লুডু (ইংৰাজী: Ludo) হৈছে দুজনৰ পৰা চাৰিজন[টোকা 1] খেলুৱৈৰ দ্বাৰা খেলিব পৰা এটা কৌশল যুক্ত ব'ৰ্ড গেম, য'ত খেলুৱৈসকলে এটা ডাই বা লুডু গুটিৰ ফলাফল অনুসৰি খেলৰ নিয়মমতে আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ ভাগৰ চাৰিটা একেৰঙৰ গুটিৰ চলাচল কৰাই। অন্যান্য ক্ৰছ আৰু চাৰ্কল খেলৰ দৰে লুডু ভাৰতীয় খেল পাশাৰ পৰা উদ্ভৱ হৈছে।[1] এই খেল আৰু ইয়াৰ ভিন্নতা বহু দেশত আৰু বিভিন্ন নামেৰে জনপ্ৰিয়।
খ্ৰীষ্টীয় ষষ্ঠ শতিকাত ভাৰতত পাশা খেলৰ সৃষ্টি হৈছিল। ভাৰতত এই খেলৰ বিৱৰ্তনৰ আদিম প্ৰমাণ অজন্তা-ইলোৰাৰ গুহাত বৰ্ডৰ চিত্ৰণত পোৱা যায়। মূল সংস্কৰণটো ভাৰতীয় মহাকাব্য মহাভাৰততো বৰ্ণনা কৰা হৈছে। সেইঅনুসৰি শকুনীয়ে পাণ্ডৱক পৰাস্ত কৰিবলৈ অভিশপ্ত পাশা ব্যৱহাৰ কৰে আৰু অৱশেষত সকলো হেৰুৱাই যুধিষ্ঠিৰে পত্নী দ্ৰৌপদীক বাজিত পেলাই তেওঁকো হেৰুৱাই। পাণ্ডৱসকলে যদিও তেওঁলোকৰ সকলো বস্তু ঘূৰাই পায়, কিন্তু দ্ৰৌপদীয়ে সমগ্ৰ কুৰু বংশক তিৰস্কাৰ কৰাৰ প্ৰতিজ্ঞা কৰে যদিও গান্ধাৰীৰ হস্তক্ষেপত ৰৈ যায়, আৰু দ্ৰৌপদীৰ ক্ৰোধক শান্ত কৰাৰ সুযোগ দেখি কুৰু ৰজা ধৃতৰাষ্ট্ৰই পাণ্ডৱসকলক তেওঁলোকৰ সকলোখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে খেলখনত পৰাস্ত হয়।
প্ৰাচীন কালত ইয়াক চৌপাৰ নামেৰেও জনা গৈছিল। চৌপাৰ সমসাময়িক সংস্কৰণটো ভাৰতৰ মোগল সম্ৰাটসকলে খেলিছিল বুলি জনা যায় আৰু আকবৰৰ দিনৰ এয়া এক উল্লেখযোগ্য উদাহৰণ।[2]
পাশাক পিছলৈ হাতৰ পৰিবৰ্তে এটা চুঙা আকৰৰ কাপত এটা ঘনক আকাৰৰ ডাই বা গুটি ব্যৱহাৰলৈ সংশোধন কৰা হয় আৰু ১৮৯৬ চনত ইংলেণ্ডত "লুডু" নামেৰে নিৰ্দিষ্ট মোহৰ মৰা হয়।[টোকা 2][3][4] ৰয়েল নেভিয়ে লুডোক আকৌ ব'ৰ্ড গেম আকাৰছলৈ ৰূপান্তৰিত কৰে।[5]