু সংস্কৰণ আছে। এই লাড়ু দেৱতাসকলক আগবঢ়োৱা হয় আৰু তাৰ পিছত ভক্তসকলক প্ৰসাদ হিচাপে বিতৰণ কৰা হয়। ভাৰতৰ তিৰুপতিৰ ভেংকটেশ্বৰ মন্দিৰত বেচন লা===ড়ু পৰিবেশন কৰা হয়। ঘাটগাঁৱৰ মা তাৰিনি মন্দিৰত নাৰিকল আৰু খোয়াৰ পৰা তৈয়াৰী লাড়ু বিলোৱ হয়। কৰা হয় ৷ তিৰুচেন্দুৰৰ সুব্ৰমণীয়া স্বামী মন্দিৰৰ বিশেষ লাড়ু ফক্সটেইল বাজৰাৰ পৰা প্ৰস্তুত কৰা হয় ৷[1][10] অসমৰ গুৱাহাটীৰ তিৰুপতি বালাজী মন্দিৰত খোয়া আৰু গমৰ লাড়ুৰ প্ৰসাদ উপলদ্ধ।
ভাৰতৰ প্ৰতিটো অঞ্চলতে লাডুৰ নিজস্ব সংস্কৰণ আছে। ৰাজস্থানত ঘেঁহুৰ আটাৰ পৰা, মহাৰাষ্ট্ৰত তিলৰ পৰা, কেৰালাত চাউলৰ গুড়িৰ পৰা আৰু অন্ধ্ৰ প্ৰদেশত চাউলৰ টুকুৰাৰ পৰা লাডু তৈয়াৰ কৰা হয় ৷ অন্যান্য আনুষংগিক উপাদানসমূহৰ ভিতৰত আছে কুটি লোৱা নাৰিকল, ভজা বুট, বাদাম, আৰু কিচমিচ । [1]