শংখ ঘোষ | |
---|---|
২০১১ চনত শংখ ঘোষ | |
জন্ম | চিত্তপ্ৰিয় ঘোষ ৫ ফেব্ৰুৱাৰী, ১৯৩২ (২২ মাঘ, ১৩৩৮ বঙ্গাব্দ) চাঁদপুৰ, বাংলাদেশ |
মৃত্যু | ২১ এপ্ৰিল, ২০২১ (৮৯ বছৰ) কলিকতা, পশ্চিমবংগ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
জনা যায় | বঙালী সাহিত্য |
পদবী | কবি |
দাম্পত্যসঙ্গী | প্ৰতিমা (বিশ্বাস) ঘোষ (জন্ম: ১৯৩১ ইং - মৃত্যু:২৯/০৪/২০২১ ইং )[1] |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ (২০১১) জ্ঞানপীঠ বঁটা (২০১৬) সাহিত্য অকাডেমি বঁটা (১৯৭৭) |
শংখ ঘোষ (ইংৰাজী: Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১)[2][3] হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক।[4] ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বাবৰৰ প্ৰাৰ্থনা কাব্যগ্ৰন্থৰ বাবে তেওঁ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০১১ চনত পদ্মভূষণ আৰু ২০১৬ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটাৰে বিভূষিত হৈছিল। ‘গন্ধৰ্ব কবিতা গুচ্ছ’ কাব্য-সংকলনৰ বাবে কে কে বিৰলা ফাউণ্ডেচনে ১৯৯৮ চনত ঘোষক সৰস্বতী সন্মান প্ৰদান কৰিছিল।
শংখ ঘোষৰ প্ৰকৃত নাম আছিল চিত্তপ্ৰিয় ঘোষ। তেওঁৰ দেউতাক মনীন্দ্ৰকুমাৰ ঘোষ আৰু মাতৃ অমলা ঘোষ। বৰ্তমান বাংলাদেশৰ অন্তৰ্গত চাঁদপুৰ জিলাত ১৯৩২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে শংখ ঘোষৰ জন্ম হৈছিল। পৈতৃক গৃহ আছিল বাংলাদেশৰ বৰিশাল জিলাত। কিন্তু তেওঁ ডাঙৰ হৈছিল পাবনাত। দেউতাকৰ চাকৰিসূত্ৰে পাবনাত থাকি তেওঁ তাৰ চন্দ্ৰপ্ৰভা বিদ্যাপীঠৰপৰা মেট্ৰিক পাছ কৰিছিল।
ঘোষে বংগভাষী কলেজ, চিটি কলেজ, যাদৱপুৰ বিশ্ববিদ্যালয়, জংগীপুৰ কলেজ, বঢ়হমপুৰ গাৰ্লচ কলেজ আদি কলিকতা আৰু পশ্চিমবংগৰ বহুকেইটা শিক্ষা প্ৰতিষ্ঠানত শিক্ষাদান কৰিছিল। ১৯৯২ চনত তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ আইৱাত অনুষ্ঠিত এখন আন্তৰ্জাতিক লেখক সন্মিলনত অংশগ্ৰহণ কৰিছিল। ঘোষে দিল্লী বিশ্ববিদ্যালয়, ছিমলাৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ’ আৰু বিশ্ব-ভাৰতীতো অধ্যাপনা কৰিছিল।
কুন্তক আছিল তেওঁৰ ছদ্মনাম।[5] বঙালী সাহিত্যক এক নতুন পৰিচয় প্ৰদান কৰাৰ ক্ষেত্ৰত, শক্তি চট্টোপাধ্যায়, সুনীল গংগোপাধ্যায়, বিনয় মজুমদাৰ আৰু উৎপল কুমাৰ বসুৰ দৰে সমকালীন বঙালী সাহিত্যৰ আটাইতকৈ আদৰণীয় লিখকসকলৰ সৈতে শংখ ঘোষৰ নাম ‘পঞ্চ পাণ্ডৱ’ ৰূপে উল্লেখ কৰা হয়।
২০২১ চনৰ ১৮ এপ্ৰিল তাৰিখে ঘোষ ক'ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হয় আৰু ২১ এপ্ৰিলৰ দিনা কলিকতাৰ নিজা গৃহত তেওঁৰ মৃত্যু হয়।[6][7][8] তেওঁৰ মৃত্যুৰ ঠিক আঠ দিন পাছতে তেওঁৰ পত্নী প্ৰতিমা ঘোষো ক'ভিড আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।
|
|