সংজ্ঞা | |
---|---|
ডাৱৰ আৰু বিজুলীৰ দেৱী | |
পত্নী সংজ্ঞা আৰু ছায়াৰ সৈতে সূৰ্য (দেৱতা) | |
অন্য নাম | সাৰন্যু, সন্ধ্যা, সঞ্জনা, শুভ্ৰসলা, ৰণ্ডল, সৌৰী |
দেৱনাগৰী | संज्ञा |
সংস্কৃত লিপ্যন্তৰ | Saṃjñā |
সঙ্গী | সূৰ্য |
সহোদৰ | ত্ৰিশিৰা (যমজ ভাতৃ) ছায়া |
সন্তান | যম, যমী, অশ্বিন,মনু,ৰেৱন্ত |
সংজ্ঞা (সংস্কৃত: संज्ञा) বা সৰন্যু (সংস্কৃত: सरन्यू) হৈছে এগৰাকী হিন্দু দেৱী আৰু সূৰ্য্য দেৱতাৰ প্ৰধান পত্নী। ঋকবেদত তেওঁৰ উল্লেখ পোৱা যায়। ইয়াৰোপৰি পিছৰ অন্যান্য হিন্দু শাস্ত্ৰসমূহতো যেনে হৰিবংস আৰু পুৰাণতো তেওঁৰ উল্লেখ আছে।
শিল্পকলাৰ দেৱতা ত্বষ্টাৰ কন্যা বুলি বৰ্ণনা কৰা সংজ্ঞাই স্বামীৰ উত্তাপ আৰু উজ্জ্বলতা সহ্য কৰিব নোৱাৰাৰ বাবে সাময়িকভাৱে স্বামীক পৰিত্যাগ কৰিছিল। তেওঁ মৃত্যুৰ দেৱতা যম, নদীৰ দেৱী যমীৰ মাতৃ। ইয়াৰোপৰি মনু, ঐশ্বৰিক যমজ বৈদ্য অশ্বিন আৰু ৰেৱন্ত দেৱতাৰ মাতৃ হিচাপে তেওঁক উল্লেখ কৰা হৈছে।
সাৰন্যু হৈছে সৰন্যু বিশেষণৰ নাৰী ৰূপ, যাৰ অৰ্থ হৈছে "দ্ৰুত, বহল, চঞ্চল", ঋকবেদত নদী আৰু বতাহক বুজাবলৈ এই শব্দৰ ব্যৱহাৰ কৰা হৈছে।[1] সৰন্যুক "দ্ৰুত গতিৰে চলা ডাৱৰৰ ধুমুহা" বুলি বৰ্ণনা কৰা হৈছে।[2] ঋকবেদৰ পৰৱৰ্তী গ্ৰন্থ হৰিবংস(খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা)ত সৰন্যুক সংজ্ঞা বা সঞ্জনা বুলি জনা যায়, যাৰ অৰ্থ হৈছে 'চিত্ৰ', 'চিন' বা 'নাম'।[3] সংজ্ঞাক কেতিয়াবা সন্ধ্যা (আক্ষৰিক অৰ্থত 'গোধূলি') নামেৰেও জনা যায়।[4]
বিভিন্ন গন্থ অনুসৰি ত্বষ্টা নামেৰে পৰিচিত শিল্পী দেৱতা বিশ্বকৰ্মাৰ দুটা সন্তান আছিল ক্ৰমে সংজ্ঞা আৰু ত্ৰিশিৰা। সংজ্ঞা বা সাৰন্যু এগৰাকী ধুনীয়া কুমাৰীলৈ পৰিণত হোৱাত তেওঁৰ স্বয়ংবৰ পতা হয় আৰু ইয়াত তেওঁ সূৰ্য দেৱতাক স্বামী হিচাপে নিৰ্বাচন কৰে।[1][5]
হৰিবংশত উল্লেখ থকামতে সূৰ্যৰ শক্তি আৰু উষ্ণতাৰ বাবেই সংজ্ঞা বৈবাহিক জীৱনক লৈ সন্তুষ্ট নাছিল। মাৰ্কণ্ডেয় পুৰাণৰ মতে সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰা বাবেই তেওঁৰ প্ৰতি সংজ্ঞাৰ আচৰণৰ লাহেলাহে সলনি হৈ আহিল।[6] যম আৰু যমীৰ জন্মৰ পিছত তেওঁ আৰু সহ্য কৰিব নোৱাৰি সূৰ্যক ত্যাগ কৰে। অৱশ্যে তেওঁ যোৱাৰ আগতে ছায়াক সৃষ্টি কৰিথৈ যায় আৰু সন্তান কেইটাপ প্ৰতিপালনৰ দায়িত্ব দিয়ে। হৰিবংশ আৰু মাৰ্কেণ্ডেয় পুৰাণৰ মতে সংজ্ঞাক পিতাকে উভতি যাবলৈ অনুৰোধ কৰে। অসহায় হৈ তেওঁ এটা ঘোঁৰাৰ ৰূপ ধাৰণ কৰি কুৰুৰ অৰণ্যত ঘূৰি ফুৰে। বিষ্ণু পুৰাণৰ মতে সংজ্ঞাই সূৰ্যই নিজৰ তাপৰ ওপৰত নিয়ন্ত্ৰণ পাবলৈ তপস্যাৰ বাবেহে সূৰ্যক এৰি আহিছিল।[7]
মাৰ্কেণ্ডেয় পুৰাণত সঞ্জনা-ছায়াৰ কাহিনীটো দুটাকৈ অংশত উল্লেখ কৰা হৈছে। এই কাহিনীটো হৰিবংশ পুৰাণৰ সৈতে একে। অৱশ্যে যম দেৱতাক দিয়া অভিশাপৰ ক্ষেত্ৰত তাৰতম্য ঘটিছে। যমে ছায়াক তিৰস্কাৰ কৰে আৰু পদাঘাতৰ বাবে উদ্যত হয়। যমৰ এই ব্যৱহাৰৰ বাবে ছায়াই তেওঁৰ ভৰিত পোক দিব আৰু ঘাঁ লাগিব বুলি অভিশাপ দিয়ে। আনহাতে সূৰ্যই যমক এটা ডাকোৱাল কুকুৰা উপহাৰ দিয়ে যাতে কুকুৰাটোৱে তেওঁৰ ভৰিৰ সেই কীটবোৰ খাব পাৰে। অন্য আখ্যান সমূহটো এই অভিশাপটোৰ বৰ্ণনা হৰিবংশৰ সৈতে প্ৰায় একে। ছায়াই উল্লেখ কৰিছে যে- তেওঁ যমৰ দেউতাকৰ পত্নী, কিন্তু তেওঁ যমৰ মাতৃ নহয়।[8][9]
বিষ্ণু পুৰাণৰ আখ্যানটিও মাৰ্কেণ্ডেয় পুৰাণৰ সৈতে প্ৰায় একে। সেই অনুসৰি তিনিটা সন্তান জন্ম দিয়াৰ পিছত সঞ্জনাই সূৰ্যৰ প্ৰখৰ তাপ শক্তি সহ্য কৰিব নোৱাৰি তেওঁ নিজৰ ছাঁটোক সূৰ্যৰ ওচৰত এৰি থৈ তপস্যাৰ বাবে অৰণ্যত প্ৰৱেশ কৰে। সূৰ্যৰ ছায়াক সঞ্জনা বুলি ভাবে আৰু তেওঁৰ ফালৰ পৰা তিনিটা সন্তান শনি, সবৰ্ণী মনু আৰু তাপ্তিৰ জন্ম হয়। ছায়াই নিজ সন্তানৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাই সঞ্জনাৰ সন্তানক অৱহেলা কৰে। যমে ছায়াক নিজ মাতৃ সঞ্জনা নহয় বুলি সন্দেহ কৰে আৰু তেওঁৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰে। এই কথাত ছায়াই যমক অভিশাপ দিয়ে। ইয়াৰ দ্বাৰাই যম আৰু সূৰ্যৰ বোধ হয় যে সেয়া প্ৰকৃততে সঞ্জনা নহয়। ছায়াৰ পৰা সত্য শুনাৰ পিছত সূৰ্যয় সঞ্জনাক বিচাৰি উলিয়াই আৰু নিজ গৃহলৈ ঘূৰাই আনে।[9]
মৎস পুৰাণৰ আখ্যানটিও আগৰ সমূহৰে প্ৰায় একে। অৱশ্যে ইয়াত উল্লেখ কৰা অনুসৰি ছায়াৰ তিনিটি সন্তানৰ ভিতৰত এটি পুত্ৰ সবৰ্ণী মনু আৰু আন দুগৰাকী কন্যা ক্ৰমে তাপ্তি আৰু বিস্তী, ইয়াত বিস্তীক গাঢ় নীলা বৰণৰ বুলি কোৱা হৈছে। তেওঁ কাল (সময় আৰু মৃত্যু)ৰ দেৱী আৰু পাতাল নিবাসী।[10]