শিলচৰভাৰতৰঅসম ৰাজ্যৰ কাছাৰ জিলাৰ সদৰ চহৰ আৰু দক্ষিণ অসমৰ এটি প্ৰধান বাণিজ্যকেন্দ্ৰ। মণিপুৰৰ কিছু অংশ আৰু মিজোৰামৰ বাবে এই চহৰৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম। শিলচৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যৱসায়ীয়ে বসতি স্থাপন কৰিছে।
বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰক উত্তৰ-পূব ভাৰতৰে ভিতৰত শান্তিপূৰ্ণ ঠাই হিচাপে তেতিয়াৰ ভাৰতীয় প্ৰধানমন্ত্ৰীইন্দিৰা গান্ধীয়ে "শান্তিৰ দ্বীপ" আখ্যা দিছিল। [4] তৎকালীন পূৰ্ববঙ্গৰ চিলেটিসকল এই চহৰৰ অন্যতম প্ৰধান জনগোষ্ঠী। ভাত আৰু মাছ ইয়াৰ লোকসকলৰ প্ৰধান খাদ্য। ইয়াৰ উপৰিও "শুঁটকি" আৰু "চুঙা পিঠা" এই অঞ্চলৰ বিখ্যাত উপাদেয় খাদ্য।
কাঁচা কান্তি কালী মন্দিৰ: শিলচৰৰ পৰা প্ৰায় ১১ কিঃমিঃ অৰ্থাৎ দক্ষিণ অসমত দেৱী মা "কাঁচাকান্তি"-ৰ এক ঐতিহাসিক আৰু সুপ্ৰসিদ্ধ মন্দিৰ আছে। এই দেৱী দুই শক্তিশালী হিন্দু দেৱতা মা দুৰ্গা আৰু মা কালীৰ সংযোজন। মূল মন্দিৰটো কছাৰী ৰজাই ১৮০৬ খ্ৰীষ্টাব্দত নিৰ্মিত কৰিছিল। ১৮১৮ খ্ৰীষ্টাব্দ পৰ্যন্ত দেৱীৰ ওচৰত নৰবলি প্ৰদান কৰা হৈছিল। পুৰণি মন্দিৰটো ধ্বংস হৈ গৈছিল আৰু ১৯৭৮ খ্ৰীষ্টাব্দত নতুন মন্দিৰটো পুনঃ প্ৰতিষ্ঠাপিত কৰা হয়।
মনিহৰণ সুৰংগ: ভুৱনেশ্বৰ মন্দিৰৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰৈত ই এক জনপ্ৰিয় স্মৃতি। পৱিত্ৰ নদী ত্ৰিবেনী এই সুৰংগৰ তলেৰে প্ৰবাহিত হয়। পৌৰাণিক কাহিনী মতে, এই সুৰংগটো এবাৰ ভগৱান শ্ৰীকৃষ্ণই ব্যৱহাৰ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণ নিবেদিত মন্দিৰটোক মনিহৰণ সুৰংগ নামেৰে নামকৰণ কৰা হয়।