সুভাষ ঘাই | |
---|---|
২০০৭ চনত ঘাই | |
জন্ম | ২৪ জানুৱাৰী, ১৯৪৫ (৭৯ বছৰ) নাগপুৰ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ মহাৰাষ্ট্ৰ, ভাৰত)[1] |
শিক্ষানুষ্ঠান | ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউ অৱ ইণ্ডিয়া |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৬৭–বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | মুক্তা ঘাই (বি. ১৯৭০) |
সন্তান | দুজন |
ৱেবছাইট | |
muktaarts |
সুভাষ ঘাই (ইংৰাজী: Subhash Ghai; জন্ম: ২৪ জানুৱাৰী ১৯৪৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা, গীতিকাৰ, সংগীত পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁ মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কৰা তেওঁৰ কামৰ বাবে জনাজাত। বলিউডৰ অন্যতম বিশিষ্ট আৰু সফল চলচ্চিত্ৰ নিৰ্মাতাৰূপে তেওঁ নাম কৰিছিল আৰু ৮০ আৰু ৯০ৰ দশক জুৰি হিন্দী চলচ্চিত্ৰ জগতত প্ৰভাৱ বিস্তাৰ কৰিছিল।[2] তেওঁৰ আটাইতকৈ উল্লেখযোগ্য চিনেমাসমূহ হৈছে; কালিচৰণ (১৯৭৬), বিশ্বনাথ (১৯৭৮), কৰ্জ (১৯৮০), হিৰো (১৯৮৩), বিধাতা (১৯৮২), মেৰী জং (১৯৮৫), কৰ্ম (১৯৮৬), ৰাম লখন (১৯৮৯), সৌদাগৰ (১৯৯১), খলনায়ক (১৯৯৩), পৰদেশ (১৯৯৭) আৰু তাল (১৯৯৯)।[3]
১৯৮২ চনত, তেওঁ মুক্তা আৰ্টছ প্ৰাইভেট লিমিটেড আৰম্ভ কৰে। ঘাই ইয়াৰ কাৰ্যবাহী অধ্যক্ষ পদত অধিষ্ঠিত হৈ থাকোঁতে ২০০০ চনত কোম্পানীটোৱে ৰাজহুৱা কোম্পানীৰ মৰ্যাদা পায়। ২০০৬ চনত তেওঁ সামাজিক সমস্যা ভিত্তিক ছবি ইকবালৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। একে বছৰতে তেওঁ মুম্বাইত হুইচলিং উডছ ইণ্টাৰনেচনেল চলচ্চিত্ৰ আৰু মিডিয়া প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল।[4] ২০১৫ চনত তেওঁ ভাৰতীয় চলচ্চিত্ৰলৈ অসামান্য অৱদানৰ বাবে আইফা বঁটা লাভ কৰে।[5] তেওঁৰ চলচ্চিত্ৰসমূহ ইয়াৰ আইকনিক চৰিত্ৰ, বিশাল ছেট আৰু ক্লাইমেক্সৰ বাবে জনাজাত। ন্যায় বা কৰ্তব্যবোধ আছিল তেওঁৰ চিনেমাৰ বিষয়বস্তু। তেওঁ নিৰ্মাণ কৰা প্ৰায়সংখ্যক চলচ্চিত্ৰই ক্লাছিক চলচ্চিত্ৰৰ মৰ্যাদা লাভ কৰিছিল।
সুভাষ ঘাইৰ জন্ম হৈছিল ভাৰতৰ নাগপুৰত। তেওঁৰ দেউতাক দিল্লীৰ এজন দন্ত চিকিৎসক আছিল। তেওঁ হাৰিয়ানাৰ ৰৌতকৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছত তেওঁ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াত নামভৰ্তি কৰে আৰু ইয়াৰপৰা চিনেমা নিৰ্মাণ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।[6]
ৰাজ্যসভা টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঘাইয়ে উল্লেখ কৰিছিল যে; এফ টি আই আইৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ বোম্বাইলৈ আহিছিল, কিন্তু চিনাকী নোহোৱাৰ বাবে কোনো ষ্টুডিঅ’ত তেওঁক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল।
ঘাইয়ে তকদীৰ (১৯৬৭) আৰু আৰাধনা (১৯৬৯) চলচ্চিত্ৰত সৰু দুটি চৰিত্ৰত অভিনয় কৰি হিন্দী চলচ্চিত্ৰত কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ ১৯৭০ ৰ দশকত উমঙ আৰু গুমৰাহত মুখ্য পুৰুষ চৰিত্ৰত অভিনয় কৰিছিল।[1] তেওঁৰ পৰিচালনাৰ প্ৰথম ছবি আছিল একচন থ্ৰীলাৰ কালিচৰণ (১৯৭৬)। এই চিনেমাখনৰ বাবে শত্ৰুঘ্ন সিনহাই তেওঁৰ নামটো প্ৰস্তাৱ কৰিছিল।
১৯৮০ আৰু ১৯৯০ৰ দশকত, তেওঁ দিলীপ কুমাৰৰ সৈতে তেওঁৰ ছবি বিধাতা (১৯৮২), কৰ্মা (১৯৮৬) আৰু সৌদাগৰ (১৯৯১) নিৰ্মাণ কৰি শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। এয়া আছিল তেওঁৰ জীৱনৰ প্ৰথমটো ফিল্মফেয়াৰ বঁটা। তেওঁ জেকি শ্ৰুফক এগৰাকী আগশাৰীৰ একচন ৰোমাঞ্চ হিৰো (১৯৮৩)হিচাপে পৰিচয় কৰাইছিল আৰু মেৰী জং (১৯৮৫) চলচ্চিত্ৰৰ দ্বাৰা অনিল কাপুৰৰ উদীয়মান অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। শ্ৰুফ আৰু কাপুৰৰ সৈতে তেওঁ সঘনাই কাম কৰিছিল, দুয়োজনকে কৰ্মা (১৯৮৬), ৰাম লখন (১৯৮৯) আৰু ত্ৰিমূৰ্তি (১৯৯৫) চলচ্চিত্ৰত একেলগে কাষ্ট কৰিছিল। সঞ্জয় দত্ত, মাধুৰী দীক্ষিত আৰু শ্ৰুফ অভিনীত খলনায়ক তেওঁৰ এক উল্লেখযোগ্য ছবি। এই চলচ্চিত্ৰখনৰ নায়ক নহয় খলনায়ক হু মেইন গীতটি জনপ্ৰিয় হৈছিল চোলি কে পীচে কেয়া হে গীতটোৱে চৰ্চা লাভ কৰিছিল।
১৯৯৭ চনত তেওঁ শ্বাহৰুখ খান আৰু নৱাগত মহিমা চৌধুৰী আৰু অপূৰ্ব অগ্নিহোত্ৰীক লৈ সাংগীতিক ৰোমাণ্টিক ছবি পৰদেশ পৰিচালনা কৰে। ১৯৯৯ চনত তেওঁ ঐশ্বৰ্য ৰায়, অক্ষয় খান্না আৰু অনিল কাপুৰে অভিনয় কৰা সাংগীতিক ৰোমাণ্টিক ছবি তাল পৰিচালনা কৰে। পৰদেশ আৰু তাল দুয়োখন চিনেমা আন্তৰ্জাতিক ভাৱে মুক্তি দিয়া হৈছিল। তেওঁৰ তাৰ পিছৰ দুখন চলচ্চিত্ৰ আছিল ক্ৰমে, য়াঁদে (২০০১) আৰু কৃষ্ণা (২০০৫)। তাৰ পিছত তেওঁ পৰিচালনাৰ পৰা বিৰতি লয় আৰু এতৰাজ (২০০৪), ইকবাল (২০০৫), ৩৬ চাইনা টাউন (২০০৬) আৰু পনা স্বপ্না মানি মানি (২০০৬) কে ধৰি কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনা কৰে। ২০০৬ চনত তেওঁ মুম্বাইত নিজৰ চলচ্চিত্ৰ প্ৰতিষ্ঠান হুইচলিং উডছ ইণ্টাৰনেচনেল স্থাপন কৰে।[7] প্ৰতিষ্ঠানটোত শিক্ষাৰ্থীসকলক চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণৰ লগতে প্ৰযোজনা, পৰিচালনা, চিনেমাটোগ্ৰাফী, অভিনয়, এনিমেচন শিকোৱা হয়। ঘাইয়ে তেওঁ পৰিচালনা কৰা চিনেমাত চমু কেমিঅ’ ৰোলত অভিনয় কৰিছে।
পৰিচালনাৰ পৰা তিনি বছৰ বিৰতি লোৱাৰ পিছত, ২০০৮ চনৰ ৭ মাৰ্চ তাৰিখে তেওঁ ব্লেক এণ্ড হোৱাইট চলচ্চিত্ৰৰ সৈতে উভতি আহে আৰু একে বছৰৰে নৱেম্বৰ মাহত যশ সিংঘানিয়া (পুৰস্কাৰ প্ৰাপ্ত সাংবাদিক আৰু লেখক)ৰ সহযোগত য়ুৱৰাজ মুক্তি দিয়ে। কিন্তু য়ুৱৰাজ বাণিজ্যিক ভাৱে অসফল হয়। এ আৰ ৰহমানে এটা সাক্ষাৎকাৰত কৈছিল যে; ঘাইয়ে য়ুৱৰাজ চলচ্চিত্ৰৰ এটা গানত জয় হ’ শব্দকেইটা ব্যৱহাৰ কৰিবলৈ কৈছিল।[8] কিন্তু য়ুৱৰাজত নহৈ স্লামডগ মিলিয়নেয়াৰ (২০০৮) চলচ্চিত্ৰত গানটো প্ৰদৰ্শিত হয় আৰু ৮১ তম একাডেমী বঁটাত শ্ৰেষ্ঠ মূল গীতৰ অস্কাৰ বঁটা লাভ কৰে।
২০১৮ চনৰ মে’ মাহত কাঁন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সুভাষ ঘায়ে ঘোষণা কৰিছিল, তেওঁ ইটালীৰ এটা প্ৰযোজনা সংস্থাৰ সৈতে অশ’ ৰজনীশৰ ওপৰত এখন জীৱনীমূলক ছবিৰ সহ-প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখনৰ পৰিচালনা লক্ষেন চুকমেলিৰ।[9][10][11]
বৰ্ষ | বঁটা | বিভাগ | চলচ্চিত্ৰ |
---|---|---|---|
১৯৯২ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ পৰিচালক | সৌদাগৰ |
১৯৯৮ | শ্ৰেষ্ঠ চিত্ৰনাট্য | পৰদেশ | |
২০২২ | জীৱনজোৰা সাধনা বঁটা | ||
২০০৬ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | সামাজিক সমস্যা ভিত্তিক শ্ৰেষ্ঠ চলচ্চিত্ৰ | ইকবাল |
২০১৫ | আইফা বঁটা | জীৱনজোৰা সাধনা বঁটা | |
বিজনেচ ৱৰ্ল্ড | চিনেমাৰ প্ৰদৰ্শনীৰ ক্ষেত্ৰত অগ্ৰণী অৱদান (Pioneering contribution in the field of Cinema Exhibition) | ||
২০১৭ | স্ক্ৰীণ এৱাৰ্ড | জীৱনজোৰা সাধনা বঁটা | |
অমৰ উজালা | লাইফটাইম এক্সিলেঞ্চ | ||
২০১৮ | ইকনমিক টাইমচ্-এজ | আইকনিক ব্ৰেণ্ড অৱ ইণ্ডিয়ান চিনেমা | |
২০১৯ | 1st Diorama International Film Festival & Market | জীৱনজোৰা সাধনা বঁটা | |
২০২২ | ফিল্মফেয়াৰ বঁটা | জীৱনজোৰা সাধনা বঁটা |