শিবানী দাণ্ডেকাৰ Shibani Dandekar | |
---|---|
২০১৫ চনত দাণ্ডেকাৰ | |
জন্ম | ২৭ আগষ্ট, ১৯৮০ (৪৪ বছৰ) পুণে, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০০১ – বৰ্তমান |
দাম্পত্যসঙ্গী | ফাৰহান আখটাৰ (বি. ২০২২) |
আত্মীয়-স্বজন |
|
শিবানী দাণ্ডেকাৰ-আখটাৰ (জন্ম- ২৭ আগষ্ট ১৯৮০) হৈছে এগৰাকী ভাৰতীয়-অষ্টেলিয়ান গায়িকা, অভিনেত্ৰী, ঘোষিকা, আৰু মডেল৷[1] আমেৰিকান টেলিভিছনত এগৰাকী ঘোষিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি শিবানীয়ে পৰৱৰ্তী সময়ত ভাৰতলৈ ঘূৰি আহে আৰু হিন্দী টেলিভিছন জগতৰ বহুকেইটা অনুষ্ঠানত পৰিৱেশিকাৰ ভূমিকা পালন কৰে৷ সমান্তৰালভাৱে তেখেতে মডেলিং আৰু গায়িকা হিচাপেও বহু ক্ষেত্ৰত কাম কৰি যায়৷ ২০১৯ চনত অনুষ্ঠিত হোৱা আইচিচি ক্ৰিকেট বিশ্বকাপত শিবানীয়ে এগৰাকী সহ-ঘোষিকা হিচাপে জড়িত হয়৷[2]
দাণ্ডেকাৰৰ জন্ম হৈছিল মাৰাঠী ভাষী এটি চিতপৱন ব্ৰাহ্মণ পৰিয়ালত৷[3] শিবানীৰ দুগৰাকী ভগ্নী আছে৷ এগৰাকীৰ নাম অনুষা আৰু আনগৰাকীৰ নাম অপেক্ষা৷ অনুষা বলিউডৰ এগৰাকী অভিনেত্ৰী-গায়িকা৷[4] ভগ্নী দুগৰাকীৰ লগত লগ হৈ শিবানীয়ে ডি-মেজৰ নামৰ এটি সাংগীতিক বেণ্ড আৰম্ভ কৰিছিল৷[5][6] শৈশৱৰ অধিকাংশ সময়েই শিবানীয়ে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাত কটাইছিল৷[7]
২০১৮ চনৰ পৰা শিবানীয়ে ছবি-নিৰ্মাতা, প্ৰযোজক আৰু অভিনেতা ফাৰহান আখটাৰৰ লগত বৈবাহিক সম্বন্ধ আৰম্ভ কৰে৷ তাৰ কিছু দিন আগতেহে ফাৰহানৰ পূৰ্বৰ পত্নী অধুনা ভাবানীৰ লগত বিবাহ-বিচ্ছেদ সম্পন্ন হৈছিল৷ [8] ২০২২ চনৰ ১৯ ফেব্ৰুৱাৰীত তেওঁলোকে দুয়োয়ে পিতৃৰ খাণ্ডালত থকা এটা ফাৰ্ম হাউছত ধৰ্মশূন্যভাৱে এটি অনুষ্ঠানত বৈবাহিক জীৱনৰ পাতনি মেলে৷[9]
২০০১ চনত শিবানী নিউয়ৰ্ক চহৰলৈ ৰাওনা হয় আৰু আমেৰিকান টেলিভিছনত কাম কৰিবলৈ আৰম্ভ কৰে৷[10] শিবানীয়ে পৰিৱেশক হিচাপে নমস্তে আমেৰিকা, ভি দেশী আৰু এছিয়ান ভেৰাইটি শ্বৌ শীৰ্ষক অনুষ্ঠানত ৰাষ্ট্ৰীয় সহযোগিতাত কাম কৰে৷[11] এই অনুষ্ঠানৰ জৰিয়তে শিবানীয়ে বলিডদৰ মহাতাৰকাসকলক আমেৰিকাৰ দৰ্শকৰ লগত চিনাকি কৰাই দিয়ে আৰু শ্বাহৰুখ খানৰ সৈতে এন ইভিনিং উইথ শ্বাহৰুখ খান ইন এটলাণ্টিক অ’চেন শীৰ্ষক অনুষ্ঠানটো পৰিৱেশন কৰে৷ ইয়াৰ পিছত শিবানীয়ে ঝলক দিখলা জাত এগৰাকী প্ৰতিযোগী হিচাপে যোগদান কৰে৷[12] তাৰ ঠিক পিছতে শিবানীয়ে বিবিচি নেটৱৰ্কত ডান্সিং উইথ দ্য ষ্টাৰচ, কালাৰ্ছ টিভিৰ অনুষ্ঠানত সুত্ৰধাৰ হিচাপে কাম কৰে৷ [13]
তাৰ পিছত শিবানী ভাৰতলৈ উভতি আহে আৰু টেলিভিছনৰ পৰিৱেশিকা হিচাপে নিজৰ কাম জাৰী ৰাখে৷ সমান্তৰালভাৱে তেখেতে মডেলিঙতো নিজৰ কৰ্মজীৱন আৰম্ভ কৰে৷
সংগীত আৰু মডেলিঙৰ বাহিৰেও শিবানীয়ে মেক্সিম হট ১০০, ৰোলছ ৰয়চ, পিউমা, মাৰ্ছিডিছ, তয়টা, হৰলিক্স, এইছএচবিচি, স্পাইচ মবাইল, এমটিভি কোক ষ্টুডিঅকে ধৰি অনেক অনুষ্ঠানত ঘোষিকা হিচাপে কাম কৰিছে৷ জি কাফেত আফটাৰ আৱাৰচ আৰু এ এক্স এন চেনেলত মেন ২.০ অনুষ্ঠানত শিবানীয়ে ঘোষিকা হিচাপে কাম কৰে৷ [14][15] ২০১১ চনৰ পৰা শিবানীয়ে ছনি মেক্স টেলিভিছনত ইণ্ডিয়ান প্ৰিমিয়াৰ লিগৰ খেলৰ সময়ত সম্প্ৰচাৰিত এক্সট্ৰা ইনিংচ নামৰ অনুষ্ঠানো সহ-ঘোষিকা হিচাপে কাম কৰিছে৷[16] একাদশসংখ্যক ভাৰতীয় টেলিভিছন একাডেমি বঁটাত শিবানীক কুইজ শ্ব'/গেমৰ শিতানত শ্ৰেষ্ঠ ঘোষিকাৰ বাবে মনোনীত কৰা হয়৷[17] [18] ২০১৫ চনত তেখেতে ৰয় নামৰ হিন্দী ভাষাৰ চলচ্চিত্ৰখনত 'জয়া' নামৰ চৰিত্ৰ এটি ৰূপায়ন কৰে৷ </ref> ২০১৭ চনত শিবানীয়ে ফিয়েৰ ফেক্টৰ : খটৰো কে খিলাড়ীত অংশ লৈছিল যদিও প্ৰথম সপ্তাহতে বিদায় মাগে৷ প্ৰতিযোগিতাত দাণ্ডেকাৰৰ স্থান হয় দ্বাদশ৷