সুচিত্ৰা ভট্টাচাৰ্য | |
---|---|
![]() | |
জন্ম | ১০ জানুৱাৰী, ১৯৫০ ভাগলপুৰ, বিহাৰ, ভাৰত |
মৃত্যু | ১২ মে', ২০১৫ ঢাকুৰিয়া, কলকাতা, ভাৰত |
পেচা | লেখক |
মাতৃশিক্ষায়তন | কলকাতা বিশ্ববিদ্যালয় |
উল্লেখনীয় কৰ্মৰাজি | হেমন্তেৰ পাখী, দহন (১৯৯৭ চলচ্চিত্ৰ), কাষেৰ মানুষ |
সুচিত্ৰা ভট্টাচাৰ্য (ইংৰাজী: Suchitra Bhattacharya; ১০ জানুৱাৰী ১৯৫০ – ১২ মে’ ২০১৫) এগৰাকী ভাৰতীয় ঔপন্যাসিক,[1] হেমন্তেৰ পাখী, কাষেৰ মানুষ, অলীক সুখ, ইচ্ছে আৰু কাচেৰ দেৱাল আদি ৰচনাৰ বাবে পৰিচিত।[2][3] লেখিকা হিচাপে কাম কৰাৰ সময়ছোৱাত তেওঁ ২০খনতকৈও অধিক উপন্যাস আৰু বহুতো চুটিগল্প ৰচনা কৰিছিল।[4] তেওঁৰ উপন্যাস দহনক ১৯৯৭ চনত একে নামত চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰা হয়[4] আৰু তেওঁৰ উপন্যাস ইচ্ছেৰ গাছ, অলীক সুখ আৰু ৰামধনু ৰঙক শিৱপ্ৰসাদ মুখাৰ্জীয়ে চলচ্চিত্ৰ আৰু অন্য বসন্তক অদিতি ৰয়ে টিভি চলচ্চিত্ৰৰ ৰূপ দিয়ে।[5]
সুচিত্ৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯৫০ চনত বিহাৰৰ ভাগলপুৰত।[2] শৈশৱৰ পৰাই তেওঁ লিখাৰ প্ৰতি আগ্ৰহী আছিল। ভট্টাচাৰ্যই কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছোৱালীৰ শিক্ষাপ্ৰতিষ্ঠান যোগমায়া দেৱী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[6]
যৌৱনৰ আৰম্ভণিতে বহুতো মন-পচন্দ নোহোৱা চাকৰি কৰাৰ পিছত তেওঁ অসামৰিক সেৱাত যোগদান কৰে আৰু ২০০৪ চনত চাকৰি এৰি পূৰ্ণকালীন লেখিকা হয়। ১৯৭০ দশকৰ শেষৰ ফালে[7] তেওঁ লিখিবলৈ আৰম্ভ কৰে আৰু ১৯৮০ দশকৰ মাজভাগত উপন্যাসত হাত দিয়ে। তেওঁৰ উপন্যাস কাচেৰ দেৱালৰ জৰিয়তে আৰম্ভণিতেই সফলতা মুখ দেখে।
তেওঁৰ লেখাত সমসাময়িক সামাজিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নিজৰ জীৱনৰ অভিজ্ঞতাবোৰ তেওঁৰ বহু গল্প আৰু উপন্যাসত প্ৰতিফলিত হোৱা দেখা যায়। ভট্টাচাৰ্য সমসাময়িক নাৰী লেখিকা সংগীতা বন্দ্যোপাধ্যায় আৰু তিলোত্তমা মজুমদাৰৰ প্ৰতি উৎসাহী আছিল আৰু আশাপূৰ্ণা দেৱী আৰু মহাশ্বেতা দেৱীৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল।[8] তেওঁৰ উপন্যাস আৰু চুটিগল্পসমূহ হিন্দী, তামিল, তেলেগু, মালায়ালম, উৰিয়া, মাৰাঠী, গুজৰাটী, পাঞ্জাবী আৰু ইংৰাজীলৈ অনূদিত হৈছে। তেওঁ শিশুৰ বাবেও উপন্যাস আৰু চুটিগল্প ৰচনা কৰিছে।
তেওঁৰ দহন উপন্যাসক ১৯৯৭ চনত বাংলা পৰিচালক ঋতুপৰ্ণ ঘোষে একে নামেৰ ছবিলৈ ৰূপান্তৰিত কৰে।[4] "ইচ্ছেৰ গাছ" শীৰ্ষক চুটিগল্পটোক ইচ্ছে নামেৰে চলচ্চিত্ৰৰ ৰূপ দিয়া হৈছে; ছবিখন পৰিচালনা কৰিছে শিৱপ্ৰসাদ মুখাৰ্জী আৰু নন্দিতা ৰয়ে।[8] "হেমন্তৰ পাখী"কো উৰ্মি চক্ৰৱৰ্তীয়ে চলচ্চিত্ৰ ৰূপ দিছে।
বঙালী সাহিত্যৰ কেইটামান উল্লেখনীয় মহিলা ডিটেক্টটিভ চৰিত্ৰৰ অন্যতম- মিতিন মাসীৰ (মিতিন মাহী) সৃষ্টিকৰ্তা সুচিত্ৰা ভট্টাচাৰ্য। এই চৰিত্ৰটোৰ যোগেদি তেওঁ বঙালী অপৰাধমূলক কল্প-কাহিনীৰ ধাৰাটোলৈকেও বিশিষ্ট অৱদান আগবঢ়াইছে।[9] মিতিন মাসী চিৰিজৰ প্ৰথম উপন্যাস আছিল- সাৰাণ্ডাই চয়তান; তাৰ পিছৰবোৰ হ’ল- সৰ্প ৰহস্য সুন্দৰবনে, ঝানু ঝিয়েন হত্যা ৰহস্য, দুঃস্বপ্ন বাৰবাৰ
২০১৫ চনৰ ১২ মে'ত ৬৫ বছৰ বয়সত কলকাতাৰ ঢাকুৰীয়াৰ বাসভৱনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ভট্টাচাৰ্যৰ মৃত্যু হয়।[10]
ভট্টাচাৰ্যই বহুতো বঁটা-বাহন লাভ কৰিছে, তাৰ ভিতৰত আছে- ২০০৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ভূবন মোহিনী পদক, ১৯৯৬ চনত নঞ্জনাগুডু তিৰুমালম্বা ৰাষ্ট্ৰীয় বঁটা, ১৯৯৭ চনত কথা বঁটা, ২০০০ চনত তাৰাশংকৰ বঁটা, ২০০১ চনত দ্বিজেন্দ্ৰলাল বঁটা, ২০০২ চনত শৰৎ পুৰস্কাৰ আদি। তাৰোপৰি আছে ভাৰত নিৰ্মাণ বঁটা, সাহিত্যা সেতু বঁটা, শৈলজানন্দ স্মৃতি পুৰস্কাৰ, দীনেশ চন্দ্ৰ স্মৃতি পুৰস্কাৰ (২০১৫), মাতি নন্দী বঁটা (২০১২) আদি।[4]