সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
![]() | |
বাংলাদেশৰ মানচিত্ৰ | |
অৱস্থান | হবিগঞ্জ জিলা, বাংলাদেশ |
মাটিকালি | 243 হেক্টৰ (সাঁচ:Convert/একৰ) |
প্ৰতিস্থা | ২০০৫ |
সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Satchari National Park) হৈছে বাংলাদেশৰ হবিগঞ্জ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।[1] ১৯৭৪ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়নৰ পিছত, ২০০৫ চনত ২৪৩ হেক্টৰ (৬০০ একৰ) ভূমিত "সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান" প্ৰতিষ্ঠা কৰা হয়।[1] বঙালী ভাষাত ‘সাতছড়ি’ মানে ‘সাতটা ধাৰা বা নদী’। এই অৰণ্যখনৰ মাজেৰে সাতটা পাহাৰীয়া নদী বৈ গৈছে আৰু ইয়াৰ পৰাই ‘সাতছড়ি’ নামটো আহিছে। উদ্যানখনৰ পূৰ্বৰ নাম আছিল "ৰঘুনন্দন হিল ৰিজাৰ্ভ ফৰেষ্ট"।[1]
এই উদ্যানখন চিলেট অঞ্চলৰ অন্তৰ্গত হবিগঞ্জ জিলাৰ চুনাৰুঘাট উপজিলাৰ পাইকপাৰা ইউনিয়নৰ অন্তৰ্গত ৰঘুনন্দন পাহাৰত অৱস্থিত।[2] ই বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ পৰা ১৩০ কিলোমিটাৰ (৮১ মাইল) দূৰত্বত অৱস্থিত। উদ্যানখনৰ ওচৰতে ৯খন চাহ বাগিচা আছে। উদ্যানখনৰ পশ্চিমে সাতছড়ি চাহ বাগিচা আৰু পূবে চাকলাপুঞ্জি চাহ বাগিচা অৱস্থিত। ২০০৭ চনৰ এক তথ্য অনুসৰি, উদ্যানখনৰ ওচৰতে থকা তিপ্ৰা গাঁও এখনত বৰ্তমান তিপ্ৰা জনজাতিৰ প্ৰায় ২৪টা পৰিয়াল বসবাস কৰি আছে।
সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান প্ৰায় ২০০তকৈও অধিক গছ-গছনি আছে। শাল (Shorea robusta), চেগুন (Tectona grandis), আগৰ, গৰ্জন, চামকঁঠাল, পাম, মেহগনি, কৃষ্ণচূড়া, ডুমুৰ (Ficus), জামৰুল, এজাৰ, আৱাল, মালেকাছ, ইউকেলিপ্টাছ, আকাশমণি, বাঁহ, বেঁত হৈছে উদ্যানখনৰ আটাইতকৈ সাধাৰণ উদ্ভিদ প্ৰজাতি।[3]
এই উদ্যানখন বন্যপ্ৰাণীৰ ক্ষেত্ৰত যথেষ্ট চহকী। বনকুকুৰা, কাঠনি বোৱাৰী, পাকৈঢোৰা, বাঢ়ৈটোকা, পাতি ময়না, ভীমৰাজ, সখিয়তী আৰু ভাটো ইয়াৰে কিছুমান উল্লেখযোগ্য চৰাই। ইয়াত গুৰুতৰভাৱে বিপন্ন পশ্চিমীয়া হলৌ বান্দৰৰ লগতে চচমা-চকুৱা বান্দৰ, টুপীমূৰীয়া বান্দৰ, লাজুকী বান্দৰ, উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ আৰু মলুৱা বান্দৰ বসবাস কৰে। এছিয়াৰ ক'লা ভালুক আৰু ৰাংকুকুৰো ইয়াত স্বল্পসংখ্যকভাৱে পোৱা যায়।
অধিক সাধাৰণ স্তন্যপায়ী প্ৰাণী প্ৰজাতিৰ ভিতৰত সুগৰী পহু, বনৰীয়া গাহৰি, মেচেকা, চিতা মেকুৰী (Prionailurus bengalensis), হেপা, হাগা গেন্দেৰা, মাস্কড পাম চিভেট (Paguma larvata), জহামাল, হালধীয়া ডিঙিৰ মাৰ্টেন (Martes flavigula), নেউল (Urva urva), শিয়াল, কেঁটেলা পহু (Atherurus macrourus), চীনা বনৰৌ আদি উল্লেখযোগ্য।
ৰাষ্ট্ৰীয় বন বিভাগৰ লগতে "নিসৰ্গ" নামৰ এটা বেচৰকাৰী সংস্থাই, তেওঁলোকৰ "নিসৰ্গ সহায়তা প্ৰকল্প"ৰ সৈতে উদ্যানখন চোৱা-চিতা কৰে। সংৰক্ষণ কৰাৰ উপৰিও অৰণ্যৰ কাষত তেওঁলোকে ইক’-ট্যুৰ প্ৰদান কৰে। এই বেচৰকাৰী সংস্থাটোৱে তাত কিছুমান আড়ম্বৰপূৰ্ণ সামগ্ৰীও বিক্ৰী কৰে।[3]
![]() |
ৱিকিমিডিয়া কমন্সত সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |