স্বয়ম্বৰম | |
---|---|
স্বয়ম্বৰমৰ পোষ্টাৰ | |
পৰিচালক | আদুৰ গোপালকৃষ্ণন |
ৰচনা | আদুৰ গোপালকৃষ্ণন কে পি কুমাৰন |
কাহিনী | আদুৰ গোপালকৃষ্ণন |
অভিনয়ত | মধু সাৰদা |
চিত্ৰগ্ৰহণকাৰী | মানকড়া ৰবি বাৰ্মা |
সম্পাদনা | ৰমেশন |
সংগীত পৰিচালক | এম বি শ্ৰীনিবাসন |
প্ৰযোজনা কোম্পানী |
চিত্ৰলেখা ফিল্ম কো-অপাৰেটিভ |
পৰিবেশক | চিত্ৰলেখা ফিল্ম কো-অপাৰেটিভ |
মুক্তি |
২৪ নৱেম্বৰ ১৯৭২ |
দৈৰ্ঘ্য |
১৩১ মিনিট |
দেশ | ভাৰত |
ভাষা | মালয়ালম |
বাজেট | ₹২,৫০,০০০ (৩,৫০৫ ডলাৰ)[1] |
স্বয়ম্বৰম (ইংৰাজী: One's Own Choice ) ১৯৭২ চনত মুক্তি পোৱা আদুৰ গোপালকৃষ্ণন পৰিচালিত মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ, য'ত মধু আৰু সাৰদাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আন আন উল্লেখযোগ্য সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল থিক্কুৰিছি সুকুমাৰন নায়াৰ, আদুৰ ভৱানী, কে পি এ চি ললিতা, আৰু ভাৰত গোপীয়ে। পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহপাশত আবদ্ধ হৈ নতুন ঠাইত নতুন জীৱন আৰম্ভ কৰিব বিচৰা এহাল দম্পতী—বিশ্বম আৰু সীতাৰ জীৱনক ছবিখন চিত্ৰিত কৰা হৈছে। ছবিখনৰ শিৰোনামটোৱে বিবাহোপযোগ্যা ছোৱালী এজনীয়ে নিজৰ পচন্দৰ স্বামী বাছি লোৱাৰ প্ৰাচীন ভাৰতীয় প্ৰথাৰ ইংগিত দিয়ে।
স্বয়ম্বৰম পৰিচালক গোপালকৃষ্ণন আৰু মালয়ালম তাৰকা ভাৰত গোপীৰ প্ৰথম ছবি। ছবিখন প্ৰযোজনা কৰিছে আদুৰ গোপালকৃষ্ণনে প্ৰতিষ্ঠা কৰা চিত্ৰলেখা চলচ্চিত্ৰ সমবায়ৰ চলচ্চিত্ৰই। সংগীত এম বি শ্ৰীনিবাসনৰ, চিত্ৰগ্ৰহণ মানকড়া ৰবি বাৰ্মাৰ, সম্পাদনা ৰমেশনৰ। লেখক-পৰিচালক কে পি কুমাৰনে গোপালকৃষ্ণনৰ সৈতে লগ হৈ চিত্ৰনাট্য ৰচনা কৰিছিল। ছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ঋণৰ প্ৰাৰম্ভিক প্ৰস্তাৱ চলচ্চিত্ৰ বিত্ত নিগমে (FFC) নাকচ কৰাত প্ৰকল্পটো আৰম্ভ কৰিবলৈ সাত বছৰ সময় লাগিছিল। পিছলৈ চলচ্চিত্ৰ বিত্ত নিগমে ছবিখনৰ আংশিক বিত্তীয় সাহায্য আগবঢ়ায় আৰু বাকীখিনি ধনৰ যোগান ধৰে চিত্ৰলেখাই।
ছবিখনে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে। ই মালয়ালম চলচ্চিত্ৰত নৱ তৰংগ চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক আছিল আৰু চিংক্ৰোনাইজড্ চাউণ্ড আৰু স্থানীয় আউটডোৰ লোকেচন ব্যৱহাৰ কৰা প্ৰথম প্ৰৰ্যায়ৰ মালয়ালম চলচ্চিত্ৰৰ অন্যতম। স্বয়ম্বৰম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে ধৰি বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু ১৯৭৩ চনত ২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ চাৰিটাকৈ বঁটা লাভ কৰিছিল।
নৱবিবাহিত দম্পতী বিশ্বম আৰু সীতাই পৰিয়ালৰ পছন্দৰ বিপৰীতে বিবাহপাশত আবদ্ধ হৈ ঘৰ এৰি যায়। দুয়ো নতুন ঠাইত নতুন জীৱন আৰম্ভ কৰিব বিচাৰে। প্ৰথম অৱস্থাত তেওঁলোকে এখন ভাল হোটেলত থাকে যদিও টকা-পইচা কমি অহাত এখন সাধাৰণ মানৰ হোটেললৈ স্থানান্তৰ হয়।
শিক্ষিত, নিবনুৱা যুৱক বিশ্বম এজন উচ্চাকাংক্ষী লেখক আৰু তেওঁৰ কিছুমান চুটিগল্প ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পাইছিল। তেওঁৰ সপোন ‘নিবৃত্তি’ শীৰ্ষক তেওঁৰ উপন্যাসখন কাকতত প্ৰকাশ হওক। তেওঁ সম্পাদক এজনক লগ ধৰে, যিয়ে তেওঁৰ উপন্যাসখন পঢ়িবলৈ সন্মত হয় যদিও বিশ্বমৰ পৰিচিতি বা লেখাৰ পৰিমান কম হোৱা বাবে প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে। সীতাই চেলছ গাৰ্ল হিচাপে চাকৰিৰ সুবিধা পায় যদিও প্ৰয়োজনীয় চিকিউৰিটি মানী ১০০০ টকা দিব নোৱাৰাত চাকৰিটো নাপালে। চাকৰি পোৱাৰ কেইবাটাও বিফল প্ৰচেষ্টা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা আৰ্থিক চাপে তেওঁলোকক বস্তিলৈ স্থানান্তৰিত হ’বলৈ বাধ্য কৰায়। অৱশেষত সীতাৰ গহনাও বিক্ৰী কৰিবলগীয়া অৱস্থা হয়।
বিশ্বমে কলেজত প্ৰাণীবিজ্ঞানৰ শিক্ষকৰ চাকৰি পায় যদিও সেইটোও হেৰুৱায়। তাৰ পিছত তেওঁ সামান্য দৰমহাত কাঠৰ দোকানত বৰ্খাস্ত হোৱা এজন কৰ্মচাৰীৰ ঠাইত কেৰাণীৰ চাকৰি কৰিবলৈ লয়। দম্পতীহালে নিজৰ নৱজাত কেঁচুৱাটোৰ সৈতে এখন সুখৰ সংসাৰ গঢ়িবলৈ চেষ্টা কৰে, কিন্তু অতি সোনকালেই তেওঁলোকৰ সপোনবোৰ ম্লান হৈ যায়। বিশ্বম অসুস্থ হৈ পৰে আৰু মৃত্যু হয়। বিশ্বমৰ মৃত্যুৰ পিছত সীতাক নিজৰ পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰি যাবলৈ পৰামৰ্শ দিয়া হয় যদিও দৃঢ়চেতা সীতাই সেইটো কৰিবলৈ অস্বীকাৰ কৰে। ছবিখন শেষ হয় ৰামায়ণৰ সীতা সয়ম্বৰৰ ফটো এখন চাই চাই কেঁচুৱাটোক খুৱাই থকাৰ দৃশ্যৰে।