গৃহিণী নোহোৱা এখন ঘৰৰ দৰে, নাৰী নোহোৱা কোনো ক্ৰীড়াকৌতুকৰ দৰে, সুৰসুন্দৰীৰ অবিহনে কীৰ্তিচিহ্ন একোটা নিম্নমানৰ হ'ব আৰু ইয়াৰ কোনো ফল নধৰিব।
সুৰসুন্দৰী (সংস্কৃত: सुरसुंदरी) হৈছে নাৰী সৌন্দৰ্য্য আৰু আবেদনময়ী ভাৱ প্ৰকাশিত প্ৰাচীন ভাৰতীয় যুৱতীৰ এক বিশেষ ভাস্কৰ্য।[2]
সুৰসুন্দৰী ভাৰতৰ বহু মন্দিৰৰ দেৱাল আদিত খোদিত থকা দেখা যায়। ইয়াৰ অৰ্থ হৈছে সুৰ বা দেৱলোকৰ সুন্দৰী যুৱতী। এওঁলোকক মূলত যক্ষিনী বুলি ধাৰণা কৰা হয়। এই সকলক দেৱ-দেৱী সকলৰ মূৰ্তিৰ আশে-পাশে গৃহপৰিচাৰিকা ৰূপত খোদিত কৰা হয়। এই সকল নৃত্যৰত অপ্সৰাৰ ৰূপটো বৰ্ণিত হয়।[3] শালভঞ্জিকা, সুৰসুন্দৰী সকলৰ আন এক ৰূপ।[1] এই সুন্দৰী সকলক মধ্যযুগত নিৰ্মিত মন্দিৰ বিশেষকৈ মৌৰ্য যুগৰ পিছৰ মন্দিৰ সমূহত দেখা যায়। নৱম শতিকাৰ এখন তান্ত্ৰিক স্থাপত্য সম্বন্ধীয় পাঠ্যত উল্লেখ থকা মতে সেই সময়ত সুৰসুন্দৰী খোদিত নোহোৱা স্থাপত্য আদি নিম্ন মানদণ্ডৰ তথা ফলদায়ক নহয় বুলি ভৱা হৈছিল।[1][4] এগৰাকী মহিলাৰ জীৱনৰ বিভিন্ন স্তৰ আৰু এওঁলোকৰ ৰূপ সৌন্দৰ্য্য এই ধৰণৰ ভাস্কৰ্য সমূহত চিত্ৰিত কৰা হয়। ভাস্কৰ্য শিল্পী সকলে মন্দিৰলৈ অহা ভক্ত সকলক আকৰ্ষণৰ উদ্দেশ্যে এই সমূহ খোদিত কৰিছিল। ১৫ শতিকাৰ সংস্কৃত পাঠ্য "ক্ষীৰাৰ্নভ"ত সুৰসুন্দৰীৰ বিশদ বিবৰণ পোৱা যায়, ইয়াত উল্লেখ থকা মতে সুৰ-সুন্দৰী সকলৰ অধো-দৃষ্টি আছিল, অৰ্থাৎ তেওঁলোকে আনৰ প্ৰতি প্ৰত্যক্ষ দৃষ্টি নিক্ষেপ নকৰিছিল।[5]
ধৰ্মীয় স্থান সমূহত সুৰসুন্দৰী সকলৰ উপস্থিতি সম্পৰ্কে পণ্ডিত সকলে বিভিন্ন ব্যাখ্যা আগবঢ়াইছে। এক আধ্যাত্মিক ব্যাখ্যা অনুসৰি এই সকলে শক্তি ( স্ত্ৰী ব্ৰহ্মডিম্বিয় ওজঃ )ক প্ৰতিনিধিত্ব কৰে আৰু এওঁলোকক শুভ আৰু ক্ষমতা পৰায়ণ উভয় ৰূপতে বিশ্বাস কৰা হয়। এক ধৰ্মনিৰপেক্ষ ব্যাখ্যা অনুসৰি সুৰসুন্দৰী সকলে সেইজন ৰজাৰ সমৃদ্ধিক প্ৰতিনিধিত্ব কৰে যিয়ে এই মন্দিৰ সমূহ নিৰ্মাণ কৰাইছিল।[6]
![]() |
ৱিকিমিডিয়া কমন্সত Surasundari সম্পৰ্কীয় মিডিয়া ফাইল আছে। |