সিদ্ধাৰ্থ মালহোত্ৰা | |
---|---|
২০২৪ চনত মালহোত্ৰা | |
জন্ম | ১৬ জানুৱাৰী, ১৯৮৫ (৩৯ বছৰ) দিল্লী, ভাৰত |
শিক্ষানুষ্ঠান | শ্বহীদ ভগত সিং মহাবিদ্যালয় |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ২০১২ – বৰ্তমান |
দাম্পত্যসঙ্গী | কিয়াৰা আদৱানী (বি. ২০২৩) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সম্পূৰ্ণ তালিকাখন চাওঁক |
সিদ্ধাৰ্থ মালহোত্ৰা ([sɪˈd̪ʱːaːrt̪ʰ məlˈɦoːt̪raː]; জন্ম: ১৬ জানুৱাৰী ১৯৮৫)[1][2] এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এগৰাকী ফেশ্বন মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল। কৰণ জোহৰ পৰিচালিত ২০১২ চনৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰত তেওঁ পোনপ্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
তাৰ পিছত মালহোত্ৰাই ব্যৱসায়িকভাৱে সফল হোৱা ছবি যেনে ৰোমান্টিক কমেডী ছবি হাছি তোহ ফচি (২০১৪), থ্ৰিলাৰ ছবি এক ভিলেইন (২০১৪) আৰু পাৰিবাৰিক ছবি কাপুৰ এণ্ড সন্স (২০১৬) আদিত অভিনয় কৰে। ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে তেওঁ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত স্থান লাভ কৰিছিল।[3] এ জেন্টলমেন (২০১৭), আইয়াৰী (২০১৮) আৰু জবৰিয়া জোড়ী (২০১৯)ৰ দৰে তেওঁৰ বহুকেইখন ছবি বক্স অফিছত বিফল হয়। কেৰিয়াৰৰ অৱনতিৰ পাছত, তেওঁ যুদ্ধমূলক ছবি শ্বেৰশ্বাহ (২০২১)ত বিক্ৰম বাত্ৰাৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখনে দৰ্শক তথা সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু তেওঁ "শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা"ৰ বাবে মনোনয়ন লাভ কৰে।[4] ২০২৪ চনত তেওঁ একচন থ্ৰিলাৰধৰ্মী ৱেব ধাৰাবাহিক ইণ্ডিয়ান পুলিচ ফৰ্চত মুখ্য চৰিত্ৰত অভিনয় কৰে।
অভিনয়ৰ উপৰিও তেওঁ কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ এম্বেছাদৰ হিচাপে কাম কৰে। ২০২৩ চনত অভিনেত্ৰী কিয়াৰা আদৱানীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷
ভাৰতৰ দিল্লীৰ এটি পাঞ্জাবী হিন্দু পৰিয়ালত মালহোত্ৰাই জন্মগ্ৰহণ কৰিছিল।[5] তেওঁৰ পিতৃ মাৰ্চেণ্ট নেভিৰ প্ৰাক্তন অধিনায়ক সুনীল মালহোত্ৰা আৰু মাতৃ ৰিম্মা মালহোত্ৰা।[6]
মালহোত্ৰাই ডন বস্কো স্কুল (অলকানন্দা, নতুন দিল্লী), আৰু দিল্লীৰ নেভাল পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।[7] ইয়াৰ পিছত তেওঁ দিল্লীৰ শ্বহীদ ভগত সিং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।[8] [9][10] ১৮ বছৰ বয়সত তেওঁ মডেলিং আৰম্ভ কৰে। সফলতা লাভ কৰে যদিও তেওঁ এই বৃত্তিটোত অসন্তুষ্ট হয় আৰু চাৰি বছৰৰ পাছত বৃত্তিটো এৰি দিয়াৰ সিদ্ধান্ত লয়।[5]
ৱিকিমিডিয়া কমন্সত সিদ্ধাৰ্থ মালহোত্ৰা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |