শেলাই(ইংৰাজী: Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ। ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়। বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে।[1]
শেলাইবিলাক প্ৰধানত: জলজ। ইহঁতে লৱণ আৰু অলৱণ পানীত বা অপৰিষ্কাৰ দুৰ্গন্ধময় পানীত ওপঙি থাকে অথবা পানীত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে। কিছুমানে উদ্ভিদ বা প্ৰাণীৰ দেহত অন্তৰ (endophyte)উদ্ভিদ হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে। কোনো কোনো ক্ষেত্ৰত শেলাই ভেঁকুৰৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়।[1]
শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে। এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে। বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়।[1]
শেলাইৰ কোষ সংকোষকেন্দ্ৰীয় (eukaryotic) হয়। প্ৰতিটো কোষ এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে। বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত। কোষত এক বা একাধিক কোষকেন্দ্ৰ,কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে। কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে।[1]
বিভিন্নধৰণৰ ৰঞ্জক পদাৰ্থ (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়। ৰঞ্জক পদাৰ্থবোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম। কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে। এইবিলাক প্ৰটিনৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে।[1]।
শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে কাৰ্ব'হাইড্ৰেট থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত কাৰ্ব'হাইড্ৰেটৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি। বিভিন্ন ধৰণৰ কাৰ্ব'হাইড্ৰেটৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ কোষত সঞ্চিত খাদ্যৰূপে থাকে।[1]
শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-